AAGSU Tinsukia District Committee

AAGSU Tinsukia District Committee ALL ASSAM GORKHA STUDENTS UNION

আজি  ইং-৩/০৯/২০২৪ তাৰিখে মাৰ্ঘেৰিটা মহকুমা অন্তৰ্গত জাগুন  নিংগাম গাঁওত সদৌ অসম গোৰ্খা ছাত্ৰ তিনিচুকীয়া জিলা সমিতি তথা ...
03/09/2024

আজি ইং-৩/০৯/২০২৪ তাৰিখে মাৰ্ঘেৰিটা মহকুমা অন্তৰ্গত জাগুন নিংগাম গাঁওত সদৌ অসম গোৰ্খা ছাত্ৰ তিনিচুকীয়া জিলা সমিতি তথা অইল ইণ্ডিয়া লিমিটেড দুলিয়াজনৰ উদ্যোগত আৰু টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ সহযোগত বিনামূলীয়া চিকিৎসা শিবিৰ আয়োজন কৰা হয়।

নৱগঠীত--সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা , ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰত্ন থাপা ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক দীপু ঘিচিং ডাঙৰীয...
01/09/2024

নৱগঠীত--
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা , ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰত্ন থাপা ডাঙৰীয়া আৰু সাধাৰণ সম্পাদক দীপু ঘিচিং ডাঙৰীয়ালৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ,তিনিচুকীয়া জিলা সমিতি হৈ আন্তঁৰিক শুভেচ্ছাঁ জ্ঞাপন কৰিছোঁ___।।

আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ এটি সজাতি দলে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনামিন ডাঙৰীয়াৰ লগ...
16/08/2024

আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ এটি সজাতি দলে অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনামিন ডাঙৰীয়াৰ লগত প্রয়াত ৰোহিত বাহাদুৰ চেত্ৰীক অপহৰণ কৰি হত্যা কৰা হত্যাকাৰিক ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক ফাঁচী তথা পৰিয়াললৈ এককালীন আৰ্থিক অনুদান দিবৰ বাবে এক আলোচনাত মিলিত হয়।।।

আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত মোলাং শাখা সমিতি গঠন কৰা হয় । য'ত সদৌ অসম গোৰ্খা ছাত্ৰ ...
29/07/2024

আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত মোলাং শাখা সমিতি গঠন কৰা হয় । য'ত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক শংকৰ জৈছি ,প্ৰচাৰ সম্পাদক অৰুণ ছেত্ৰী আৰু সক্ৰিয় সদস্য দিল বাহাদুৰ ছেত্ৰী উপস্থিত থাকে আৰু উক্ত সভাতে সৰ্বসন্মতি ক্ৰমে সভাপতি পদত গণেশ উপাধ্যায় আৰু সম্পাদক পদত কেশৱ শৰ্মাক নিৰ্বাচিত কৰি উক্ত শাখা সমিতিৰ দায়িত্ব ভাৰ অৰ্পণ কৰা হয় ।

যোৱা 24 জুলাই তাৰিখে শদিয়াৰ কুণ্ডিল নদীত ডুবি প্ৰাণ হেৰুৱা প্ৰায় 15/16 বছৰৰ ক্লাচ 10 ত অধ্যয়নৰত চাৰি গৰাকীকৈ মৰম লগা কম ...
29/07/2024

যোৱা 24 জুলাই তাৰিখে শদিয়াৰ কুণ্ডিল নদীত ডুবি প্ৰাণ হেৰুৱা প্ৰায় 15/16 বছৰৰ ক্লাচ 10 ত অধ্যয়নৰত চাৰি গৰাকীকৈ মৰম লগা কম বয়সীয়া ছাত্ৰ ক্ৰমে অমৃত ছেত্ৰী, ৰাম ভণ্ডাৰী,ভাস্কৰ ভট্ৰৰাই, বিবেক কাৰ্কীৰ শোকাৱহ মৃত্যুত আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি গভীৰভাৱে মৰ্মাহত হৈছো আৰু সমগ্ৰ ঘটনাটোক লৈ আমি গভীৰ শোক প্ৰকাশ কৰিছোঁ ৷
বৰ্ণনা কৰিব নোৱাৰা শদিয়াৰ এই শোকাৱহ কৰুণ ঘটনাত প্ৰাণ হেৰুৱা ছাত্ৰসকলৰ বাসগৃহত আজি আমি আমাৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক Numal Chetry দেৱৰ সৈতে উপস্থিত থাকি উক্ত ঘটনাত মৃত্যুবৰণ কৰা ছাত্ৰসকলৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰাৰ লগতে তেঁওলোকৰ পৰিয়াল বৰ্গৰ প্ৰতি আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰোঁ ৷
সমান্তৰালভাৱে আগন্তুক দিনত তেঁওলোকৰ যিকোনো সমস্যাত তেঁওলোকক আমাৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিওঁ ৷

আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা অন্তৰ্গত পশ্চিম শদিয়া আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভা...
28/07/2024

আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা অন্তৰ্গত পশ্চিম শদিয়া আঞ্চলিক সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি সভাত সৰ্বসন্মতিৰে নিৰ্বাচিত হোৱা সভাপতি জিত বাহাদুৰ ছেত্ৰী
সম্পাদক বিবেক কাৰ্কী লগতে সমুহ বিষয়ববীয়ালৈ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

