TMPK Dhemaji District Committee

TMPK Dhemaji District Committee Parent's student body of the Mising community which was constituted on 16th October, 1971 at Jonai.

গোগামুখ মহাবিদ্যালয়ত TMPK নতুন শাখা সমিতি গঠন৷আজি গোগামুখ মহাবিদ্যালয়ত টাকাম মিচিং পৰিন কৗবাং (TMPK)-ৰ নতুন শাখা সমিতি...
24/08/2026

গোগামুখ মহাবিদ্যালয়ত TMPK নতুন শাখা সমিতি গঠন৷
আজি গোগামুখ মহাবিদ্যালয়ত টাকাম মিচিং পৰিন কৗবাং (TMPK)-ৰ নতুন শাখা সমিতি গঠন কৰা হয়।
মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক সংগঠিত কৰি জাতীয় চেতনা, শিক্ষা, সামাজিক দায়বদ্ধতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে এই নতুন শাখা সমিতিখন গঠন কৰা হয়।
নৱগঠিত TMPK শাখা সমিতিৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। নতুন সমিতিখনে শিক্ষাৰ্থী সমাজৰ কল্যাণৰ লগতে মিচিং জাতি আৰু সমাজৰ সামগ্ৰিক উন্নয়নৰ বাবে নিষ্ঠা, শৃংখলা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি আশা কৰিলোঁ।
ঐক্যবদ্ধ হওঁ, সংগঠিত হওঁ—
শিক্ষাৰে জাতি আৰু সমাজক আগুৱাই লৈ যাওঁ।

ধেমাজি টাউনত প্ৰথমবাৰৰ বাবে TMMK টাউন সমিতি গঠন৷আজি ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত TMMK ধেমাজি ...
24/08/2026

ধেমাজি টাউনত প্ৰথমবাৰৰ বাবে TMMK টাউন সমিতি গঠন৷
আজি ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত TMMK ধেমাজি টাউন সমিতি গঠন কৰা হয়।
নৱগঠিত সমিতিৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 💐
এই ঐতিহাসিক পদক্ষেপে ধেমাজি টাউনত TMMKৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লগতে মিচিং সমাজৰ নাৰীসকলৰ অধিকাৰ, সন্মান, শিক্ষা, স্বাৱলম্বিতা আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰিলোঁ।
ঐক্যই শক্তি, সংগঠনে গতি।
TMMK I'RROI
MISING RE'NGAM I'RROI ✊

সৌজন্য সাক্ষাৎ আৰু সীমান্তৱৰ্তী অঞ্চলৰ সমস্যাক লৈ গুৰুত্বপূৰ্ণ আলোচনা ৷আজি সন্ধিয়া TMPK আৰু MMK ধেমাজি জিলা সমিতিৰ সভাপ...
19/08/2026

সৌজন্য সাক্ষাৎ আৰু সীমান্তৱৰ্তী অঞ্চলৰ সমস্যাক লৈ গুৰুত্বপূৰ্ণ আলোচনা ৷
আজি সন্ধিয়া TMPK আৰু MMK ধেমাজি জিলা সমিতিৰ সভাপতি-সম্পাদক তথা কেন্দ্ৰীয় সমিতিৰ সহযোগত ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্ৰীযুত প্ৰকাশ সোনোৱাল মহোদয়ক সৌজন্য সাক্ষাৎ কৰি পৰিচিত হোৱাৰ লগতে মিংমাং আঞ্চলিক সমিতিৰ অন্তৰ্গত বদতি গাঁও আৰু তৰাজান আঞ্চলিকৰ অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে সন্মুখীন হৈ অহা বিভিন্ন সমস্যা আৰু বিষয়সমূহৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হওঁ।
আলোচনাকালত বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ নিৰাপত্তা, বিভিন্ন অসুবিধা আৰু দীৰ্ঘদিনীয়া সমস্যাসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। লগতে, উক্ত সমস্যাসমূহৰ সমাধানৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ সহযোগিতা আৰু সক্ৰিয় ভূমিকা কামনা কৰা হয়।
আশা কৰোঁ, সংশ্লিষ্ট কৰ্তৃপক্ষৰ সহযোগিতা আৰু প্ৰয়োজনীয় পদক্ষেপৰ জৰিয়তে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধানৰ দিশত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰা হ’ব।

