Dikh

Dikh It's a Non Government Organization , working on the field of social-cultural development for the society.

সমাজৰ বাবে কিবা এটা কৰাৰ ইচ্ছা হয়তো বহুতৰে থাকে, কিন্তু অকলে কৰিব নোৱাৰা বহুতো কাম সংঘবদ্ধ ভাৱে কৰাৰ মনেৰে আজি দিশৰ লগত ...
27/09/2026

সমাজৰ বাবে কিবা এটা কৰাৰ ইচ্ছা হয়তো বহুতৰে থাকে, কিন্তু অকলে কৰিব নোৱাৰা বহুতো কাম সংঘবদ্ধ ভাৱে কৰাৰ মনেৰে আজি দিশৰ লগত যোৰহাটৰ বহুকেইজন ব্যক্তি অনুষ্ঠানিকভাবে জড়িত হয়। বিগত সময়চোৱাত দিশৰ কৰ্মৰাজিৰ সৈতে প্ৰত্যক্ষভাবে জড়িত হৈ থকা কেইজনমান ব্যক্তি বিশেষক সন্মানজনক ভাৱে দিশৰ সদস্য পদ প্ৰদান কৰা হয়।
নিত্য নতুন চিন্তাৰে যোৰহাটবাসীৰ শুভকামনা তথা সহযোগিতাৰে সমাজৰ বাবে কিবা অলপ কৰাৰ "দিশ" ৰ যি আদৰ্শ সেয়া নতুন সদস্যসকলৰ সহযোগত অধিক গতি পাওক এয়াই কামনা।

#দিশে দিশে প্ৰতি খোজে
নতুন আশাৰে ...

জুবিন দা কেৱল এগৰাকী শিল্পীয়েই নাছিল, তেওঁ আছিল জীৱ-জন্তুৰ প্ৰতি গভীৰ মৰম আৰু মমতা থকা এজন সংবেদনশীল মানুহ। ❤️তেওঁৰ প্ৰথ...
19/09/2026

জুবিন দা কেৱল এগৰাকী শিল্পীয়েই নাছিল, তেওঁ আছিল জীৱ-জন্তুৰ প্ৰতি গভীৰ মৰম আৰু মমতা থকা এজন সংবেদনশীল মানুহ। ❤️

তেওঁৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ এই দিনটোত, তেওঁৰ প্ৰতি আমাৰ মৰম আৰু শ্ৰদ্ধা সৰু এটা কামৰ জৰিয়তে জীয়াই ৰাখিবলৈ আমি আমাৰ সদস্যসকলৰ সৈতে যোৰহাট নগৰ আৰু দাঁতিকাষৰ অঞ্চলৰ কিছু জীৱ-জন্তুৰ বাবে খাদ্যৰ ব্যৱস্থা কৰোঁ

তেওঁৰ মানৱীয়তা, প্ৰকৃতি আৰু জীৱ-জন্তুৰ প্ৰতি থকা মৰমৰ পৰা অনুপ্ৰেৰণা লৈ—এটি সৰু প্ৰয়াস, এটি আন্তৰিক শ্ৰদ্ধাঞ্জলি।

জুবিন দা, আপুনি নাই যদিও আপোনাৰ মৰম আৰু মানৱীয়তাৰ সুৰ সদায় আমাৰ মাজত জীয়াই থাকিব। 🙏

তেওঁৰ কণ্ঠত অসমে পাইছিল নিজৰ মাটিৰ গোন্ধ, ব্ৰহ্মপুত্ৰৰ সোঁত আৰু মানুহৰ হৃদয়ৰ ভাষা। শতবৰ্ষৰ এই পৱিত্ৰ ক্ষণতো তেওঁৰ সুৰ অ...
08/09/2026

তেওঁৰ কণ্ঠত অসমে পাইছিল নিজৰ মাটিৰ গোন্ধ, ব্ৰহ্মপুত্ৰৰ সোঁত আৰু মানুহৰ হৃদয়ৰ ভাষা। শতবৰ্ষৰ এই পৱিত্ৰ ক্ষণতো তেওঁৰ সুৰ অমলিন, তেওঁৰ সৃষ্টি অমৰ, আৰু তেওঁৰ স্মৃতি চিৰন্তন।
জন্ম শতবাৰ্ষিকী উপলক্ষে ভূপেন হাজৰিকা দেৱক আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ ।

আমাৰ চেষ্টা অব্যাহত আছে । এনেদৰে চলি থাকিব ।পৰিস্থিতি সুস্থিৰ নোহোৱা লৈকে ।
29/08/2026

আমাৰ চেষ্টা অব্যাহত আছে । এনেদৰে চলি থাকিব ।
পৰিস্থিতি সুস্থিৰ নোহোৱা লৈকে ।




বানবিধস্ত ব্যক্তিসকলৰ মাজত আমাৰ দ্বিতীয়টো  বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন ।কালি টীয়ক চিন্তামণিগড়, অনুষ্ঠিত...
24/08/2026

বানবিধস্ত ব্যক্তিসকলৰ মাজত আমাৰ দ্বিতীয়টো বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ সম্পন্ন ।

কালি টীয়ক চিন্তামণিগড়, অনুষ্ঠিত কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটো সফলভাৱে সম্পন্ন হয়। এই শিবিৰত ১০০ৰো অধিক লোকে অংশগ্ৰহণ কৰি বিভিন্ন স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰে।

শিবিৰটোত ৰাইজৰ সাধাৰণ স্বাস্থ্য পৰীক্ষা, ৰক্তচাপ পৰীক্ষা আৰু চিকিৎসকৰ পৰামৰ্শ প্ৰদান কৰাৰ লগতে প্ৰয়োজন অনুসৰি বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়।

