প্ৰাক্তন আবাসী সন্মিলন,জবমছা

  • Home
  • India
  • Jorhat
  • প্ৰাক্তন আবাসী সন্মিলন,জবমছা

প্ৰাক্তন আবাসী সন্মিলন,জবমছা This is the official page of Ex Boarders of Jagannath Barooah College Boys' and Girls' Hostel.

26/01/2025

যোৰহাটত দেশৰ ৭৬ তম গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সন্মানীয় মন্ত্ৰী বিমল বড়া দেৱে দিয়া এক ঘণ্টা জোৰা দীঘলীয়া ভাষণত স্থান পালে আমাৰ মৰমৰ প্ৰাক্তন আৱাসী সন্মিলনৰ প্ৰসঙ্গই...... এই ভাষণ শুনি মই অভিভূত হ'লোঁ। গৌৰৱ অনুভৱ কৰিলোঁ। সেই সময়ত মোৰ স'তে আছিল জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ কলেজৰ অধ্যক্ষ ডঃ উৎপলজ্যোতি মহন্ত আৰু হোষ্টেলৰ অধীক্ষক নীলাভ ভূঞা। সমানে উৎফুল্লিত হোৱা দেখিলোঁ তেওঁলোক দুয়োগৰাকীকে।
জয় হো

14/01/2025

ছাত্ৰাৱাসৰ বাকৰিত ভোগালী বিহু উদযাপন।

12/01/2025
24/11/2024

জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰাৱাসৰ প্ৰাক্তন আৱাসী বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী উদ্ধৱ ভৰালী দাদা আহি আজি প্ৰাক্তন আৱাসী সন্মিলনৰ প্ৰস্তুতিৰ বুজ ললেহি। ধন্যবাদ দাদা।

যোৱা ২৮ অক্টোবৰ তাৰিখে on line বৈঠকত গৃহীত সিদ্ধান্ত সমূহ :জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাসৰ প্ৰাক্...
31/10/2024

যোৱা ২৮ অক্টোবৰ তাৰিখে on line বৈঠকত গৃহীত সিদ্ধান্ত সমূহ :
জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাসৰ প্ৰাক্তন আৱাসীসকলৰ মাজত এখন অন লাইন অনুষ্ঠিত হয়। প্ৰাক্তন আৱাসী সন্মিলনৰ সম্পাদক ৰণটু পানীফুকনে উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে সন্মিলনৰ সভাপতি শ্ৰীযুত বিমল বড়াই সকলোকে আদৰণি জনাই প্ৰাক্তন আৱাসী সন্মিলন অনুষ্ঠিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে। তদুপৰি, দুয়োটা হোষ্টেলৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। আনহাতে, ভগ্নপ্ৰায় দুই নম্বৰ ল'ৰাৰ হোষ্টেলৰ স্থানত এটা নতুন হোষ্টেল নিৰ্মাণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ কথাও ৰাইজক অৱগত কৰে। সভাপতি বৰাই আগন্তুক সন্মিলনখনি সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোৰে সহযোগিতা আৰু উপস্থিতি কামনা কৰে।
আজিৰ সভাত সৰ্বসন্মতি ক্ৰমে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হল :
১) আগন্তুক প্রাক্তন আৱাসী সন্মিলনত ছাত্ৰী নিৱাসৰ প্ৰাক্তন আৱাসীসকলৰো অংশগ্ৰহণৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা হয়। সেই অনুসৰি উদযাপন সমিতিখন যৌথভাৱে গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়।
২) মহিলাৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ বাবে ছাত্ৰী নিৱাসৰ পৰা অংশগ্ৰহণ কৰা প্ৰাক্তন আৱাসীসকলক দায়িত্ব অৰ্পণ কৰা হয়। তেওঁলোকে বাছি দিয়া প্ৰতিনিধিসকলক মূল সমিতিত দায়িত্ব অৰ্পণ কৰা হ'ব।
২) সভাপতি বিমল বড়াই ঘোষণা কৰে যে অহা ৬ নৱেম্বৰ তাৰিখে দুয়োটা হোষ্টেলৰ মেৰামতিকৰণৰ কাম আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। সেই উপলক্ষে বিয়লি এক বজাত কমল কুমাৰী বৰুৱা ছাত্ৰী নিৱাস চৌহদত এক চমু অনুষ্ঠান অনুষ্ঠিত হ'ব। সেই দিনাই যৌথ সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হ'ব।
৩) মূল Whatsapp groupত ছাত্ৰী সকলকো অন্তৰ্ভুক্ত কৰিবৰ কাৰণে ছাত্ৰী সকলৰ মাজৰ পৰা ৪/৫ গৰাকী ছাত্ৰীক admin হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিন্ধান্ত গ্ৰহণ কৰা হয়।
৪) যৌথ সমিতি গঠনৰ পাছতহে স্মৃতিগ্ৰন্থ, সাংস্কৃতিক অনুষ্ঠান আদিৰ কাৰ্যসূচী স্থিৰ কৰাৰ বাবেও আজিৰ সভাই পৰামৰ্শ আগবঢ়ায়।
৫) সভাই জ্যেষ্ঠ প্ৰাক্তন আৱাসী তথা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ জ্যোতিৰেখা হাজৰিকাক সমিতিৰ এগৰাকী সন্মানীয় উপদেষ্টা হিচাপে মনোনীত কৰে।

ভাল খবৰ---------------২১ অক্টোবৰ, ২০২৪ তাৰিখটো জগন্নাথ বৰুৱা মহাবিদ্যালয় হোষ্টেল আৰু প্ৰাক্তন আৱাসী সন্মিলনৰ বাবে এক উল্...
22/10/2024

