BMMU Mahmora, ASRLM

BMMU Mahmora, ASRLM Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BMMU Mahmora, ASRLM, Community Organization, Mahmora, Sonari.

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান (ASRLM)-ৰ চৰাইদেউ জিলাৰ মাহমৰা খণ্ড অভিযান পৰিচালনা গোট (BMMU)-ৰ অফিচিয়েল ফেচবুক পেজ। আত্মসহায়ক গোটৰ সবলীকৰণ, দক্ষতা বিকাশ আৰু বহনক্ষম জীৱিকা সৃষ্টিৰে গ্ৰামীণ বিকাশৰ যাত্ৰাত আমি সংকল্পবদ্ধ। পেজটো লাইক আৰু ফলো কৰিব।

আজি" সমীক্ষা "মণ্ডল সংঘৰ সৰ্ব্বোদয় পঞ্চায়তৰ আত্ম সহায়ক গোটৰ সদস্যাৰ পথাৰত" সমীক্ষা "মণ্ডল সংঘৰ সখী সকলৰ উদ্যোগত পৰীক্...
05/07/2026

আজি" সমীক্ষা "মণ্ডল সংঘৰ সৰ্ব্বোদয় পঞ্চায়তৰ আত্ম সহায়ক গোটৰ সদস্যাৰ পথাৰত" সমীক্ষা "মণ্ডল সংঘৰ সখী সকলৰ উদ্যোগত পৰীক্ষামূলক ভাৱে শ্ৰী পদ্বতিৰে ধান খেতি ৰোপন কৰা হয়।

যোৱাকালি (২৯-০৬-২০২৬) ত্ৰিবেণী CMTC ত দীন দয়াল গ্ৰামীণ কৌশল্য যোজনা (DDU-GKY) ৰ ওপৰত সখী বাইদেউসকলক লৈ এক বিশেষ কৰ্মশাল...
30/06/2026

যোৱাকালি (২৯-০৬-২০২৬) ত্ৰিবেণী CMTC ত দীন দয়াল গ্ৰামীণ কৌশল্য যোজনা (DDU-GKY) ৰ ওপৰত সখী বাইদেউসকলক লৈ এক বিশেষ কৰ্মশালা সফলতাৰে আয়োজন কৰা হয়।
কৰ্মশালাৰ মূল আলোচনা:
নিবনুৱা চিনাক্তকৰণ: গাঁও অঞ্চলৰ দৰিদ্ৰ তথা নিবনুৱা যুৱক-যুৱতীসকলক কেনেকৈ সঠিকভাৱে চিনাক্ত কৰিব পাৰি, সেই বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।
সংস্থাপনৰ ব্যৱস্থা: চিনাক্ত কৰা যুৱক-যুৱতীসকলক এই আঁচনিৰ অধীনত বিনামূলীয়া প্ৰশিক্ষণ দি কেনেকৈ সংস্থাপিত কৰিব পাৰি, তাৰ পৰিকল্পনা কৰা হয়।
কৰ্মৰাজিৰ পৰ্যালোচনা: ইয়াৰ উপৰিও বিগত সময়ছোৱাত কৰা সকলো কাম-কাজৰ এক খতিয়ান আৰু পৰ্যালোচনা কৰা হয়।
উক্ত কৰ্মশালাত জিলা কাৰ্যকৰী বিশেষজ্ঞ (DFE Skills) শ্ৰী সত্যজিৎ শ্যাম ডাঙৰীয়া উপস্থিত থাকি নিজৰ মূল্যবান পৰামৰ্শৰে সখী বাইদেউ সকলক ভালদৰে কাম কৰি যাবলৈ উৎসাহিত কৰে।
Charaideo District Administration
Assam State Rural Livelihoods Mission

25/06/2026

Celebrating my 8th year on Facebook. Thank you for your continuing support. I could never have made it without you. 🙏🤗🎉

সংস্থাপনৰ লগত জঢ়িত দুয়োটা আচনি DDU -GKY আৰু RSETI বিৱৰণী পত্ৰ/ প্ৰচাৰ পত্ৰ। আগ্ৰহী নিবনুৱা যুৱক - যুৱতীয়ে আঁচনিখনৰ সব...
25/06/2026

