13/09/2026
🔘দুধনৈঃ ১৩ চেপ্তেম্বৰ,২০২৬ ইং
🔘 মিয়া ইং ১২ চেপ্তেম্বৰ,২০২৬ কৰালি ৰাজাপাৰা গোৰ্খা মহিলা সমিতিনি গৗৰবৗদাৰি আৰো ৰাজাপাৰা প্ৰগতিশীল যুৱক সংঘনি চাকছিনিতি ৰাজাপাৰা প্ৰগতিশীল যুৱক সংঘনি বাক্ৰায় চাংকায় গোৰ্খা তাঙি ক্ৰোৱবা বৗছাৰছিনি তীজ সমাৰোহতি বেবাক ৰাভা ত্ৰৗংগিৰ জন্থানি ছাৰকায় তৗপ্ৰানগিৰি ড° সুভাষ ৰাভা ক্ৰৗমা চাঙে তয় থুকা ৰাছামা৷
কালি ইং ১২ চেপ্তেম্বৰ,২০২৬ তাৰিখে ৰাজাপাৰা গোৰ্খা মহিলা সমিতিৰ উদ্যোগত আৰু। ৰাজাপাৰা প্ৰগতিশীল যুৱক সংঘৰ সহযোগত ৰাজাপাৰা প্ৰগতিশীল যুৱক সংঘৰ প্ৰাঙ্গণত অনুষ্ঠিত গোৰ্খা জনগোষ্ঠীৰ ষষ্ঠ বাৰ্ষিক তীজ সমাৰোহত নিখিল ৰাভা ছাত্ৰ সন্থা সাধাৰণ সম্পাদক ড° সুভাষ ৰাভাই অতিথি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে৷সেই অনুষ্ঠানত বকো- ছয়গাঁও সমষ্টিৰ বিধায়ক ৰাজু মেছ, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰমাকান্ত ৰাভা আৰু অৰ্জুন চেত্ৰী, গোৱালপাৰা জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰহিত লামছাল,নিখিল ৰাভা ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক দেবানন্দ পাম, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সম্পাদক লহিত চেত্ৰী,কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
নিখিল ৰাভা ছাত্ৰ সন্থাৰ পৰা গোৰ্খা জনগোষ্ঠীৰ সকলোলৈ তীজ উৎসৱৰ শুভেচ্ছা জনালোঁ৷
Motilal Bakshak
Subhash Rabha
#তীজসমাৰোহ #ৰাজাপাৰা