06/08/2026
অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এগৰাকী পুৰোধা ব্যক্তি, মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ, বৈষ্ণৱ সাহিত্যিক নাৰায়ণ চন্দ্ৰ দেৱগোস্বামীৰ জন্ম হয় ১৯৪০ চনৰ আহিন মাহৰ ৭ তাৰিখ বুধবাৰে (ইং ২৪ চেপ্তেম্বৰ) মাজুলীৰ চামগুৰি সত্ৰত। গোস্বামীদেৱ ৰোসেশ্বৰ দেৱ্গোস্বামী আৰু বসুন্ধৰা আইৰ কনিষ্ঠ পুত্ৰ আছিল। পিতৃ ৰোসেশ্বৰ দেৱগোস্বামী (নতুন চামগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ) আৰু মাতৃ বসুন্ধৰা দেৱীয়ে পুত্ৰস্নেহ ত্যাগ কৰি নাৰায়ণ চন্দ্ৰ গোস্বামীক প্ৰয়াত সত্ৰাধিকাৰ ঘনকান্ত দেৱ গোস্বামীৰ হাতত অৰ্পণ কৰিছিল। ৮ বছৰ বয়সতে কঠোৰ উদাসীন পৰম্পৰা “ঘিঁউত কাইট বচা ” সত্ৰ খনলৈ আনয়ন হৈছিল তেওঁ। ১৯৫০ চনৰ ১৩ মে’ (১৬ জেঠ)ৰ দিনা সত্ৰীয়া পৰম্পৰাৰে শৰন,ভজন গ্ৰহণ কৰি ভকত, নাম, গুৰু, দেৱ চাৰি বস্তু দীক্ষা লৈ কেৱল সত্ৰৰ কঠোৰ নীতি-নিয়মৰ লক্ষ্মণৰেখাৰ মাজত সোমাই পৰিছিল তেওঁ। এনেকৈয়ে তেওঁ সত্ৰৰ নীতি-নিয়ম তথা সত্ৰীয়া সংস্কৃতি নিজৰ আয়ত্তলৈ আনিছিল। ১৯৭২ চনত তেওঁ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ৰূপে নিৰ্মালী গ্ৰহণ কৰে।
নাৰায়ণ চন্দ্ৰ গোস্বামী দেৱে সত্ৰীয়া সংস্কৃতি প্ৰচাৰ আৰু প্ৰসাৰত নিজকে আত্মনিয়োগ কৰিছিল। অসম তথা ভাৰতৰ বিভিন্ন প্ৰদেশ যেনে দিল্লী, উত্তৰ প্ৰদেশ, উৰিষ্যা, তামিলনাড়ু, কেৰালা, মধ্যপ্ৰদেশ, পঞ্জাব, মেঘালয় আদিত অংকীয়া নাট, সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। গুৱাহাটী, ডিব্ৰুগড়, উৰিষ্যাৰ আকাশবাণী কেন্দ্ৰত নাটক, নাম-প্ৰসঙ্গ বাণীবদ্ধকৰণত তেওঁ নিজকে নিমজ্জিত কৰিছিল। তেওঁ গুৰুজনাৰ অন্যতম সৃষ্টি অংকীয়া ভাওনাক সৰ্বস্তৰৰ মাজলৈ প্ৰবাহিত কৰিছিল। ১৯৭৫ চনত ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলি আহমেদদেৱৰ বদন্যতাত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণবৰ সহিতে ‘ৰামবিজয়’ অংকীয়া ভাওনা প্ৰদৰ্শন কৰিছিল। সদৌ অসম অংকীয়া ভাওনা সমাৰোহ ২০০৯ আৰু ২০১০ চনৰ কাৰ্যসূচী আছিল তেওঁৰ অন্যতম লেখত লবলগীয়া কাৰ্যসূচী।
মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয়, শংকৰী কলা কৃষ্টি বিকাশৰ বিভিন্ন অনুষ্ঠানসমূহৰ দায়িত্বৰ উপৰিও অসম সংস্কৃত বোৰ্ডৰ সদস্য আৰু অসম সাংস্কৃতিক বিভাগৰ উপদেষ্টা হিচাপে গোস্বামীদেৱ মনোনীত হৈছিল। ১৯৯১-৯৬ চনৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সদস্য আছিল তেওঁ আৰু উত্তৰ পূব ক্ষেত্ৰত সাংস্কৃতিক কেন্দ্ৰ (North East Zone Cultural Center, Dimapur)-ৰ দুবছৰীয়া কাৰ্য্যকালৰ বাবে সদস্য মনোনীত হৈছিল। তদুপৰি তেওঁ অসম গণনাট্য সংঘৰ উপ সভাপতি, ২০০০-২০০৪ চনৰ বাবে অসম সত্ৰ মহাসভাৰ সভাপতি, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ ‘শংকৰদেৱ অধ্যয়ন আৰু সত্ৰীয়া সংস্কৃতি প্ৰতিষ্ঠান সমিতি’ ৰ সদস্য আছিল। অসম সত্ৰ মহাসভাৰ দুটা কাৰ্যকালৰ সভাপতিৰ আসন অলংকৃত কৰিছিল তেওঁ। ইয়াৰোপৰি অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুখ্য পৃষ্ঠপোষক-উপদেষ্টা হিচাপে উপস্থিত থাকিবলগীয়া হৈছিল নাৰায়ণ চন্দ্ৰ গোস্বামী দেৱ।
নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে বহুকেইখন গ্ৰন্থৰ লগতে বহুতো মূল্যবান প্ৰবন্ধৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। তেওঁ বহুকেইখন নাটক,কবিতাপুথি,অনুবাদ গ্ৰন্থ,সম্পাদনা গ্ৰন্থ আদিৰে সাহিত্যজগতখনত নিজৰ স্থিতি দৃঢ় কৰিবলৈ সক্ষম হৈছে। তদুপৰি তেওঁ অসমত ভাওনা পৰম্পৰাৰ ওপৰত কুৰিখনতকৈয়ো অধিক গ্ৰন্থ ৰচনা কৰে। গোস্বামীদেৱৰ বেছিভাগ গ্ৰন্থই আছিল ভক্তিৰস সম্বলিত আৰু বৈষ্ণৱ সাহিত্যৰ ওপৰত।
তাৰ ভিতৰত কেইখনমান হ'ল:
অস্পৃশ্যতা বৰ্জন (১৯৬৭)
শংকৰী ধৰ্ম সংস্কৃতিৰ অন্তৰ্জল (১৯৭৪)
সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা(১২শ পৃষ্ঠা, ১৯৮৪ চন,)
ব্ৰজাৱলী ভাষাৰ ব্যাকৰণ আৰু অভিধান (১৯৯৩)
অসমত ভাওনাৰ পৰম্পৰা (১৯৯১)
গুৰু কোন? (১৯৯৬)
কীৰ্তনঘোষা আৰু নামঘোষাৰ তত্ত্বাৰ্থ সমীক্ষা (১৯৯৬)
মহাপুৰুষ শংকৰদেৱ আৰু হৰিদেৱ (২০০৫)
শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰ মৌলিকতা বিচাৰ (দুটা খণ্ড, ২০০৯ আৰু ২০১০)
অংকীয়া নাটৰ গদ্যানুবাদ (২০১০)
শ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰবন্ধাৱলী (চাৰিটা খণ্ড)
সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা
সত্ৰীয়া নৃত্যৰ ব্যাকৰণ
শংকৰ চৰিত
শ্ৰীমদভাগৱত গীতা
সদ্যানুবাদ
শংকৰ গোসাই চৰিত (উৰিয়াৰ পৰা অনুবাদ)
হৰিচন্দ উপ্যাখ্যান (গদ্য ৰূপ)
সপ্তকাণ্ড ৰামায়ণৰ অনুবাদ
নাৰায়ণ চন্দ্ৰ গোস্বামী এগৰাকী সত্ৰাধিকাৰ হোৱাৰ উপৰিও সমাজকৰ্মী হিচাপে তেখেতৰ বিশেষ নাম আছিল। সমাজৰ বাবে কৰা জনকল্যাণমূলক কামৰ চানেকী তেওঁ দি থৈ গৈছে। তাৰ ভিতৰত-
‘শংকৰী কলা-কৃষ্টি বিকাশ সমিতি’ নামৰ অনুষ্ঠান গঠন (১৯৭৩)
যোৰহাটত চাহ বাগিচা স্থাপন আৰু চাহ বাগিচা কৰ্মীৰ কল্যাণাৰ্থে ‘শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰ’ গঠন (১৯৭৭)
মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয় স্থাপন (১৯৮১)
শংকৰী নাট্য-নৃত্য কলা মন্দিৰ নামেৰে প্ৰেক্ষাগৃহ প্ৰতিষ্ঠা (১৯৯৩/৯৪)
সত্ৰৰ দুটি দুমহলীয়া অতিথিশালা নিৰ্মাণ
শংকৰ জ্যোতি পুথিভঁৰাল নিৰ্মাণ (২০০২)
গোস্বামীদেৱে কুৰিৰো অধিক বঁটা আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা (২০০৪)
সাহিত্য অকাডেমিৰ ভাষা সন্মান বঁটা
শ্ৰীমন্ত শংকৰদেৱ শিল্প সাধনা বঁটা
চন্দ্ৰ কান্ত হীৰা প্ৰভা ন্যাস বঁটা (২০০২)
মাখন প্ৰসাদ দুৱৰা স্মাৰক বঁটা (২০০৪)
জীৱন জোৰা সাধনা বঁটা
গুৰু শংকৰ মাধৱ বঁটা
কৃষ্ণ নন্দন দুৱৰা বঁটা
সত্ৰৰত্ন উপাধি (২০০৫)
সংস্কৃতি ভূষন
অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন (২০০০)
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সন্মানীয় ডি.লিট. উপাধি (২০১০)
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই প্ৰদান কৰা শশীচন্দ্ৰ বৰবৰুৱা বঁটা (২০১৮) ইত্যাদি।
(সংগৃহীত)