27/09/2026
*२८औँ केन्द्रीय अधिवेशनलाई केन्द्रित गरी कार्यकारिणी सभा सम्पन्न*
असम गोर्खा सम्मेलन, केन्द्रीय समितिको आगामी २८औँ केन्द्रीय अधिवेशन यही २०२६ सालको १०, ११, १२ र १३ डिसेम्बरका दिन ओदालगुडीस्थित मनपुर स्टेडियममा सम्पन्न हुने भएको छ। उक्त ऐतिहासिक अधिवेशनलाई सफलतापूर्वक सम्पन्न गर्ने उद्देश्यले आज २७ सेप्टेम्बर २०२६ का दिन असम गोर्खा सम्मेलन, ओदालगुडी जिल्ला समितिको कार्यालयमा जिल्ला समितिको एक महत्वपूर्ण कार्यकारिणी सभा सम्पन्न भयो।
सभामा असम गोर्खा सम्मेलनका केन्द्रीय उपसभापति श्रीमती कल्पना शर्मा, मुख्य मूलसचिव श्री लक्ष्मी सेढाईं , मूलसचिव श्री केशव शर्मा, सचिव ड० रमेश दाहाल लगायत बिटिसि क्षेत्रीय समितिका पदाधिकारीहरूको उपस्थिति रहेको थियो। त्यसैगरी, सभामा असम गोर्खा सम्मेलन, ओदालगुडी जिल्ला समितिका सम्पूर्ण पदाधिकारीहरू, महिला प्रकोष्ठका पदाधिकारीहरू तथा जिल्ला अन्तर्गत रहेका ६५ वटा शाखा समितिका पदाधिकारीहरूको उल्लेखनीय सहभागिता रहेको थियो।
सभामा आगामी २८औँ केन्द्रीय अधिवेशनको तयारी, व्यवस्थापन तथा अधिवेशनलाई भव्य र सफल बनाउन आवश्यक विभिन्न विषयमा विस्तृत छलफल गरियो। साथै, अधिवेशनसम्बन्धी रसिद, पोस्टर, आह्वानपत्र लगायतका सामग्रीहरू शाखा समितिहरूलाई वितरण गरियो।
सभामा उपस्थित सम्पूर्ण पदाधिकारी तथा शाखा समितिका प्रतिनिधिहरूले आगामी २८औँ केन्द्रीय अधिवेशनलाई सफल बनाउन आ–आफ्नो क्षेत्रबाट सक्रिय रूपमा सहयोग, सहभागिता र समन्वय गर्ने प्रतिबद्धता पुनः व्यक्त गर्नुभयो।
अधिवेशनलाई ऐतिहासिक, व्यवस्थित र सफल बनाउन जिल्ला समिति, शाखा समिति, अगोस महिला प्रकोष्ठ, आग्सु, अनेसास, भागोप तथा अन्य संघ–संस्था र शुभेच्छुकहरूबीच अझ प्रभावकारी समन्वय र सहकार्य गर्ने विषयमा समेत जोड दिइयो।
২৮তম কেন্দ্ৰীয় অধিৱেশনক কেন্দ্ৰ কৰি কাৰ্যনিৰ্বাহক সভা সম্পন্ন
অসম গোৰ্খা সন্মিলন, কেন্দ্ৰীয় সমিতিৰ আগন্তুক ২৮তম কেন্দ্ৰীয় অধিৱেশন অহা ২০২৬ চনৰ ১০, ১১, ১২ আৰু ১৩ ডিচেম্বৰত ওদালগুৰিস্থিত মনপুৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। উক্ত ঐতিহাসিক অধিৱেশনখন সফলভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে আজি ২৭ ছেপ্টেম্বৰ ২০২৬ তাৰিখে অসম গোৰ্খা সন্মিলন, ওদালগুৰি জিলা সমিতিৰ কাৰ্যালয়ত জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।
সভাত অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় উপ-সভাপতি শ্ৰীমতী কল্পনা শৰ্মা, মুখ্য সাধাৰণ সম্পাদক শ্ৰী লক্ষ্মী চেঢ়াই, সাধাৰণ সম্পাদক শ্ৰী কেশৱ শৰ্মা, সম্পাদক ড° ৰমেশ দাহালকে ধৰি বিটিচি সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। তদুপৰি, সভাত অসম গোৰ্খা সন্মিলন, ওদালগুৰি জিলা সমিতিৰ সমূহ বিষয়ববীয়া, মহিলা প্ৰকোষ্ঠৰ বিষয়ববীয়া তথা জিলা সমিতিৰ অন্তৰ্গত ৬৫খন শাখা সমিতিৰ বিষয়ববীয়াসকলে উল্লেখযোগ্যভাৱে অংশগ্ৰহণ কৰে।
সভাত আগন্তুক ২৮তম কেন্দ্ৰীয় অধিৱেশনৰ প্ৰস্তুতি, ব্যৱস্থাপনা তথা অধিৱেশনখনক ব্য়বস্থিত আৰু সফলভাৱে অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। লগতে অধিৱেশন সম্পৰ্কীয় ৰচিদ বহী, পোষ্টাৰ, আহ্বানপত্ৰ আদি বিভিন্ন সামগ্ৰী শাখা সমিতিসমূহৰ মাজত বিতৰণ কৰা হয়।
সভাত উপস্থিত সমূহ বিষয়ববীয়া তথা শাখা সমিতিৰ প্ৰতিনিধিসকলে আগন্তুক ২৮তম কেন্দ্ৰীয় অধিৱেশনখন সফল কৰি তোলাৰ বাবে নিজ নিজ অঞ্চলৰ পৰা সক্ৰিয়ভাৱে সহযোগিতা, অংশগ্ৰহণ আৰু সমন্বয় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।
অধিৱেশনখন ঐতিহাসিক, সুশৃংখলিত আৰু সফল কৰি তোলাৰ উদ্দেশ্যে জিলা সমিতি, শাখা সমিতি, অগোস মহিলা প্ৰকোষ্ঠ, আগছু, অসম নেপালী সাহিত্য সভা, ভাৰতীয় গোৰ্খা পৰিসংঘ তথা অন্যান্য জাতি-জনগোষ্ঠীয় সংগঠন, সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰু শুভাকাংক্ষীসকলৰ মাজত অধিক ফলপ্ৰসূ সমন্বয় আৰু সহযোগিতা গঢ়ি তোলাৰ ওপৰতো সভাত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।