সংস্থাপনৰ লগত জঢ়িত দুয়োটা আচনি DDU -GKY আৰু RSETI বিৱৰণী পত্ৰ/ প্ৰচাৰ পত্ৰ।
আগ্ৰহী নিবনুৱা যুৱক - যুৱতীয়ে আঁচনিখনৰ সবিশেষৰ বাবে ব্লক কাৰ্যালয়ত আহি নাইবা ওচৰৰ সখী বাইদেউ লগত যোগাযোগ কৰিব পাৰিব।
Assam State Rural Livelihoods Mission
Charaideo District Administration
RSETI
DDU-GKY

✅সুস্থ বাৰ্ধক্যৰ বাবে যোগ✅আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত মাহমৰা খণ্ড অ...
21/06/2026

✅সুস্থ বাৰ্ধক্যৰ বাবে যোগ✅
আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত মাহমৰা খণ্ড অভিযান পৰিচালনা গোটৰ অধীনস্থ সকলো আত্মসহায়ক গোটৰ সদস্যাসকলে অতি উৎসাহেৰে যোগ দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
সুস্থ শৰীৰ আৰু সৱল মানসিকতা গঠনৰ উদ্দেশ্যেৰে আমাৰ গোটৰ সদস্যসকলে একেলগে যোগাসন কৰাৰ কিছু মুহূৰ্ত আপোনালোকলৈ আগবঢ়ালোঁ। সকলোৰে প্ৰচেষ্টাই এই কাৰ্যসূচী সফল কৰি তুলিছে।
Assam State Rural Livelihoods Mission
CMO Assam Charaideo District Administration Dmmu Charaideo

🌱 ৩৫ লাখ মহিলা, এটা সেউজীয়া সংকল্প! 🌱মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ 'এক কোটি বৃক্ষৰোপণ'ৰ আহ্বানক সঁহাৰি জনাই, সমগ্ৰ অসমৰ ...
11/06/2026

🌱 ৩৫ লাখ মহিলা, এটা সেউজীয়া সংকল্প! 🌱
মাননীয় মুখ্যমন্ত্রী মহোদয়ৰ 'এক কোটি বৃক্ষৰোপণ'ৰ আহ্বানক সঁহাৰি জনাই, সমগ্ৰ অসমৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ লগতে মাহমৰা উন্নয়ন খণ্ডৰ অধীনৰ গোটৰ সদস্যসকলেও এই বৃহৎ সংকল্পক বাস্তৱায়িত কৰিবলৈ যোৱা ৫ জুন তাৰিখে গছ পুলি ৰোপণ কৰে।
বৰ্তমান বৰ্ষা ঋতু চলি থকাৰ বাবে গছপুলি ৰোপণ কৰাৰ এইয়া এক উপযুক্ত সময়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই মহান লক্ষ্য আৰু দূৰদৰ্শিতাৰ অংশীদাৰ হৈ আপুনিও এই বাৰিষাৰ সুযোগ লৈ নিজৰ হাতৰে এটা গছপুলি ৰোপণ কৰিব পাৰে।
CMO Assam
Dmmu Charaideo
Charaideo District Administration

📢 অসমবাসীৰ বাবে এক সুখবৰ! সুখবৰ! সুখবৰ! 📢​এতিয়া আৰু ঘৰত শ্বৰ্ট-চাৰ্কিট হ’লে, পানীৰ পাইপ লিক হ’লে বা জৰুৰীভাৱে ড্ৰাইভৰ এ...
16/05/2026

