Ulama Council of BTC Udalguri

Ulama Council of BTC Udalguri Official page of ULAMA COUNCIL OF BTC, Udalguri District Committee.

Working for Islamic education, social welfare, unity, and student encouragement activities across the district.

 #সমাজ   Ulama Council of BTC
16/07/2026

#সমাজ

Ulama Council of BTC

*আচ্ছালামু আলাইকুম* আজি ইং 13/07/2026 তাৰিখ সোমবাৰ দিনা 01:00 বজাত আমিন পাৰা প্ৰাঃ বিদ্যালয় প্রাঙ্গনত উলামা কাউন্সিল অফ...
13/07/2026

*আচ্ছালামু আলাইকুম*
আজি ইং 13/07/2026 তাৰিখ সোমবাৰ দিনা 01:00 বজাত আমিন পাৰা প্ৰাঃ বিদ্যালয় প্রাঙ্গনত উলামা কাউন্সিল অফ বি টি চি ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু শিক্ষক সমাজৰ সহযোগত সমাজ সংস্কাৰ সম্পর্কে এখনি চিন্তন( সাধাৰণ )সভা অনুষ্ঠিত কৰা হয়!
উক্ত সভাৰ সভাপতিত্ব কৰে বিশিষ্ট শিক্ষক সন্মানীয় জনাব আইজুল হক ডাঙৰীয়া চাহাবে।
উক্ত সভা খনত বিভিন্ন সন্মানীয় ব্যক্তি সকলৰ সু পৰামৰ্শ লৈ সকলোৰে সম্মতি ক্ৰমে সভাপতি চাহাবে সমাজ সংস্কাৰ মঞ্চ নামেৰে পূৰ্ণাঙ্গ এখন সমিতি গঠন কৰি দিয়ে |
উক্ত সমিতিৰ মুখ্য সঞ্চালক হিচাপে বিশিষ্ট শিক্ষাবিদ অবসৰ প্রাপ্ত শিক্ষক জনাব *মুস্তফা কামাল* ছাহাবক আৰু সঞ্চালক হিচাপে মৌঃ *মাহমাদুল হাছানৰ* লগতে মৌঃ *শ্বৰিফুল ইছলাম* ছাহাবক নির্বাচন কৰে |
আৰু উপস্থিত থকা সকলো শিক্ষক সমাজৰ লগতে গণ্য মান্য ব্যাক্তি সকলে উক্ত গুটৰ সদস্য হিচাপে নিঃস্বার্থ ভাবে সমাজত দেখা দিয়া
অ সামাজিক কাম কাজ প্রতিৰুধ কৰিবলৈ যি কোনো ঠাইত সদায় উপস্থিত হয় কাম কৰিব বোলি প্ৰতিশ্রুতি দিয়ে |

গতিকে যি সকল সংগ্ৰামী ব্যক্তি সমাজ সংস্কাৰৰ লক্ষ্য লৈ আমাৰ লগত কাম কৰিব বিচাৰে সিহঁতক আমি আদৰিছো।

ধন্যবাদ

Ulama Council of BTC

20/06/2026

Assalamualaikum

07/06/2026

আমি দৃঢ়ভাৱে ঘোষণা কৰোঁ যে বিশ্বমানৱৰ আদৰ্শ, শান্তি, ন্যায় আৰু মানৱতাৰ বাণীবাহক হজৰত মুহাম্মদ (ছাঃ)-ৰ বিৰুদ্ধে যিকোনো অপমানজনক মন্তব্য বা আচৰণ কেতিয়াও গ্ৰহণযোগ্য নহয়।
মত প্ৰকাশৰ স্বাধীনতাৰ নামত কোনো ধৰ্ম, ধৰ্মীয় ব্যক্তিত্ব বা বিশ্বাসক আঘাত কৰাটো সভ্য সমাজৰ লক্ষণ নহয়। এনে কাৰ্যই সমাজত বিভাজন, ঘৃণা আৰু অশান্তিৰ সৃষ্টি কৰে।
আমি নবিজী (ছাঃ)-ৰ সন্মান ৰক্ষাৰ দাবীত শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিকভাৱে প্ৰতিবাদ জনাইছোঁ আৰু সকলোকে পাৰস্পৰিক সন্মান, সহনশীলতা আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনাওঁ।
“ধৰ্মীয় অনুভূতিক সন্মান কৰক, সম্প্ৰীতি অটুট ৰাখক।”

"মহানবী হজৰত মুহাম্মদ (ছাঃ)-ক লৈ অপমানজনক মন্তব্য কৰাটো কেৱল মুছলমানসকলৰ ধৰ্মীয় অনুভূতিক আঘাত দিয়াই নহয়, সমাজত বিদ্বে...
06/06/2026

