Bajali Rural Advancement Society

Bajali Rural Advancement Society Non Profitable Organisation

13/06/2026

আমাৰ কিছু প্ৰকাশিত বাতৰি..

13/06/2026
13/06/2026

আমাৰ কিছু প্ৰচেষ্টাৰ ফল..

বজালীৰ এক অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটিৰ উদ্যোগত আৰু বজালী ইংলিছ মিডিয়াম স্কুলৰ স...
13/06/2026

বজালীৰ এক অন্যতম অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটিৰ উদ্যোগত আৰু বজালী ইংলিছ মিডিয়াম স্কুলৰ সহযোগত যোৱা ৫ জুন, ২০২৬ ইং তাৰিখে বিদ্যালয় প্ৰাংগনত বিশ্ব পৰিৱেশ দিৱস উলহ-মালহেৰে উদযাপন কৰা হয়। চলিত বৰ্ষৰ পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু (Theme) আছিল— "Inspired by Nature. For Climate. For Our Future." (প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। জলবায়ুৰ বাবে। আমাৰ ভৱিষ্যতৰ বাবে।)। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি, দিনৰ ঠিক ১:০০ বজাত এক বৃক্ষৰোপণ কাৰ্যসূচীৰে উক্ত অনুষ্ঠানটিৰ শুভাৰম্ভ কৰা হয়। বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটিৰ সভাপতি হেমন্ত চৌধুৰীয়ে চছাইটিৰ সমূহ সদস্য, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক লগত লৈ এই বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে। এক সেউজ ভৱিষ্যতৰ প্ৰতি থকা দায়বদ্ধতাৰ অংশ হিচাপে চছাইটিৰ তৰফৰ পৰা সমগ্ৰ বজালী অঞ্চলত বিনামূলীয়াকৈ গছপুলি বিতৰণৰ এক সংকল্পও গ্ৰহণ কৰা হয়। ইয়াৰ পিছতে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এক সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে বজালী ইংলিছ মিডিয়াম স্কুলৰ অধ্যক্ষ কমল ভূঞাই। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বজালী জিলাৰ সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশদ্বয় ক্ৰমে— আস্ফাক লস্কৰ আৰু মেৰী কলিতা। তেওঁলোকে শিক্ষাৰ্থী তথা শিক্ষক সমাজক উদ্দেশ্যি এক অত্যন্ত শিক্ষাপ্ৰদ আৰু অনুপ্ৰেৰণাদায়ী বক্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁলোকে পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব আৰু এই ক্ষেত্ৰত যুৱ প্ৰজন্মৰ কৰ্তব্যৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বজালী একাডেমী অৱ এক্সিলেন্সৰ অধ্যক্ষ অভিজিৎ শৰ্মাই এক সাৰুৱা ভাষণ প্ৰদান কৰে লগতে বজালী ইংলিছ মিডিয়াম স্কুলৰ সমন্বয়ক টুনটুন শৰ্মায়ো ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি এক সুন্দৰ বক্তব্য ৰাখে। অনুষ্ঠানৰ শেষৰ ফালে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্যৰ ওপৰত নিজ নিজ আকৰ্ষণীয় বক্তব্য দাঙি ধৰে। সমগ্ৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰাত বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটিৰ সক্ৰিয় সদস্য ক্ৰমে— নিপু তালুকদাৰ, নিশান্ত চৌধুৰী, ৰূপম কলিতা আৰু জুৰিস্মিতা কলিতাই বিশেষ সহযোগিতা আগবঢ়ায়।
সভাৰ অন্তত শলাগৰ শৰাই আগবঢ়ায় চছাইটিৰ সঞ্চালক তথা যুৱ সমাজকৰ্মী মিল্টন চৌধুৰীয়ে। তেওঁ উপস্থিত বিশিষ্ট অতিথি, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা সমূহ ব্যক্তিক অনুষ্ঠানটি সফল কৰি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
ইয়াৰ পিছতে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি চছাইটিৰ তৰফৰ পৰা ক্ৰমে—
বজালী জিলা আয়ুক্তৰ কাৰ্যালয়,
বজালী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় আৰু পাটাছাৰকুচি আৰক্ষী চকীত বিনামূলীয়াকৈ গছপুলি বিতৰণ কৰা হয়। চছাইটিৰ এই সজাগতামূলক প্ৰয়াসক বজালীৰ স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে।

