26/09/2026
স্তন কেঞ্চাৰৰ আগতীয়া চিনাক্তকৰণৰ লক্ষ্যৰে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সকলো কেন্দ্ৰতে উপলব্ধ হৈছে বিনামূলীয়া মেম’গ্ৰাফী পৰীক্ষা। কম-মাত্ৰাৰ ৰেডিঅ’লজী ব্যৱহাৰ কৰি কৰা এই বিশ্বমানৰ স্বীকৃত পৰীক্ষাৰ জৰিয়তে কম সময়তে স্তন কেঞ্চাৰৰ প্ৰাৰম্ভিক অৱস্থা চিনাক্ত কৰিব পৰা যায়।আগতীয়াকৈ ৰোগ ধৰা পৰিলে চিকিৎসাৰ জৰিয়তে আৰোগ্যৰ সম্ভাৱনা বৃদ্ধি পায় আৰু বহু ক্ষেত্ৰত স্তন সংৰক্ষণো সম্ভৱ হয়। নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হওক, আগতীয়াকৈ পৰীক্ষা কৰাওক।