বিশেষকৈ, মহিলাসকলৰ স্বাস্থ্য আৰু ব্যক্তিগত পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি Inner Garments আৰু Sanitary Pads-ও বিতৰণ কৰা হয়। এই সৰু প্ৰচেষ্টাৰ জৰিয়তে সমাজৰ প্ৰয়োজনীয় লোকসকলৰ কাষত থিয় দিয়াৰ এক আন্তৰিক প্ৰয়াস কৰা হয়।

এই সমগ্ৰ কাৰ্যসূচী সফল কৰি তোলাত সহায় কৰা চিকিৎসক ডাক্তৰ প্ৰাঞ্জল প্ৰতিম গগৈ আৰু ডাক্তৰ ধীৰাজ পেগু ডাঙৰীয়ালৈ অশেষ ধন্যবাদ লগতে ফাৰ্মাৰ লগত জড়িত প্ৰাণদ্বীপ গোস্বামী ডাঙৰীয়া , লগতে স্বেচ্ছাসেৱকসকল, সহযোগীসকল আৰু স্থানীয় ৰাইজলৈ আমাৰ-ৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

আমি বিশ্বাস কৰোঁ—
সেৱাই মানৱতাৰ আটাইতকৈ সুন্দৰ ৰূপ।

🤝 Caring for You, Serving Our Community.
Together, We Can Bring Back Smiles & Hope.

পুনৰ বানবিধস্ত লোকৰ কাষত ।
22/08/2026

পুনৰ বানবিধস্ত লোকৰ কাষত ।



স্বাধীনতা দিৱস হৈছে মানৱতা, দায়িত্ববোধ আৰু সমাজৰ প্ৰতি আমাৰ কৰ্তব্যক পুনৰ সোঁৱৰণ কৰাৰ এক দিন।এই চিন্তাধাৰাৰেই আজি বৰুৱা ...
15/08/2026

স্বাধীনতা দিৱস হৈছে মানৱতা, দায়িত্ববোধ আৰু সমাজৰ প্ৰতি আমাৰ কৰ্তব্যক পুনৰ সোঁৱৰণ কৰাৰ এক দিন।

এই চিন্তাধাৰাৰেই আজি বৰুৱা চাৰিআলি-ত আয়োজন কৰা হয় “15 August for Assam” শীৰ্ষক এক বিশেষ সামাজিক-সাংস্কৃতিক অনুষ্ঠান।

🎨 অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল চিত্ৰাংকন আৰু Painting on the Theme “FLOOD”, য’ত শিশু, যুৱক-যুৱতী আৰু শিল্পীসকলে নিজৰ সৃষ্টিশীলতাৰ জৰিয়তে অসমৰ বানপানীৰ বাস্তৱ ছবি, মানুহৰ দুখ-কষ্ট আৰু আশাৰ কথা প্ৰকাশ কৰে।

🎶 ইয়াৰ লগতে দেশপ্ৰেমমূলক সংগীত আৰু সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে স্বাধীনতা দিৱস উদযাপন কৰা হয়।

কিন্তু আমাৰ এই আয়োজনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ আছিল সহায়ৰ হাত আগবঢ়োৱা।

ৰাইজৰ পৰা মৰম আৰু সহায়ৰূপে সংগ্ৰহ কৰা কিতাপ, বহী, পেঞ্চিল আৰু অন্যান্য শিক্ষাসামগ্ৰী বানত আক্ৰান্ত পৰিয়ালৰ শিশুসকলৰ বাবে সংগ্ৰহ কৰাৰ প্ৰয়াস। 📚✏️

এয়া হয়তো আমাৰ ফালৰ পৰা সৰু এটা প্ৰয়াস, কিন্তু কোনো এটা শিশুৰ হাতত এখন কিতাপ বা এখন বহী তুলি দিয়াটোও তেওঁৰ শিক্ষাৰ পথত এটা ডাঙৰ আশাৰ বীজ হৈ উঠিব পাৰে। ❤️

আজিৰ এই অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে অংশগ্ৰহণ কৰা প্ৰতিগৰাকী শিশু, শিল্পী, সংগীতশিল্পী, স্বেচ্ছাসেৱক, অভিভাৱক আৰু বিশেষকৈ নিজৰ সামৰ্থ্য অনুসৰি কিতাপ, বহী, পেঞ্চিল আদি আগবঢ়াই সহায় কৰা প্ৰতিগৰাকী শুভাকাংক্ষীলৈ আন্তৰিক কৃতজ্ঞতা। 🙏

জয় হিন্দ 🇮🇳
DIKH দিশ | Barooah Chariali



সকলোকে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ ।অসংখ্য বীৰৰ ত্যাগ আৰু সাহসেৰে অর্জিত এই স্বাধীনতা আমাৰ গৌৰৱ। আহক, ঐক্...
15/08/2026

সকলোকে ৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ ।
অসংখ্য বীৰৰ ত্যাগ আৰু সাহসেৰে অর্জিত এই স্বাধীনতা আমাৰ গৌৰৱ। আহক, ঐক্য আৰু ভাতৃত্ববোধেৰে এখন শক্তিশালী ভাৰত গঢ়ি তোলোঁ।

যিসকলৰ ত্যাগৰ ফলত আজি মুক্তভাৱে কথা ক’ব পাৰিছোঁ, তেওঁলোকক শ্ৰদ্ধা কৰাটোৱেই দেশপ্ৰেম আৰু স্বাধীনতা ।

জয় হিন্দ
বন্দে মাতৰম
ভাৰত মাতা কি জয়
HAPPY INDEPENDENCE DAY TO ALL 🇮🇳

Address

Atolia Goan
Jorhat
785001

Telephone

+916000023711

Website

Alerts

Be the first to know and let us send you an email when Dikh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Dikh:

Shortcuts

Share