Bajali Rural Advancement Society
Bajali Police

যোৱা ৮ এপ্ৰিল, ২০২৬ ইং তাৰিখে হাউলীৰ বি. এইচ. মহাবিদ্যালয়ৰ ছেমিনাৰ কক্ষত "Civil Services: Shaping Future Leaders for Na...
13/06/2026

যোৱা ৮ এপ্ৰিল, ২০২৬ ইং তাৰিখে হাউলীৰ বি. এইচ. মহাবিদ্যালয়ৰ ছেমিনাৰ কক্ষত "Civil Services: Shaping Future Leaders for Nation Building" শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। স্কৰডেমী আই এ এছ (Scordemy IAS) ৰ উদ্যোগত তথা বি. এইচ. মহাবিদ্যালয় আৰু বজালী ৰুৰেল এডভান্সমেণ্ট ছ'চাইটিৰ যুটীয়া সঞ্চালনত উক্ত অনুষ্ঠানটোৰ আয়োজন কৰা হয়।
এই বিশেষ অনুষ্ঠানটিত মুখ্য অতিথি তথা সমল ব্যক্তি হিচাপে উপস্থিত থাকে এ পি এছ চি (APSC) পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অসম চৰকাৰৰ অসামৰিক সেৱাৰ বিষয়াদ্বয় ক্ৰমে শ্ৰীযুতা মধুস্মিতা ফুকন (এ চি এছ ৰেংক- ৪১) আৰু শ্ৰীযুত আছফাক লস্কৰ ডাঙৰীয়া (এ চি এছ ৰেংক- ২৪)। তেওঁলোকে উপস্থিত ছাত্ৰ-ছাত্ৰী আৰু প্ৰাৰ্থীসকলক অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বিভিন্ন দিশ, ৰণনীতি আৰু সফলতাৰ মূল মন্ত্ৰৰ বিষয়ে অৱগত কৰে। উক্ত মহাবিদ্যালয়ৰে ছাত্ৰী চয়নিকা তালুকদাৰে অতি সুন্দৰভাৱে আঁত ধৰা উক্ত অনুষ্ঠানটোত উদ্বোধনী ভাষণ আগবঢ়ায় বি. এইচ. মহাবিদ্যালয়ৰ বাণিজ্য বিভাগৰ মুৰব্বী অধ্যাপক তথা গৱেষণা আৰু উন্নয়ন কোষৰ সমন্বয়ক ড° বিদ্যুৎ জ্যোতি ভট্টাচাৰ্যই। লগতে বিশেষ অতিথি হিচাপে উপস্থিত থাকে বি. এইচ. মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক দ্বয় ক্ৰমে মৃন্ময় বুজৰবৰুৱা আৰু সুকল্প ডেকা। আনহাতে, স্কৰডেমী আই এ এছৰ হৈ ছাহিদুৰ আলম, মিছবাহ ভূঞা আৰু মটিউৰ ৰহমানে অংশগ্ৰহণ কৰে। উক্ত আলোচনা চক্ৰত বজালী ৰুৰেল এডভান্সমেণ্ট ছ'চাইটিৰ হৈ সহকাৰী সাধাৰণ সম্পাদক নিপু তালুকদাৰ, সাংগঠনিক সম্পাদক ৰূপম কলিতা আৰু লগতে সদস্য ক্ৰমে এলিনা পাটগিৰী, বিপন দাস আৰু নিমিষা দেৱীয়ে উপস্থিত থাকি উক্ত অনুষ্ঠানটি সফল পৰিচালনা কৰাত সহায় সহযোগীতা আগবঢ়ায়।
অনুষ্ঠানৰ শেষত বজালী ৰুৰেল এডভান্সমেণ্ট ছ'চাইটিৰ হৈ অন্য এগৰাকী সহকাৰী সাধাৰণ সম্পাদিকা তথা শিক্ষয়ত্ৰী ডেইজী দাসে শলাগৰ শৰাই জ্ঞাপন কৰি উপস্থিত সকলো অতিথি, মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ-ছাত্ৰীক ধন্যবাদ জনায়। ভৱিষ্যতৰ প্ৰশাসনিক বিষয়াসকলৰ বাবে এই আলোচনা চক্ৰখন অতি প্ৰেৰণাদায়ক আৰু ফলপ্ৰসূ হিচাপে বিবেচিত হয়।

BH College Howly
Scordemy Education
Bajali Rural Advancement Society

যোৱা ১৩ এপ্ৰিল, ২০২৬ ইং তাৰিখে আমি "বজালী ৰুৰেল এডভাঞ্চমেণ্ট চছাইটিৰ" তৰফৰ পৰা বজালীৰ সু সন্তান তথা এইবেলি হাইস্কুল শিক্...
13/06/2026