"মহানবী হজৰত মুহাম্মদ (ছাঃ)-ক লৈ অপমানজনক মন্তব্য কৰাটো কেৱল মুছলমানসকলৰ ধৰ্মীয় অনুভূতিক আঘাত দিয়াই নহয়, সমাজত বিদ্বেষ আৰু অশান্তি সৃষ্টিৰো কাৰণ হয়। মত প্ৰকাশৰ স্বাধীনতা আছে, কিন্তু কোনো ধৰ্ম, ধৰ্মগুৰু বা বিশ্বাসক অপমান কৰাৰ অধিকাৰ কাকো দিয়া হোৱা নাই।
আমি সকলো ধৰ্ম আৰু ধৰ্মীয় ব্যক্তিত্বৰ প্ৰতি সন্মান জনোৱা উচিত। অসন্মান, ঘৃণা আৰু উচটনিৰ পৰিৱৰ্তে পাৰস্পৰিক সন্মান, যুক্তি আৰু সৌহাৰ্দ্যৰ পথ বাছি লওঁ।"

"Ratul kalita আৰু হীৰেন হিন্দু অসম ৰ বিৰূদ্ধে একশ্যন লব লাগে" UCBTC ওদালগুৰি জিলা সমিতিৰ দাবি।

#ধৰ্মীয়_সৌহাৰ্দ্য
#সকলো_ধৰ্মক_সন্মান

#ধৰ্মৰ_প্ৰতি_সন্মান



04/06/2026

🛑 ধৰ্মক লৈ তুচ্ছ-তাচ্ছিল্য বন্ধ হওক 🛑

ধৰ্ম মানুহৰ বিশ্বাস, মূল্যবোধ আৰু আত্মিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ। কোনো ধৰ্ম, ধৰ্মীয় ব্যক্তিত্ব বা ধৰ্মীয় অনুভূতিক লৈ উপহাস, তুচ্ছ-তাচ্ছিল্য বা অপমান কৰাটো কেতিয়াও সভ্য সমাজৰ পৰিচয় হ'ব নোৱাৰে।
মত প্ৰকাশৰ স্বাধীনতা থাকিলেও আনৰ বিশ্বাস আৰু অনুভূতিক আঘাত দিয়াৰ অধিকাৰ কাকো দিয়া হোৱা নাই। পাৰস্পৰিক সন্মান, সহনশীলতা আৰু সম্প্ৰীতিৰ মাজেৰেই এখন সুস্থ সমাজ গঢ়ি উঠিব পাৰে।
আমি ধৰ্মক লৈ যিকোনো ধৰণৰ অপমানজনক মন্তব্য, বিদ্বেষমূলক প্ৰচাৰ আৰু তুচ্ছ-তাচ্ছিল্যৰ তীব্ৰ প্ৰতিবাদ জনাইছোঁ।
ধৰ্মৰ প্ৰতি সন্মান দেখাওক, সম্প্ৰীতি অটুট ৰাখক।

#ধৰ্মৰ_প্ৰতি_সন্মান #সম্প্ৰীতি_অটুট_ৰাখক

02/06/2026

অপৰাধীৰ কোনো ধৰ্ম, জাতি, দল বা পৰিচয় নাথাকে। অপৰাধ যিয়ে নকৰক কিয়, আইনৰ দৃষ্টিত সকলো সমান হ'ব লাগে।
ন্যায়বিচাৰ তেতিয়াহে সঠিক অৰ্থত প্ৰতিষ্ঠা পায়, যেতিয়া সকলো অপৰাধীৰ বিৰুদ্ধে একেই মাপকাঠিৰে ব্যৱস্থা লোৱা হয়। কোনো পক্ষপাতিত্ব নহয়, কোনো বিশেষ সুবিধা নহয়—অপৰাধৰ বাবে কঠোৰ আৰু সমান শাস্তি নিশ্চিত হওক।
"আইনৰ আগত সকলো সমান" — এই নীতি বাস্তৱত প্ৰতিফলিত হোৱাটোৱেই এখন ন্যায়ভিত্তিক সমাজৰ মূল ভেটি।

#ন্যায়বিচাৰ #অসম

02/06/2026

চাইকেল চলাবলৈ শিকোৱা ব্যক্তিজনে আপোনাক এৰি নিদিলে চাইকেল চলাবলৈ শিকিব নুৱাৰিলেহেঁতেন।

Address

H/O: Aminpara P. O: Aminpara
Udalguri

Website

Alerts

Be the first to know and let us send you an email when Ulama Council of BTC Udalguri posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share