10/04/2025
১০ এপ্ৰিল,২০২৫
"এবিএমছু"ৰ বিংশতিতম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসঃ
অকৃত্ৰিম মৰম-চেনেহ আৰু সক্ৰিয় সমৰ্থনেৰে সদৌ বি.টি.চি সংখ্যালঘু ছাত্ৰ সন্থা(এবিএমছু)ক এক দৃঢ় সংগ্ৰামী ছাত্ৰ সংগঠন হিচাপে গঢ়ি তোলা অসমৰ জনগণলৈ সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছো।
বিশ্বৰ মানৱসমাজত প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজৰ জাতীয় সত্তা বজাই ৰাখি অধিকাৰসমূহ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে। বিশেষকৈ সংখ্যালঘু জনগোষ্ঠীসমূহেও বিশ্বৰ ইতিহাসত নিজৰ ন্যায়,নিৰাপত্তা আৰু অধিকাৰসমূহ সাব্যস্ত কৰা অদম্য ইচ্ছাক বাস্তৱায়িত ৰূপ দিবলৈ যুগে যুগে সংগ্ৰাম কৰি আহিছে। বিশ্বৰ সৰ্ববৃহৎ ধৰ্মনিৰপেক্ষ গণতন্ত্ৰ ভাৰতবৰ্ষৰ অংগৰাজ্য অসমো ইয়াৰ ব্যতিক্ৰম নহয়।
অসমৰ বিশেষকৈ বি.টি.চি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীটো আৰ্থ-সামাজিক দিশত পিছ পৰি থকাৰ ওপৰিও ন্যায়,নিৰাপত্তা আৰু অধিকাৰৰ পৰা যুগ যুগ ধৰি নিগৃহীত হৈ আছিল। তেনে সন্ধিক্ষণত কোকৰাঝাৰৰ মহিবুৰ ইছলাম(ৰাতুল),মইনুল হক,আব্দুৰ ৰাজ্জাক,শ্বেখ আব্দুল্লা, ৰফিকুল ইছলাম(খাজা),ছাজাহান আলী,চুলতান আলম,শ্বেৰ আলী,হাফিজুল আলী আদি সাহসী,দূৰদৰ্শী যুৱ-ছাত্ৰৰ তৎপৰতাত বি.টি.চি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু জনগণৰ শৈক্ষিক,সামাজিক,আৰ্থিক,সাংস্কৃতিক আৰু ৰাজনৈতিক দিশৰ বিকাশ আৰু তাৰ সমান্তৰালকৈ ন্যায়,নিৰাপত্তা আৰু অধিকাৰ প্ৰতিষ্ঠা কৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভাতৃত্বভাৱ গঢ়ি তোলাৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি মইনুল হকক সভাপতি আৰু চুলতান আলমক সাঃসম্পাদক হিচাপে লৈ ২০০৫ চনৰ ১০ এপ্ৰিল দিনটোত কোকৰাঝাৰৰ জয়পুৰ এম.ই মাদ্ৰাছা বাকৰিত এবিএমছুৰ জন্ম হয় ।
বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজৰে পাৰ হৈ বি.টি.চি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু জনগণৰ কণ্ঠ এবিএমছুৱে আজি বিংশতিতম প্ৰতিষ্ঠা দিৱসৰ দুৱাৰডলিত উপনীত হল। যোৱা বিশটা বছৰে অসমৰ বুকুৱেদি পাৰ হৈ যোৱা বহু ধুমুহাই আমাক আৰু অধিক সংগ্ৰামী হবলৈ ক্ষণে ক্ষণে সোঁৱৰাইছে।
বি.টি.চি অঞ্চলৰৰ সংখ্যালঘু নাগৰিকে অস্তিত্বৰ সংকটত ভোগা সময়ছোৱাত ভূমিষ্ঠ এবিএমছুৱে "শিক্ষা জাতিৰ মেৰুদণ্ড,শিক্ষা এবিএমছুৰ মূলমন্ত্ৰ" কথাষাৰ সাৰোগত কৰি আৰম্ভ কৰা আপোচবিহীন সংগ্ৰামী যাত্ৰাই খুব কম সময়ৰ ভিতৰতে বি.টি.চি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু জনগণক এবিএমছুৰ শুভ্ৰ-সেউজ পতাকাৰ তলত ঐক্যবদ্ধ কৰিছিল। বি.টি.চি অঞ্চলৰ নিষ্পেষিত,নিপিড়ীত,অত্যাচাৰিত ,শোষিত ধৰ্মীয় সংখ্যালঘু জনগণে নিজৰ নিগৃহীত অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ আচলতে যেন উদগ্ৰীৱ হৈয়ে আছিল আৰু সেয়া এবিএমছুৰ এক আহ্বানত হেজাৰ হেজাৰ জনগণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে স্পষ্ট কৰিছিল।