📢 অসমবাসীৰ বাবে এক সুখবৰ! সুখবৰ! সুখবৰ! 📢
​এতিয়া আৰু ঘৰত শ্বৰ্ট-চাৰ্কিট হ’লে, পানীৰ পাইপ লিক হ’লে বা জৰুৰীভাৱে ড্ৰাইভৰ এজনৰ দৰকাৰ হ’লে ইফালে-সিফালে হাবাথুৰি খাব নালাগে! 🛠️🚗
​অসম চৰকাৰৰ এক অভিনৱ আৰু বিশেষ পদক্ষেপ— Koushal Connect App। এতিয়া আপোনাৰ মোবাইলৰ মাত্ৰ এটা ক্লিকতে সকলো ধৰণৰ প্ৰয়োজনীয় ঘৰুৱা সেৱা উপলব্ধ হ’ব পোনপটীয়াভাৱে আপোনাৰ ঘৰৰ দুৱাৰদলিত।
​পাওক পাকৈত আৰু প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীসকলৰ দ্বাৰা এইসমূহ সেৱা:
🔌 অভিজ্ঞ ইলেক্ট্ৰিচিয়ান (Electrician) — ৱায়াৰিং আৰু ৰিপেয়াৰিং সকলো কামৰ বাবে।
🚰 প্লাম্বাৰ (Plumber) — পানীৰ পাইপ, টেপ বা অন্যান্য ফিটিঙৰ খৰতকীয়া সমাধান।
💇‍♀️ প্ৰমাণিত বিউটিচিয়ান (Beautician) — ঘৰত বহিয়ে লাভ কৰক পাৰ্লাৰৰ দৰে সেৱা।
🚗 প্ৰশিক্ষণপ্ৰাপ্ত ড্ৰাইভৰ (Driver) — আপোনাৰ যাত্ৰা সুৰক্ষিত কৰিবলৈ।
🎂 বেকাৰী সেৱা (Bakery Services) — সুস্বাদু কেক আৰু বেকাৰী সামগ্ৰীৰ বাবে।..আৰু বহুতো!
​কিয় ব্যৱহাৰ কৰিব Koushal Connect App?
✅ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ও সুৰক্ষিত: অসম চৰকাৰৰ এক নিৰ্ভৰযোগ্য পদক্ষেপ।
✅ দক্ষ আৰু নিৰ্ভৰযোগ্য: প্ৰতিগৰাকী কৰ্মী সম্পূৰ্ণৰূপে প্ৰশিক্ষণপ্ৰাপ্ত আৰু পৰীক্ষিত।
✅ স্থানীয় নিযুক্তি: আপোনাৰ এটা বুকিং-এ আমাৰ স্থানীয় দক্ষ যুৱক-যুৱতীসকলক স্বাৱলম্বী হোৱাত সহায় কৰিব।
​📲 পলম নকৰিব! আজিয়েই তলৰ লিংকটোৰ পৰা এপ্‌টো ডাউনলোড কৰক:
👉 https://play.google.com/store/apps/details?id=com.asrlm_citizen_app
​আমাৰ লক্ষ্য: দক্ষ যুৱ প্ৰজন্ম, স্বাৱলম্বী অসম!

19/02/2026
মাহমৰাত স্বাৱলম্বনৰ নতুন দিশ​আজি মাহমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মিলন গাঁও পঞ্চায়তত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ...
13/02/2026

মাহমৰাত স্বাৱলম্বনৰ নতুন দিশ

​আজি মাহমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত মিলন গাঁও পঞ্চায়তত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ সহযোগত অঞ্চলটোৰ ১০ টা গ্ৰাম্য সংগঠনে একত্ৰিত হৈ স্বাৱলম্বনৰ লক্ষ্যৰে মুঠ ৫০ খন তাঁতশাল স্থাপন কৰে।
উক্ত বিশেষ কাৰ্যসূচীটি আনুষ্ঠানিকভাৱে মুকলি কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ সন্মানীয় কেবিনেট মন্ত্ৰী শ্ৰীযুত যোগেন মহন ডাঙৰীয়াই।
​অনুষ্ঠানত মাহমৰা সম জিলাৰ আয়ুক্ত মহোদয়া, মাহমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, খণ্ড প্ৰকল্প পৰিচালক ৰ লগতে বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
​এই পদক্ষেপে মহিলাসকলক অৰ্থনৈতিকভাৱে সৱলীকৰণ কৰাৰ ক্ষেত্ৰত এক বিশেষ মাত্ৰা প্ৰদান কৰিব।

দৰিদ্ৰতা মুক্ত আৰু উন্নত জীৱিকাৰ পঞ্চায়তৰ লক্ষ্যৰে। জিলা পঞ্চায়ত সম্পদ কেন্দ্ৰ  আৰু ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয...
31/01/2026

দৰিদ্ৰতা মুক্ত আৰু উন্নত জীৱিকাৰ পঞ্চায়তৰ লক্ষ্যৰে।
জিলা পঞ্চায়ত সম্পদ কেন্দ্ৰ
আৰু
ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন প্ৰতিস্থান চৰাইদেউ জিলাৰ উদ্যোগত মাহমৰা উন্নয়ন খণ্ডৰ সভাকক্ষত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান মাহমৰা উন্নয়ন খণ্ডৰ সখী বাইদেউ আৰু গ্ৰাম্য সংগঠনৰ প্ৰতিনিধি সকলে এক প্ৰশিক্ষণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

Address

Mahmora
Sonari
785689

Alerts

Be the first to know and let us send you an email when BMMU Mahmora, ASRLM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BMMU Mahmora, ASRLM:

Shortcuts

Share