03/08/2026
ড° মন্ জু হালৈ বাইদেউৰ আহ্বানত জলখানা ভঠুৱাখানা স্বৰ্ণ শাখা সাহিত্য সভাৰ তৰফৰ পৰা ১৮ৰপৰা ২৫ বছৰ বয়সৰ এইসকল যুৱ লেখকৰ লেখা 'ৰামধেনু'ৰ বাবে আগবঢ়াইছিলোঁ। আশাকৰা ধৰণে লেখাসমূহ প্ৰকাশৰ বাবে বিবেচনা কৰাৰ বাবে বাইদেউৰ লগতে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি মাননীয় ড° বীৰেন কুমাৰ চক্ৰৱৰ্তী, সম্পাদক মাননীয় শ্ৰী নৰেশ্বৰ কলিতাৰ লগতে ৰামধেনু উপ - সমিতিৰ সমূহ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। সুন্দৰ ডিটিপি আৰু ছেটিঙৰ বাবে শ্ৰী তপন তালুকদাৰ ডাঙৰীয়াকো অভিনন্দন জনাইছো। এনেধৰণৰ পদক্ষেপৰ দ্বাৰা অসম সাহিত্য সভাই লক্ষ্য আৰু উদ্দেশ্য সাৰ্থক কৰাত বহুখিনি সফল হ'ব বুলি দৃঢ় বিশ্বাস।