আৰম্ভ হৈছিল এক ব্যতিক্ৰমী ছাত্ৰ সংগ্ৰাম। নেলছন মেণ্ডেলাই কৈছিল" এটা জাতীয় সংগঠনে নিজকে জনগণৰ অভিভাৱক হিচাপে গণ্য কৰিব লাগে"। এবিএমছুৱেও নিজকে বি.টি.চি অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু জনগণৰ এক বলিষ্ঠ কণ্ঠ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি তৃণমূল পৰ্যায়ৰ পৰা জনগণৰ সংগ্ৰামী সত্বা জীপাল কৰি বিভিন্ন দিশত কাম কৰিবলৈ আৰম্ভ কৰিছিল।
দীৰ্ঘম্যাদী আচনিৰে গুণগত শিক্ষা, নাৰী শিক্ষা নিশ্চিতকৰণ তথা সমাজৰ কুসংস্কাৰ সমূহ আতৰ কৰি এক প্ৰগতিশীল বৈজ্ঞানিক সমাজব্যৱস্থা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা হয় এক সামাজিক আন্দোলন, যি আজিও অব্যাহত আছে।
যোৱা সময়ছোৱাত বি.টি.চি এলেকাত সংঘটিত বিভিন্ন গোষ্ঠীসংঘাত,নৰসংহাৰ তথা বিভিন্ন জটিল সময়ত এবিএমছুৱে সদায় দৃঢ় প্ৰাচীৰৰ দৰে থিয় দি স্থায়ী শান্তি প্ৰতিষ্ঠাৰ অহৰহ চেষ্টা কৰি আহিছে। এই সময়ছোৱাত এবিএমছুৰ তদানীন্তন সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদ, শ্বহীদ নুৰ হুছেইন, শ্বহীদ আমজাদ আলী,শ্বহীদ আব্দুল ফজল,শ্বহীদ কাছেম আলী,শ্বহীদ হাছেন আলী,শ্বহীদ কাছেম আলী আৰু শ্বহীদ আতোৱাৰ ৰহমানে জাতীয় অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামৰ পথাৰত বীৰৰ দৰে প্ৰাণাহুতি দি এবিএমছুৰ ইতিহাসত তেজৰঙা আখৰেৰে নিজৰ নাম লিপিবদ্ধ কৰিছে। সূৰ্য,চন্দ্ৰ তৰা আকাশত ওলাই থকালৈকে এবিএমছুৰ পতাকা অসমৰ আকাশত উৰুৱাই ৰাখি নিজৰ দেহৰ তেজৰ ওপৰেৰে নিপিড়ীত,নিষ্পেষিত,লান্সিত,শোষিত জনগণৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ অদম্য সাঁহস আৰু হেঁপাহ হেজাৰ হেজাৰ এবিএমছু কৰ্মীয়ে বুকত বান্ধি অহৰ্নিশে সংগ্ৰাম অব্যাহত ৰাখিছে।এবিএমছুৰ তদানীন্তন সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদে দূৰ্বৃত্তৰ ১২ জাই গুলী বুকুত পাতি প্ৰাণাহুতি দি এই সাঁহসক অধিক স্পষ্ট কৰি থৈ গৈছে।
এই সংগ্ৰাম কোনো এক নিৰ্দিষ্ট লক্ষ্যস্থানমুখী নহয়। এই সংগ্ৰাম হল এক অবিৰত যাত্ৰা। এক শোভাযাত্ৰা। অসমৰ এই প্ৰান্তীয় অঞ্চলৰ সংখ্যালঘু জনগণৰ সংগ্ৰামী শোভাযাত্ৰা।
প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন বিষয়ববীয়াসকলক সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছো।
শ্বহীদসকলক সশ্ৰদ্ধ স্মৰণ কৰিছো।
নিৰ্যাতিত সকলৰ ত্যাগক ছালাম জনাইছো।
জয়তু এবিএমছু।
✊✊✊