ইকৰাবাৰী আঞ্চলিক আমছু,ওদালগুৰী

  • Home
  • India
  • Udalguri
  • ইকৰাবাৰী আঞ্চলিক আমছু,ওদালগুৰী

ইকৰাবাৰী আঞ্চলিক আমছু,ওদালগুৰী PRESIDENT G.SECRETARY
Shekh Abdullah Inamul Hoque

AAMSU STANDS IN SOLIDARITY WITH SONAM WANGCHUKWe stand with Sonam Wangchuk in his peaceful hunger strike at Jantar Manta...
17/07/2026

AAMSU STANDS IN SOLIDARITY WITH SONAM WANGCHUK

We stand with Sonam Wangchuk in his peaceful hunger strike at Jantar Mantar.

•Save Democracy
• Protect Constitutional Rights
• Respect Peaceful Protest

Justice Through Dialogue, Not Silence.

শোক বাৰ্তা!      আপোনালোকক দুখঃৰে জনাব বিচাৰিছোঁ যে সুদীৰ্ঘ বহু বছৰ বকুলতলা এম ই স্কুলত সহকাৰী হিন্দী শিক্ষক হিচাপে কৰ্ম...
08/07/2026

শোক বাৰ্তা!
আপোনালোকক দুখঃৰে জনাব বিচাৰিছোঁ যে সুদীৰ্ঘ বহু বছৰ বকুলতলা এম ই স্কুলত সহকাৰী হিন্দী শিক্ষক হিচাপে কৰ্মৰত আছিলে ,অৱসৰ প্রাপ্ত শিক্ষক আলহাজ আইনুল হক তেখেত ইহলীলা সম্বৰণ কৰিছে । তেখেতৰ মৃত্যুয়ে আমাক মৰ্মাহত কৰিছে। তেখেতৰ শোক সন্তপ্ত পৰিয়াল বৰ্গক ইকৰাবাৰী আঞ্চলিক আমছুৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছো লগতে তেখেতক যাতে মহান আল্লাহ পাকে জান্নত নচিব কৰে তাৰে কামনা কৰিছোঁ। আমিন।

সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।সকলোৱে সফল হওঁক।
09/02/2026

সকলো পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।সকলোৱে সফল হওঁক।

আজি ওদালগুৰি জিলা চক্ৰ বিষয়াৰ কাৰ্যালয়ত SR ৰ শুনানি চলি থকা অৱস্থাত ওদালগুৰি জিলা আমছু আৰু এবিএমছুৰ এটি সঁজাতি দলে ADC...
27/01/2026

আজি ওদালগুৰি জিলা চক্ৰ বিষয়াৰ কাৰ্যালয়ত SR ৰ শুনানি চলি থকা অৱস্থাত ওদালগুৰি জিলা আমছু আৰু এবিএমছুৰ এটি সঁজাতি দলে ADC মহোদয়ৰ লগত সাক্ষাৎ কৰি কোনো প্ৰকৃত ভাৰতীয়ৰ যাতে নাম কৰ্তন নহয় তাৰ দাবী জনোৱা হয়।

18/01/2026

ঘৰে, ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা।।
আমছু

🌹আমছুৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতি      Adv Imtiaz Hussain  ডাঙৰীয়ালৈ সংগ্ৰামী     অভিনন্দন জ্ঞাপন কৰিলোঁ।    ...
31/12/2025

🌹আমছুৰ কেন্দ্ৰীয় সমিতিৰ নৱ নিৰ্বাচিত সভাপতি
Adv Imtiaz Hussain ডাঙৰীয়ালৈ সংগ্ৰামী
অভিনন্দন জ্ঞাপন কৰিলোঁ।

।।আমছু জিন্দাবাদ।।
।।ইকৰাবাৰী আঞ্চলিক সমিতি।।

এই বিদায়,বিদায় নহয়, এয়া আপোনাৰ গৌৰৱময় যাত্ৰাৰ এক নতুন অধ্যায়।আজিৰ এই বিদায় এটা সংগ্ৰামী কণ্ঠৰ অৱসৰ নহয়,এইটো এটা ...
30/12/2025

