All Moran Students' Union, Tinsukia Regional Committee

All Moran Students' Union, Tinsukia Regional Committee জয়তু মৰাণ
জয়তু সদৌ মৰাণ ছাত্ৰ সন্থা

পুৱাই দুখৰ খবৰসদৌ মৰাণ ছাত্ৰ সন্থাৰ ধলা-শদিয়া আঞ্চলিক সমিতিৰ সভাপতি প্ৰশান্ত মৰাণ কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ ড...
30/01/2026

পুৱাই দুখৰ খবৰ
সদৌ মৰাণ ছাত্ৰ সন্থাৰ ধলা-শদিয়া আঞ্চলিক সমিতিৰ সভাপতি প্ৰশান্ত মৰাণ কিছুদিন ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল। দুখৰ বিষয়, আজি তেখেত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় ললে।
এই শোকসংবাদে সদৌ মৰাণ ছাত্ৰ সন্থাক গভীৰভাৱে মৰ্মাহত কৰিছে। আমি সতীৰ্থ প্ৰশান্ত মৰাণৰ আত্মাৰ শান্তি কামনা কৰিছো আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়াললৈ আমাৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

05/09/2025
APSC , BANKING, SSC Coaching, GNM , Nursing , ITI , Polytechnic , Engeneering, MBBS, University,  ৰ মৰাণ জনগোষ্ঠীয় সংৰক্...
05/09/2025

APSC , BANKING, SSC Coaching, GNM , Nursing , ITI , Polytechnic , Engeneering, MBBS, University, ৰ মৰাণ জনগোষ্ঠীয় সংৰক্ষিত আসনৰ সম্পৰ্কত আমালৈ বহু ফোন আহে , কেতিয়া counceling হব ,Document কি লাগিব , কেনেকৈ কৰিব লাগিব ইত্যাদি ইত্যাদি ....ভিন্ন ধৰণৰ প্ৰশ্ন ?

আমি প্ৰতিবছৰে , বহু কেইজন ডাক্তৰকে প্ৰমুখ্যে ৫০০ ত কৈ অধিক ছাত্ৰ ছাত্ৰীক ইতিমধ্যে সুবিধা প্ৰদান কৰি আহিছোঁ।

অহা ৬ ছেপ্টেম্বৰত
মাৰ্ঘেৰিটাত আৰু অহা ১০ ছেপ্টেম্বৰ ২০২৫ তাৰিখে তিনিচুকীয়াত হব লগা নায্য প্ৰাপ্তিৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাবেও অভিভাৱক সকলৰ ফোন বোৰ আমালৈ আহক , এনেধৰেনে....
কিমান সময় পৰা হব ?
কেনেকৈ যাব লাগিব ?
কোন ঠাইত আমি লগ হম ?

আশা কৰিছোঁ প্ৰতিটো Counseling ত লগ পোৱা অভিভাৱক সকলৰ মুখবোৰ আন্দোলনৰ কাৰ্যসূচী বোৰতো দেখা পাম ।

।। সকলোৱে নিজৰ জাতিৰ বাবে ওলাই আহক ।।


।। সদৌ মৰাণ ছাত্ৰ সন্থা ।।

সদৌ মৰাণ ছাত্র সন্থা, তিনিচুকীয়া আঞ্চলিক সমিতিৰ নৱ-নিৰ্বাচিত সভাপতি দেৱজিৎ চুতীয়া আৰু সাধাৰণ সম্পাদক হোমেন চুতীয়াৰ লগ...
20/10/2024

সদৌ মৰাণ ছাত্র সন্থা, তিনিচুকীয়া আঞ্চলিক সমিতিৰ নৱ-নিৰ্বাচিত সভাপতি দেৱজিৎ চুতীয়া আৰু সাধাৰণ সম্পাদক হোমেন চুতীয়াৰ লগতে নৱ-নিৰ্বাচিত সমিতি খনৰ সকলো বিষয়ববীয়ালৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলো।

সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত অসম ভিত্তিত পঞ্চম বার্ষিক প্রতিভা সন্ধানী একক কণ্ঠ সংগীত প্রতিযোগ...
14/10/2024

সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত অসম ভিত্তিত পঞ্চম বার্ষিক প্রতিভা সন্ধানী একক কণ্ঠ সংগীত প্রতিযোগিতা
১৭, ১৮ অক্টোবৰ ২০২৪ অডিচন ৰাউণ্ড স্থানঃ সদৌ মৰাণ ছাত্ৰ সন্থা, তিনিচুকীয়া আঞ্চলিক সমিতিৰ কার্যালয় প্রাঙ্গণ, গেলাপুখুৰী, তিনিচুকীয়া..

২০ অক্টোবৰ, ২০২৪ চূড়ান্ত ৰাউণ্ড স্থান: শ্রীশ্রীঅষ্টভুজ প্রকল্প পুৰণি মটাপুং, বাৰেকুৰি, তিনিচুকীয়া...
মুঠ প্রাইজমানি ৪০,০০০ টকা...

