Helping Hands Society, Udalguri

Helping Hands Society, Udalguri ছাত্ৰ কল্যান,সমাজ কল্যাণ আৰু ভাতৃত্ববোধৰ বিকাশ।

02/10/2023
শিক্ষক দিৱস বিশেষ (৪) ❤️(০৫/০৯/২০২৩)এই বৰ্ষৰ শিক্ষক দিৱস উদযাপন কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটে হেল্পিং হেণ্ডচ্ ছোচাইটি, ওদালগ...
10/09/2023

শিক্ষক দিৱস বিশেষ (৪) ❤️
(০৫/০৯/২০২৩)

এই বৰ্ষৰ শিক্ষক দিৱস উদযাপন কাৰ্যসূচীৰ পৰিসমাপ্তি ঘটে হেল্পিং হেণ্ডচ্ ছোচাইটি, ওদালগুৰিৰ মূল স্তম্ভ, জন্মদাতা তথা মুখ্য উপদেষ্টা শ্ৰীযুত লক্ষ্মণ উপাধ্যায় ছাৰৰ বাসগৃহত।

ওদালগুৰিৰ ছাত্ৰসমাজৰ বৌদ্ধিক উত্তৰণৰ হকে নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা আমাৰ দৰে ওদালগুৰিৰ আন বহুতো ছাত্ৰ-ছাত্ৰীৰ পথ প্ৰদৰ্শক তথা প্ৰিয় শিক্ষক লক্ষ্মণ ছাৰক আমি অৰ্থাৎ হেল্পিং হেণ্ডচ্ ছোচাইটি, ওদালগুৰিৰ সদস্যসকলে শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

Lakshman Upadhyaya

শিক্ষক দিৱস বিশেষ (৩) ❤️(০৫/০৯/২০২৩)ওদালগুৰি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ আৰু ওদালগুৰিৰ বহু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষি...
10/09/2023

শিক্ষক দিৱস বিশেষ (৩) ❤️
(০৫/০৯/২০২৩)

ওদালগুৰি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ আৰু ওদালগুৰিৰ বহু ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনৰ অভিভাৱক স্বৰূপ শ্ৰীযুত টংক বাহাদুৰ গৌতম চেত্ৰী ছাৰক শিক্ষক দিৱস উপলক্ষে, তেখেতৰ ছাত্ৰকল্যাণ আৰু সমাজৰ প্ৰতি থকা অতুলনীয় অৱদানক শ্ৰদ্ধা জনাই আমি অৰ্থাৎ হেল্পিং হেণ্ডচ্ ছোচাইটি, ওদালগুৰিৰ সদস্যসকলে তেখেতৰ বাসগৃহত উপস্থিত হৈ ছাৰক কৃতজ্ঞতা আৰু সম্বৰ্ধনা জনাওঁ।

হেল্পিং হেণ্ডচ্ ছোচাইটি, ওদালগুৰিৰ জন্ম লগ্নৰে পৰা আমাক সকলো প্ৰকাৰে সহযোগিতা আৰু পৰামৰ্শ আগবঢ়োৱা বাবে চেত্ৰী ছাৰক আমি সহৃদয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেখেতৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।

শিক্ষক দিৱস বিশেষ (২) ❤️(০৫/০৯/২০২৩)বিগত তিনিটা বছৰত হেল্পিং হেণ্ডচ ছোচাইটি, ওদালগুৰিৰ দ্বাৰা আয়োজিত বিনামূলীয়া অনলাইন...
09/09/2023

শিক্ষক দিৱস বিশেষ (২) ❤️
(০৫/০৯/২০২৩)

বিগত তিনিটা বছৰত হেল্পিং হেণ্ডচ ছোচাইটি, ওদালগুৰিৰ দ্বাৰা আয়োজিত বিনামূলীয়া অনলাইন আৰু অফলাইন কোচিংৰ সফলতা আৰু সক্ৰিয়তাৰ আঁৰত থকা মূল ব্যক্তিসকল অৰ্থাৎ নিস্বাৰ্থ ভাৱে সম্পূৰ্ণ বিনামূলীয়াকৈ নিজৰ সৰ্বস্ব দি আমাক তথা অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে: অসম TET, B.T.R TET, SSC, অসম পুলিচ (SI/Constable), ফোৰেষ্টাৰ, ADRE 2022 (আৰু শেহতীয়াকৈ ADRE 2023) আদি পৰীক্ষাসমূহত সফলতাৰ বাট দেখুওৱা মহান শিক্ষক-শিক্ষয়ত্ৰীসকলক আমাৰ সদ্স্যসকলৰ আৰু ADRE 2023 ৰ ছাত্ৰ-ছাত্ৰীসকলৰ একত্ৰিত প্ৰয়াসেৰে শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনোৱাৰ এটি কাৰ্যসূচী হাতত লোৱা হয়।

ধন্যবাদ সকলোলৈ ❤️

শিক্ষক দিৱস বিশেষ ❤️(০৫/০৯/২০২৩)শিক্ষক দিৱস উপলক্ষ্যে আমি হেল্পিং হেণ্ডছ চোচাইটিৰ ফালৰ পৰা ওদালগুৰি অঞ্চলৰ প্ৰায় সকলো ব...
08/09/2023

শিক্ষক দিৱস বিশেষ ❤️
(০৫/০৯/২০২৩)

শিক্ষক দিৱস উপলক্ষ্যে আমি হেল্পিং হেণ্ডছ চোচাইটিৰ ফালৰ পৰা ওদালগুৰি অঞ্চলৰ প্ৰায় সকলো বিদ্যালয় আৰু মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰধান শিক্ষক/অধ্যক্ষ প্ৰমুখ্যে সমূহ শিক্ষক-শিক্ষয়ত্ৰীক তেওঁলোকে সমাজলৈ আগবঢ়োৱা শিক্ষাদানৰ মহান সেৱাক শ্ৰদ্ধা জনাই সন্মান নিবেদন কৰোঁ। মানৱ সম্পদ আৰু সুস্থ সমাজ গঢ়াত তেওঁলোকৰ অৱদানক আমি সদায় নমন কৰোঁ।

এই চেগতে আমাৰ এই কাৰ্যসূচী সূচাৰুৰূপে চলাই নিয়াত আমাক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা প্ৰতিখন বিদ্যালয় - মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনালোকৰ ইতিবাচক সঁহাৰিয়ে আমাক সঁচাকৈয়ে আপ্লুত কৰিছে।

Address

Udalguri
784509

Website

Alerts

Be the first to know and let us send you an email when Helping Hands Society, Udalguri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share