ভাল খবৰ
---------------
২১ অক্টোবৰ, ২০২৪ তাৰিখটো জগন্নাথ বৰুৱা মহাবিদ্যালয় হোষ্টেল আৰু প্ৰাক্তন আৱাসী সন্মিলনৰ বাবে এক উল্লেখযোগ্য দিন। কাৰণ, কালি দিনটোতে প্ৰাক্তন আৱাসী সন্মিলনৰ সভাপতি বিমল বড়া দেৱৰ অফুৰন্ত কৰ্ম-উদ্যম, বিচক্ষণতা আৰু সবল নেতৃত্বত আৰু মহাবিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত হোষ্টেলটোৰ আন্ত:গাঁথনি উন্নয়ন আৰু সমাগত প্রাক্তন আৱাসী সন্মিলনৰ বাবে কেইবাটাও আশাব্যঞ্জক পদক্ষেপ আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়।
১) জগন্নাথ বৰুৱা মহাবিদ্যালয় কর্তৃপক্ষৰ সন্মতি সাপেক্ষে প্রতিজন অগ্ৰজ-অনুজ আৱাসীৰে মধুৰ স্মৃতি বিজড়িত হোষ্টেলৰ মূল প্ৰৱেশ দ্বাৰ পুনৰ খোলাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। আনন্দৰ বিষয় যে মূল গেটত এখন স্থায়ী তোৰণ নিৰ্মাণ কৰি আৱাসী সন্মিলনৰ প্ৰথম দিনাই আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাবেও পৰিকল্পনা যুগুত কৰা হৈছে।
২) যাতায়াতৰ সুচল হোৱাকৈ মূল প্ৰবেশ দ্বাৰৰ পৰা দুয়োটা হোষ্টেলৰ সম্মুখেদি অধীক্ষক বাসভৱন অতিক্রমী কে কে বৰুৱা পথ (এন এন চি অফিচ পর্যন্ত) সংলগ্ন এটি পকী পথ তাৎক্ষণিকভাৱে নিৰ্মাণ কৰাৰ বাবে গড়কাপ্তানী বিভাগে সন্মতি প্ৰকাশ কৰে।
৩) দ পিতনি ৰূপ লোৱা আৰু খেলাৰ অনুপযোগী হৈ পৰা হোষ্টেলৰ খেল পথাৰখন নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ন ৰূপত গঢ়ি তোলাৰ সমান্তৰালকৈ এখন স্থায়ী ভলীবল কোৰ্ট নিৰ্মাণ কৰা হ'ব।
৪) ইতিমধ্যে বসবাসৰ অনুপযোগী হৈ পৰা দুই নং হোষ্টেলটো ভাঙি সেই স্থানত নতুনকৈ এটা হোষ্টেল নিৰ্মাণৰ পদক্ষেপ লোৱা হৈছে। তদুপৰি, এক নম্বৰ হোষ্টেলটো গড় কাপ্তানী (গৃহ) বিভাগৰ পুঁজিৰে পুনৰ মেৰামতি কৰাৰো পদক্ষেপ লোৱা হয়।
৫) সমাগত সন্মিলনখন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি হোষ্টেলৰ শৌচাগাৰ, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাকে ধৰি যাৱতীয় সা-সুবিধা উন্নত কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। গড়কাপ্তানী বিভাগে দুই-এদিনতে এই কাম আৰম্ভ কৰিব।
৬) মহাবিদ্যালয় কর্তৃপক্ষই আকস্মিকভাৱে বন্ধ কৰি দিয়া পুৰণা ছাত্ৰী নিবাসটি কালি সন্মিলনৰ সভাপতি সভাপতি তথা সন্মানীয় মন্ত্ৰী বিমল বড়া দেৱৰ নেতৃত্বত প্ৰাক্তন আৱাসী সন্মিলনৰ বিষয়ববীয়া, মহাবিদ্যালয় কর্তৃপক্ষ, গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্তা সহিতে পৰিদৰ্শন কৰা হয় আৰু পুনৰ ছাত্ৰী থকাৰ উপযোগীকৈ কৰি তোলাৰ বাবে থলীতে সিদ্ধান্ত লোৱা লয়। সেই অনুসৰি হোষ্টেলটিৰ যাবতীয় মেৰামতি কৰাৰ উপৰি শৌচাগাৰ, খোৱাপানীৰ সুব্যৱস্থা আদি শীঘ্ৰে গঢ়ি তোলাৰ পদক্ষেপ লোৱা হৈছে।
৭) আমাৰ সন্মিলনখনত ছোৱালী হোষ্টেলৰ প্ৰাক্তন আৱাসীসকলে যোগদান কৰিব পৰাকৈ এক সিদ্ধান্ত গ্ৰহণ কৰা হয়। বেছ কিছু দিনৰ পৰা প্রাক্তন ছোৱালী আৱাসীসকলে এই সম্পর্কত তেওঁলোকৰ একান্ত ইচ্ছা আমাক অৱগত কৰি আহিছিল।

ছাত্ৰাৱাস আৰু ছাত্ৰী নিবাস দুয়োটাৰে অন্তঃগাঁথনি উন্নয়নৰ বাবে লোৱা বলিষ্ঠ আৰু আন্তৰিকতাপূৰ্ণ পদক্ষেপৰ বাবে সভাপতি বড়া দেৱক সমূহ প্ৰাক্তন আৱাসীৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
চৈয়দ আব্দুল মালিক ছাত্ৰাবাস
Bimal Borah Jogesh Ojha

Address

K. K Barua Path
Jorhat

Website

Alerts

Be the first to know and let us send you an email when প্ৰাক্তন আবাসী সন্মিলন,জবমছা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share