ধেমাজি বাণিজ্য মহাবিদ্যালয়ত TMPK নতুন শাখা সমিতি গঠন ৷আজি ধেমাজি বাণিজ্য মহাবিদ্যালয়ত তাকাম মিচিং পৰিন কৗবাং (TMPK)-ৰ ...
19/08/2026

ধেমাজি বাণিজ্য মহাবিদ্যালয়ত TMPK নতুন শাখা সমিতি গঠন ৷

আজি ধেমাজি বাণিজ্য মহাবিদ্যালয়ত তাকাম মিচিং পৰিন কৗবাং (TMPK)-ৰ শাখা সমিতি গঠন কৰা হয়।
মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক সংগঠিত কৰি জাতীয় চেতনা, শিক্ষা, সামাজিক দায়বদ্ধতা আৰু গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে এই শাখা সমিতিখন গঠন কৰা হয়।

নৱগঠিত TMPK শাখা সমিতিৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। নতুন সমিতিখনে শিক্ষাৰ্থী সমাজৰ কল্যাণৰ লগতে মিচিং জাতিৰ সামগ্ৰিক উন্নয়নৰ বাবে নিষ্ঠা, শৃংখলা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি আশা কৰিলোঁ।

ঐক্যবদ্ধ হওঁ, সংগঠিত হওঁ—শিক্ষাৰে জাতি আৰু সমাজক আগুৱাই লৈ যাওঁ।

আজি ইং ১৯/০৮/২০২৬ তাৰিখে  মাছখোৱা স্নাতক মহাবিদ্যালয়ত মিচিং ছাত্ৰ-ছাত্ৰীসকলৰ ঐক্য, অধিকাৰ, শৈক্ষিক উন্নয়ন আৰু সামাজিক ...
19/08/2026

আজি ইং ১৯/০৮/২০২৬ তাৰিখে মাছখোৱা স্নাতক মহাবিদ্যালয়ত মিচিং ছাত্ৰ-ছাত্ৰীসকলৰ ঐক্য, অধিকাৰ, শৈক্ষিক উন্নয়ন আৰু সামাজিক দায়বদ্ধতাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে Takam Mising Porin Kébang (TMPK)-ৰ এখন নতুন শাখা সমিতি গঠন কৰা হয়।
গণতান্ত্ৰিক পদ্ধতিৰে গঠন কৰা নতুন শাখা সমিতিখনে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক, সাংস্কৃতিক আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰাৰ লগতে মিচিং সমাজৰ ভাষা, সংস্কৃতি, পৰম্পৰা আৰু অধিকাৰ সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা ৰাখি নৱগঠিত TMPK মাছখোৱা স্নাতক মহাবিদ্যালয় শাখা সমিতিৰ সমূহ বিষয়ববীয়া আৰু সদস্যলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

** আজি শপতগ্ৰহন কৰা TMPK কেন্দ্ৰীয় সমিতিৰ সমূহ সন্মানীয় বিষয় ববীয়াক ধেমাজি জিলা সমিতি TMPK, MMK আৰু TMMK তৰফৰপৰা আন্...
18/08/2026

** আজি শপতগ্ৰহন কৰা TMPK কেন্দ্ৰীয় সমিতিৰ সমূহ সন্মানীয় বিষয় ববীয়াক ধেমাজি জিলা সমিতি TMPK, MMK আৰু TMMK তৰফৰপৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ অনাগত দিনবোৰত আপোনাসবৰ সবল নেতৃত্বত জাতিটোৰ ইতিবাচক সম্বাদ পাম ।

নতুন সমিতিলৈ শুভেচ্ছা আৰু অভিনন্দনআজি ইংৰাজী ১৭/০৮/২০২৬ তাৰিখ সোমবাৰে ধেমাজি কাড়িচুকস্থিত মিচিং আগম কেবাঙৰ মুখ্য কাৰ্যা...
17/08/2026