যি সকল ইচ্ছুক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰিব বিচাৰে যোগাযোগ কৰিবলৈ ফোন নম্বৰ তলত দিয়া হৈছে ৯৯৫৭৭২০৩৪৩,৯৯৫৪০২৫০৫৬
All Moran Students' Union

আজি নীলবাৰী ক্ৰীড়া সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত শ্ৰী বিজিত চুতীয়া ক সভাপতি আৰু শ্ৰী কেশৱ চাউৰক ক সাধাৰণ ...
29/09/2024

আজি নীলবাৰী ক্ৰীড়া সংঘৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত শ্ৰী বিজিত চুতীয়া ক সভাপতি আৰু শ্ৰী কেশৱ চাউৰক ক সাধাৰণ সম্পাদক হিচাপে লৈ সদৌ মৰাণ ছাত্ৰ সন্থা " পথাৰকান, বুৰুংচুক, বালিজান ( বৰগাওঁ) নামেৰে" এখন শক্তিশালী শাখা সমিতি নতুনকৈ গঠন কৰা হয়। আশা কৰোঁ অনাগত দিনত শাখা সমিতি খনে অঞ্চলটোৰ লগতে জনজাতিটোৰ সৰ্বত্ৰ প্ৰকাৰ উন্নয়নৰ হকে কাম কৰি যাব। এই চেগতে শাখা সমিতি খনৰ সভাপতি-সাধাৰণ সম্পাদক ৰ লগতে সকলো বিষয় - ববীয়ালৈ সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ।

সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ অন্তৰ্গত পশ্চিম বাৰেকুৰি শাখা সমিতিৰ খন নৱীকৰণ কৰা হয়। আজিৰ সভাই নিবাৰণ...
16/09/2024

সদৌ মৰাণ ছাত্ৰ সন্থা তিনিচুকীয়া আঞ্চলিক সমিতিৰ অন্তৰ্গত পশ্চিম বাৰেকুৰি শাখা সমিতিৰ খন নৱীকৰণ কৰা হয়। আজিৰ সভাই নিবাৰণ দুৱাৰ ক সভাপতি আৰু নয়ন জ্যোতি মৰাণ ক সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

আজি তিনিচুকীয়া চহৰত মৰাণ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিভুক্ত স্বায়ত্ব শাসনৰ বাবে এক শক্তিশালী ...
05/07/2024

আজি তিনিচুকীয়া চহৰত মৰাণ জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচিভুক্ত স্বায়ত্ব শাসনৰ বাবে এক শক্তিশালী আন্দোলন কৰা হয়। এই আন্দোলনে জিলা প্ৰশাসনকো মোহাৰি, নেওচি , মৰাণ জনগণই কাৰ্যসূচী সফল কৰি তুলিলে। মৰাণ জনগোষ্ঠীয়ে এই প্ৰাপ্যৰ অধিকাৰ ল'বলৈ আগন্তুক দিনত যিকোনো পৰ্য্যায়ৰ কাৰ্যসূচী হাতত লোৱা হ'ব ।

সদৌ মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিলৈ তিনিচুকীয়া আঞ্চলিক সমিতিৰ পৰা প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱা উপ সভাপতি অভিজিত ...
11/03/2024

সদৌ মৰাণ ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিলৈ তিনিচুকীয়া আঞ্চলিক সমিতিৰ পৰা প্ৰতিনিধি হিচাপে নিৰ্বাচিত হোৱা উপ সভাপতি অভিজিত চেতিয়া, কাৰ্যালয় সম্পাদক বিপ্লৱ জ্যোতি বৰুৱা আৰু সদস্য বসন্ত চুতীয়ালৈ তিনিচুকীয়া আঞ্চলিক সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

জাতীয় শ্বহীদ বিনন্দ মৰাণ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা ২০২৩ বৰ্ষৰ  কেইটামান মূহুৰ্ত।All Moran Students' Union
03/09/2023

জাতীয় শ্বহীদ বিনন্দ মৰাণ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা ২০২৩ বৰ্ষৰ কেইটামান মূহুৰ্ত।
All Moran Students' Union

সদৌ মৰাণ ছাত্ৰ সন্থাৰ , তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক প্ৰতিভা সন্ধানী  ্ঠ_সংগীত_প্ৰতিযোগিতা_ অহা ৬ ,...
12/03/2023

সদৌ মৰাণ ছাত্ৰ সন্থাৰ , তিনিচুকীয়া আঞ্চলিক সমিতিৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক প্ৰতিভা সন্ধানী ্ঠ_সংগীত_প্ৰতিযোগিতা_ অহা ৬ ,৭ ,আৰু ৮ এপ্ৰিলৰ পৰা বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হ'ব।
গতিকে সমূহ ৰাইজক এই অনুষ্ঠানটো সহায় সহযোগ কৰিবলৈ লগতে দিহা পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ।
's

#জয়টো_মৰাণ

Address

Tinsukia

Telephone

+919365023297

Website

Alerts

Be the first to know and let us send you an email when All Moran Students' Union, Tinsukia Regional Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share