*शिक्षित समाज, विकसित जाति* মাৰ্ঘেৰিটাৰ মাকুম কিল্লা নিৱাসী মেধাৱী ছাত্ৰ চনম লামাই বিগত HS (কলাশাখা) পৰীক্ষাৰ ফলাফলত 73 ...
24/07/2024

*शिक्षित समाज, विकसित जाति*
মাৰ্ঘেৰিটাৰ মাকুম কিল্লা নিৱাসী মেধাৱী ছাত্ৰ চনম লামাই বিগত HS (কলাশাখা) পৰীক্ষাৰ ফলাফলত 73 % লৈ সুখ্যাতিৰে উত্তীৰ্ণ হৈ ইতিমধ্যে ডিগবৈ মহাবিদ্যালয়ত স্নাতক ডিগ্ৰীৰ বাবে ৰাজনীতি বিজ্ঞান বিভাগত নামভৰ্তি কৰিছে ৷
মেধাৱী ছাত্ৰ চনম লামাই নিজৰ আৰ্থিক দুৰাৱস্থাৰ বাবে উচ্চ শিক্ষাৰ আৰম্ভণিতে যথেষ্ঠ সমস্যাৰ সন্মুখীন হোৱাৰ বিষয়ে আমি অৱগত হওঁ ৷ আৰু লগে লগে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰচাৰ সম্পাদক অৰুন ছেত্ৰীৰ বিশেষ তৎপৰতাত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত উক্ত দৰিদ্ৰ মেধাৱী ছাত্ৰ চনম লামাক নিজৰ উচ্চ শিক্ষাৰ যাত্ৰাত সহায়ক হোৱাকৈ বিশেষ শৈক্ষিক সহযোগ অৰ্থাৎ মহাবিদ্যালয়ত পৰিধান কৰিব লগীয়া এযোৰ Uniform(পোছাক) আৰু কিছু শৈক্ষিক সামগ্ৰী যোগান ধৰা হ'ল ৷
আমাৰ ক্ষুদ্ৰ সহযোগে ভাতৃপ্ৰতিম চনম লামাৰ অৰ্থনৈতিক সমস্যাৰ সমাধান নকৰিলেও কিঞ্চিত পৰিমানে হলেও তেখেতক সকাহ দিব আৰু আমি ভৱিষ্যতেও আমাৰ সামৰ্থ্য অনুযায়ী তেখেতক সহায়ৰ হাত আগবঢ়োৱাৰ আশ্বাস দিছো ৷

আৰ্থিক দৰিদ্ৰতাক পিছ পেলাই বিগত মেট্ৰিক পৰীক্ষাত প্ৰায় 83% লৈ সফলতাৰে নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱা টিৰাপ(জাগুণ) ৰ নিৱাস...
23/07/2024

আৰ্থিক দৰিদ্ৰতাক পিছ পেলাই বিগত মেট্ৰিক পৰীক্ষাত প্ৰায় 83% লৈ সফলতাৰে নিজৰ নাম উজ্বলাবলৈ সক্ষম হোৱা টিৰাপ(জাগুণ) ৰ নিৱাসী শ্ৰীমতী দিয়া চুনাৰৰ আগন্তুক শৈক্ষিক যাত্ৰাত সমভাগী হোৱাৰ প্ৰয়াসত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ তৎপৰতাত তথা টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ সহযোগত আৰ্থিকভাৱে দৰিদ্ৰ কিন্তু অত্যন্ত মেধাৱী ছাত্ৰী শ্ৰীমতী দিয়া চুনাৰক HS 1st Year ৰ বিজ্ঞান বিষয়ৰ প্ৰায় সকলো কিতাপ আৰু বহী,কলম,পেঞ্চিল ইত্যাদি আৱশ্যকীয় সামগ্ৰীৰ যোগান ধৰা হ'ল ৷

ডিগবৈ স্থিত শ্ৰী শ্ৰী নেপালী বিঞ্চু মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত 210 সংখ্যক ভানু জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি...
23/07/2024

ডিগবৈ স্থিত শ্ৰী শ্ৰী নেপালী বিঞ্চু মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত 210 সংখ্যক ভানু জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ মুকলি সভাত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ শিক্ষা সম্পাদক খেম বাহাদুৰ ছেত্ৰীৰ লগতে ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি ৰামু নেৱাৰ আৰু সম্পাদক প্ৰকাশ থাপা উপস্থিত থাকে ৷
উক্ত সভাতে পৰম্পৰাগতভাৱে বিঞ্চু মন্দিৰ সমিতিয়ে *মুহান* নামৰ ঐতিহ্য আৰু সমৃদ্ধিশালী এক মুখপত্ৰৰ উন্মোচন কৰে ৷
নেপালী ভাষা-সাহিত্য তথা কলা-সংস্কৃতি জীয়াই ৰখাৰ ক্ষেত্ৰত ডিগবৈ স্থিত এই মন্দিৰ সমিতিৰ কৰণীয় সচাঁকৈয়ে লেখত লবলগীয়া ৷

জয়তু নেপালী ভাষা-সংস্কৃতি
জয় গোৰ্খা
জয় আই অসম।

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেতেটং - পাৱৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত ৰাজখোৱা শাখা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত  সদৌ অসম গোৰ্খা...
22/07/2024

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেতেটং - পাৱৈ আঞ্চলিক সমিতিৰ অন্তৰ্গত ৰাজখোৱা শাখা সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উপস্থিতি।

Address

Tinsukia

Website

Alerts

Be the first to know and let us send you an email when AAGSU Tinsukia District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share