নতুন সমিতিলৈ শুভেচ্ছা আৰু অভিনন্দন

আজি ইংৰাজী ১৭/০৮/২০২৬ তাৰিখ সোমবাৰে ধেমাজি কাড়িচুকস্থিত মিচিং আগম কেবাঙৰ মুখ্য কাৰ্যালয়ত TMPK ধেমাজি মহাবিদ্যালয় শাখা সমিতিৰ পুৰণি সমিতিখন ভংগ কৰি নতুন সমিতি গঠন কৰা হয়।

নৱগঠিত সমিতিৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। নতুন সমিতিৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাৰ, শিক্ষা আৰু সামাজিক উন্নয়নৰ ক্ষেত্ৰত এক সুদৃঢ় আৰু ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ।

নৱগঠিত সমিতিখনৰ সফলতা কামনা কৰিলোঁ।
TMPK I'RROI !
MISING RE'NGAM I'RROI!

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত এমএচি অঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ জৰিয়তে আৰ্থিক ভাৱে স্বাৱলম্বনৰ বাবে আজি...
17/08/2026

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত এমএচি অঞ্চলৰ নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ জৰিয়তে আৰ্থিক ভাৱে স্বাৱলম্বনৰ বাবে আজিৰ পৰা গ্ৰাম্য জীৱন জীৱিকা সমল কেন্দ্ৰ(RLRC)ত মিচিঙ স্বায়ত্তশাসিত পৰিষদৰ মাননীয় মুখ্য কাৰ্য্যবাহী সদস্য মিগাং পৰমানন্দ চায়েঙীয়া মহোদয়ে দ্বিতীয় পৰ্যায়ৰ কেশকাৰ প্ৰশিক্ষণৰ প্ৰথমটো গোট শুভাৰম্ভ কৰে।
এয়া এক আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেপ মিচিং স্বায়ত্ব শাসিত পৰিষদৰ । পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, অধ্যক্ষ , কাৰ্যবাহী সদস্য, সাধাৰণ সদস্যৰ আৰু সকলো বিষয় ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰোঁ এই প্ৰশিক্ষণৰ জৰিয়তে নিৱনুৱা যুৱক যুৱতীৰ স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰিব।
ধেমাজি জিলা সমিতি TMPK ৰ তৰফৰপৰা প্ৰশংসা আৰু পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।



মিচিং জাতীয় সংগঠন TMPK-ৰ মাননীয় সভাপতি, শ্ৰদ্ধাৰ মিগাং তিলক দলে ডাঙৰীয়ালৈ ধেমাজি জিলা সমিতিৰ তৰফৰপৰা জন্মদিনৰ আন্তৰিক...
17/08/2026

মিচিং জাতীয় সংগঠন TMPK-ৰ মাননীয় সভাপতি, শ্ৰদ্ধাৰ মিগাং তিলক দলে ডাঙৰীয়ালৈ ধেমাজি জিলা সমিতিৰ তৰফৰপৰা জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।


**  মিংমাং বদতি গাঁৱৰ ঘটনাক কেন্দ্ৰ কৰি আজি TMPK,Galo Youth Organization,Lower Siang District Student Union,Adi Ba:né Ké...
16/08/2026

** মিংমাং বদতি গাঁৱৰ ঘটনাক কেন্দ্ৰ কৰি আজি TMPK,Galo Youth Organization,Lower Siang District Student Union,Adi Ba:né Kébang Youth Wing ৰ যুটীয়াভাৱে বৈঠক অনুষ্ঠিত কৰা হয়। বৈঠকৰ অন্তত অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তৰ স্থায়ী সমাধান, ঘটনাত জড়িত দুৰ্বৃত্তক শীঘ্ৰেই কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰা, অৰুণাচলীৰ গুলী চালনাত আঘাতপ্ৰাপ্ত লোকসকলক ক্ষতিপূৰণ ইত্যাদি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খান্দুক।





Address

Dhemaji
787057

Alerts

Be the first to know and let us send you an email when TMPK Dhemaji District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share