যোৱা ১৩ এপ্ৰিল, ২০২৬ ইং তাৰিখে আমি "বজালী ৰুৰেল এডভাঞ্চমেণ্ট চছাইটিৰ" তৰফৰ পৰা বজালীৰ সু সন্তান তথা এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত (HSLC Examination) অসমৰ ভিতৰতে প্রথম স্থান লাভ কৰা "জ্যোতিৰ্ময় দাসক" সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু অনাগত ভৱিষ্যত যাতে তেঁওৰ সুন্দৰ হওক আমি তাৰেই কামনা কৰিলোঁ।

Bajali Rural Advancement Society
DrChandana Devi

শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰৰ দিশত বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটিৰ এখোজ!আমাৰ গ্ৰাম্য অঞ্চলৰ সৰ্বাংগীণ উন্নয়ন আৰু শৈক্ষিক স...
13/06/2026

শিক্ষা আৰু জ্ঞানৰ প্ৰসাৰৰ দিশত বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটিৰ এখোজ!

আমাৰ গ্ৰাম্য অঞ্চলৰ সৰ্বাংগীণ উন্নয়ন আৰু শৈক্ষিক সবলীকৰণৰ যাত্ৰাত আন এক গুৰুত্বপূৰ্ণ সফলতাৰ কথা আপোনালোকৰ সৈতে ভগাই ল’বলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ। যোৱা ১৬ মাৰ্চ , ২০২৬ ইং তাৰিখে বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটিৰ উদ্যোগত আৰু বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ (IQAC Cell) সহযোগত বজালী জিলাৰ পাটাছাৰকুছিস্থিত 'বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়' (Bajali Teacher's Training College)-লৈ আনুষ্ঠানিকভাৱে এটা ক্ষুদ্ৰ পুথিভঁৰাল 'জ্ঞান কুটীৰ' আগবঢ়োৱা হয়। মহাবিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰ 'যুগান্তৰ' উন্মোচনী সভাতে এই পুথিভঁৰালটোও শুভ উদ্বোধন কৰা হয়। গ্ৰন্থ আৰু পুথিভঁৰালে এখন সুস্থ তথা জ্ঞানদীপ্ত সমাজ গঢ়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ এই প্ৰয়াসৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলৰ মাজত অধ্যয়নৰ অভ্যাস গঢ়ি তোলা আৰু তেওঁলোকৰ বৌদ্ধিক বিকাশৰ বাবে প্ৰয়োজনীয় সমল যোগান ধৰা।উক্ত অনুষ্ঠানটিত মহাবিদ্যালয়ৰ সমূহ কৰ্তৃপক্ষ, আমন্ত্ৰিত বিশিষ্ট অতিথি তথা বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটিৰ মুখ্য সাংগঠনিক উপদেষ্টা তথা জ্যেষ্ঠ অধিবক্তা শ্ৰীযুত গিৰিধৰ চৌধুৰী তথা চছাইটিৰ সঞ্চালক মিল্টন চৌধুৰী,পাটাছাৰকুছি প্ৰেছ ক্লাবৰ সভাপতি আৰু সম্পাদক তথা চছাইটিৰ সভাপতি হেমন্ত চৌধুৰী, নিপু তালুকদাৰ আৰু অধিবক্তা শ্ৰী কৃষ্ণদেৱ ৰয়, বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উপ অধ্যক্ষ ড° চন্দনা দেৱী, বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষকে আদি কৰি শিক্ষক মণ্ডলী আৰু মহাবিদ্যালয়ৰ প্ৰায় ২০০ ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। উক্ত অনুষ্ঠানটিৰ শেষত বজালী শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড ° চন্দনা দেৱীয়ে সকলো নিষ্ঠাবান সতীৰ্থলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু সভাৰ সামৰণী পৰে। শিক্ষাৰ পোহৰেৰে গ্ৰাম্য সমাজখনক আগুৱাই লৈ যাবলৈ বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটি সদায় সংকল্পবদ্ধ।

Bajali Teacher Training College
Bajali Rural Advancement Society
DrChandana Devi

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষ্যত আমাৰ কিছু প্ৰকাশিত বাতৰি..
10/03/2026

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ উপলক্ষ্যত আমাৰ কিছু প্ৰকাশিত বাতৰি..