এই বিদায়,বিদায় নহয়, এয়া আপোনাৰ গৌৰৱময় যাত্ৰাৰ এক নতুন অধ্যায়।
আজিৰ এই বিদায় এটা সংগ্ৰামী কণ্ঠৰ অৱসৰ নহয়,এইটো এটা যুগৰ স্মৰণ।
এটা বজ্ৰকণ্ঠৰ প্ৰতিধ্বনি হৃদয়ত সজীৱ কৰাৰ ক্ষণ।

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি হিচাপে শ্ৰদ্ধেয় Rejaul Karim Sarkar , President of AAMSU ডাঙৰীয়াই আমছুক কেৱল এটা সংগঠন হিচাপে নহয়, এক দৃঢ় আদৰ্শ,এক সংগ্ৰামী চেতনা আৰু নিপীড়িতৰ বলিষ্ঠ কণ্ঠ হিচাপে গঢ়ি তুলিলে। য'ত ভয় আছিল,তাত‌ তেখেতে সাহসৰ ডংকা বজালে।য'ত নীৰৱতা আছিল, তাত বজ্ৰনিনাদ শুনালে। ছাত্ৰ সমাজৰ অধিকাৰ, সংখ্যালঘুৰ মৰ্যাদা আৰু সামাজিক ন্যায়ৰ বাবে তেখেত সদায় বলিষ্ঠ কণ্ঠৰে সংগ্ৰাম কৰিলে।

এই বিদায়ৰ অৰ্থ অন্ত নহয়, এয়া এক নতুন যাত্ৰাৰ আৰম্ভণি। কাৰণ ৰেজাউল কৰিম সৰকাৰ মানে কেৱল এটা নাম নহয়--- ৰেজাউল কৰিম সৰকাৰ মানে এক চিন্তা, এক সাহস, এক সংগ্ৰামী সত্তা। আমছুৰ আকাশত তেখেতৰ কণ্ঠ চিৰদিন প্ৰতিধ্বনিত হৈ থাকিব, নতুন নেতৃত্বৰ পথত তেখেতৰ আদৰ্শ দিকনিৰ্ণায়ক হৈ ৰ'ব।

শ্ৰদ্ধেয় নেতা,
আপোনাৰ এই সংগ্ৰামী যাত্ৰাৰ বাবে আমি কৃতজ্ঞ, গৌৰৱান্বিত আৰু অনুপ্ৰাণিত।আপোনাৰ আগন্তুক দিনবোৰ অধিক দীপ্তিময় হওঁক, জনতাৰ সেৱা আৰু ন্যায়ৰ যুঁজত আপোনাৰ সংগ্ৰাম সদায় অব্যাহত হৈ থাকক। এই বিদায় ক্ষণত আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰ লগতে বেদনাসিক্ত হৃদয়েৰে বিদায় সম্ভাষণ জনালোঁ।

শ্ৰদ্ধাৰে,
সভাপতি: Shekh Abdullah
সা: সম্পাদক: Mhmd Inam
ইকৰাবাৰী আঞ্চলিক আমছু, ওদালগুৰি

23/12/2025

সকলোলৈ ইংৰাজী নৱবৰ্ষৰ অগ্ৰিম শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
সমাগত ২০২৫-২৬ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰী মাহৰ ২য় সপ্তাহৰ পৰা আৰম্ভ হ'ব।
গতিকে পৰীক্ষাৰ্থীসকলৰ অধ্যয়নৰ প্ৰতি
লক্ষ্য ৰাখি কোনেও যাতে দিনে-নিশাই উচ্চ শব্দৰে DJBOX বা হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰি তেওঁলোকৰ অধ্যয়নত ব্যাঘাত নজন্মায়, সকলোলৈ তাৰেই আহ্বান জনালোঁ।

ভৱদীয়
সভাপতি
শ্বেখ আব্দুল্লাহ
ইকৰাবাৰী আঞ্চলিক সমিতি

Address

Udalguri

Telephone

+919101940309

Website

Alerts

Be the first to know and let us send you an email when ইকৰাবাৰী আঞ্চলিক আমছু,ওদালগুৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share