03/09/2026
" সুদক্ষ খেলুৱৈ দেশৰ গৌৰৱ , জাতিৰ ভবিষ্যৎ " ---- এই বাণী সৰোগত কৰি আজি ইং ০৩/০৯/২০২৬ তাৰিখ বৃহস্পতিবাৰে গুৱাহাটীস্থিত ABHIRUCHI INSTITUTE OF PHYSICAL EDUCATION ৰ উদ্যোগত আৰু যোৰহাট জিলাৰ অগ্ৰণী চৰকাৰী পঞ্জীয়ন ভুক্ত স্বেচ্ছাসেৱী সংগঠন PODUM এচ'ছিয়েচনৰ সহযোগত অৰ্জুন বঁটা বিজয়ী বিশিষ্ট ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ ৪৩ সংখ্যক জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় ।
এই উপলক্ষে বামুণ পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনত ছাত্ৰ- ছাত্ৰী আৰু শিক্ষক সকলৰ সহযোগত এক ৰেলী অনুষ্ঠিত কৰা হয় । স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি ধীৰেণ পাঠকে আঁত ধৰা উক্ত অনুষ্ঠানৰ ফ্লেগ অফ কৰি শুভ উদ্বোধন কৰে স্বেচ্ছাসেৱী সংগঠনটোৰ মুখ্য উপদেষ্টা তথা জাঁজী অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য্য ডাঙৰীয়াই । অভিৰুচি ক্ৰীড়া দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ সন্মানীয় প্ৰধান শিক্ষক প্ৰশান্তপ্ৰতীম ভূঞাদেৱে । অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাত বিদ্যালয়ৰ শিক্ষক গোটৰ ফালৰ পৰা শ্ৰদ্ধাৰ সুৰভী খনিকৰ , আইমনি বৰুৱা আৰু প্ৰত্যুষ বৰাদেৱ , স্বেচ্ছাসেৱী সংগঠনৰ উপ সভাপতি অৰুণ বৰুৱা , সহ সম্পাদক অজিত গোস্বামী , বিভাগীয় সম্পাদিকা মৌচুমী বৰগোহাঁই , মৃগাংক ফুকন , বিদ্যুৎ বৰা আদিয়ে বিশেষভাৱে সহযোগিতা আগবঢ়ায় ।
Dhiren Pathok