সমগ্ৰ বিশ্বৰ লগতে বজালী জিলাতো যোৱা ৮ মাৰ্চ তাৰিখে আন্তৰাষ্ট্ৰীয় নাৰী দিৱস অৰ্থপূৰ্ণভাৱে পালন কৰা হয়। বজালী জিলাৰ এক অগ...
10/03/2026

সমগ্ৰ বিশ্বৰ লগতে বজালী জিলাতো যোৱা ৮ মাৰ্চ তাৰিখে আন্তৰাষ্ট্ৰীয় নাৰী দিৱস অৰ্থপূৰ্ণভাৱে পালন কৰা হয়। বজালী জিলাৰ এক অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান 'বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটি'ৰ উদ্যোগত এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়।
সমাজলৈ আগবঢ়োৱা নিস্বাৰ্থ সেৱা তথা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে আজিৰ এই পৱিত্ৰ দিনটোত জিলাখনৰ তিনিগৰাকী বিশেষ নাৰীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
আৰক্ষী সেৱাত নিয়োজিত হৈ জিলাখনত শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বজালী জিলাৰ উপ-আৰক্ষী অধীক্ষক (DSP)(P) মৃগাক্ষী দাস, অসামৰিক সেৱাত নিষ্ঠাৰে কাম কৰাৰ বাবে জিলাখনৰ সহকাৰী আয়ুক্ত মেৰী কলিতা (Assistant Commissioner, Bajali) আৰু শিক্ষাৰ প্ৰসাৰৰ লগতে সমাজলৈ আগবঢ়োৱা বৰঙণিৰ বাবে বজালী শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা সমাজকৰ্মী ড° চন্দনা দেৱীক (Vice Principal , Patacharkuchi B.ED College) এই বিশেষ সম্বৰ্ধনা প্ৰদান কৰা হয়।
অনুষ্ঠানত উপস্থিত থাকি বজালী ৰুৰেল এডভান্সমেণ্ট চছাইটিৰ সঞ্চালক মিল্টন চৌধুৰীয়ে কয়, "নাৰী শক্তিক সন্মান কৰিলেহে এখন দেশ প্ৰকৃত অৰ্থত আগুৱাই যাব পাৰে। এই মহান বাক্যশাৰীক শিৰোগত কৰিয়েই আমি আজিৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছো।"
উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত চছাইটিৰ উপ-সভাপতি নিপু তালুকদাৰ , সদস্য সীমান্ত পাটগিৰী, বিশেষ অন্তৰংগ সহযোগী কমল মালাকৰ উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে।

Bajali Rural Advancement Society

যোৱা ৮ মাৰ্চ "আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস"(International Women's Day) উপলক্ষে বজালী জিলাৰ দুই অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান...
10/03/2026

যোৱা ৮ মাৰ্চ "আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস"(International Women's Day)
উপলক্ষে বজালী জিলাৰ দুই অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান বজালী ৰুৰেল এডভাঞ্চমেন্ট চছাইটি আৰু শব্দৰ উদ্যোগত বজালীৰ বৰুৱাপাৰা গাঁৱৰ এজনী পিতৃহাৰা ছাত্ৰী ডিয়া ৰয়ক কিতাপ, বহী আৰু কলমৰ টোপোলাৰে কিছু সহায় আগবঢ়োৱা হয়। অনুষ্ঠানটোত সংস্থাদ্বয়ৰ সন্মানীয় ড⁰ চন্দনা দেৱী, বনজিৎ দাস, মিল্টন চৌধুৰী, হেমন্ত চৌধুৰী, ৰীনা দাস, নিলাক্ষী তালুকদাৰ আৰু কাবেৰী শৰ্মা আদি বিষয়ববীয়াসকলে উপস্থিত থাকি দুৰ্গত পৰিয়ালটোৰ ওচৰত ঠিয় হৈ সহায়ৰ হাত আগবঢ়ায়। এই কাৰ্যসূচীৰ জৰিয়তে নাৰী দিৱসক উদ্দেশ্য প্ৰণোদিত আৰু মানবিক মূল্যবোধেৰে অৰ্থবহ কৰি তোলা হয়।
উল্লেখ্য যে,এই ধৰণৰ সহায়মূলক পদক্ষেপে সমাজত সহমর্মিতা, শিক্ষাৰ প্ৰতি উৎসাহ আৰু নাৰী শক্তিকৰণৰ বাণী প্ৰচাৰ কৰে।

Bajali Rural Advancement Society

Address

Pathsala, Ward No. 1, Dist. Bajali
Pathsala
781325

Website

Alerts

Be the first to know and let us send you an email when Bajali Rural Advancement Society posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share