BTSM - Dibrugarh

BTSM - Dibrugarh Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BTSM - Dibrugarh, Youth Organization, Tengakhat.

BTSM যুৱ বিভাগৰ ৰাজগড় আৰু টিংখং আঞ্চলিক সমিতিৰ নৱনিযুক্ত সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জনালোঁ। 🚩Congratulations t...
18/09/2026

BTSM যুৱ বিভাগৰ ৰাজগড় আৰু টিংখং আঞ্চলিক সমিতিৰ নৱনিযুক্ত সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জনালোঁ। 🚩

Congratulations to all the newly appointed office bearers of Rajgarh and Tingkhong regional committee BTSM yuva vibhag 🚩

Bharat Tibet Sahyog Manch
BTSM Assam Prant

BTSM যুৱ বিভাগৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ নৱনিযুক্ত সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জনালোঁ। 🚩Congratulations to all ...
18/09/2026

BTSM যুৱ বিভাগৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ নৱনিযুক্ত সমূহ বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জনালোঁ। 🚩

Congratulations to all the newly appointed office bearers of Naharkatia regional committee BTSM yuva vibhag 🚩

Bharat Tibet Sahyog Manch
BTSM Assam Prant

সাংগঠনিক দায়িত্বঃ ভাৰত-তিব্বত সহযোগ মঞ্চৰ যুৱ বিভাগ, ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি আৰু সম্পাদক হিচাপে আপোনালোকক নিযুক...
15/09/2026

সাংগঠনিক দায়িত্বঃ

ভাৰত-তিব্বত সহযোগ মঞ্চৰ যুৱ বিভাগ, ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি আৰু সম্পাদক হিচাপে আপোনালোকক নিযুক্তি প্ৰদান কৰা হৈছে। এই নিৰ্দেশনা তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হ’ল।

BTSM Assam Prant

পৱিত্ৰ তিৰোভাৱ তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সশ্ৰদ্ধ প্ৰণাম 🙏অসমীয়া জাতিৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ম...
12/09/2026

পৱিত্ৰ তিৰোভাৱ তিথিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক সশ্ৰদ্ধ প্ৰণাম 🙏

অসমীয়া জাতিৰ আধ্যাত্মিক, সামাজিক আৰু সাংস্কৃতিক জীৱনৰ মহান পথপ্ৰদৰ্শক, একশৰণ নামধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথিত মহান গুৰুজনালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। 🙏

গুৰুজনাৰ একতা, ভাতৃত্ববোধ, মানৱতা, সমন্বয় আৰু ভক্তিৰ আদৰ্শই যুগে যুগে অসমীয়া সমাজক পথ দেখুৱাই আহিছে। তেওঁৰ অমৰ সৃষ্টি, আদৰ্শ আৰু চিন্তাধাৰাই আমাৰ সমাজ আৰু সংস্কৃতিক আজিও সমৃদ্ধ কৰি ৰাখিছে।

এই পৱিত্ৰ দিনটোত গুৰুজনাৰ মহান আদৰ্শ হৃদয়ত ধাৰণ কৰি শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ আৰু মানৱ সেৱাৰ পথেৰে আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰোঁ।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চৰণত কৌটি কৌটি প্ৰণাম। 🙏

“এক শৰণ হৰি নাম” 🚩
জয় গুৰুজনাৰ। 🙏

চুকাফা ভৱনত BTSM ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা - Yuva vibhag বিষয়ববীয়াসকলৰ বৈঠক সফলতাৰে সম্পন্নভাৰত-তিব্বত সহযোগ মঞ্চ...
07/09/2026

চুকাফা ভৱনত BTSM ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা - Yuva vibhag বিষয়ববীয়াসকলৰ বৈঠক সফলতাৰে সম্পন্ন

ভাৰত-তিব্বত সহযোগ মঞ্চ (BTSM)ৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা সমিতিৰ yuva vibhagor বিষয়ববীয়াসকলৰ এখন যুটীয়া বৈঠক ৬ ছেপ্টেম্বৰ ২০২৬ তাৰিখে চুকাফা ভৱনত সফলতাৰে অনুষ্ঠিত হয়।

বৈঠকখন BTSM অসম প্ৰান্তৰ সভাপতি মাননীয় শ্ৰীযুত বসন্ত চুতীয়া ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত হয়। উপস্থিত থাকে BTSM উত্তৰ-পূৰ্বাঞ্চলৰ সমন্বয়ক শ্ৰীযুত ড° বিচাম কুমাৰ সিংহ ডাঙৰীয়া, BTSM যুৱ বিভাগ, অসম প্ৰান্তৰ সভাপতি শ্ৰীযুত ইশানু প্ৰসেনজিৎ চুতীয়া ডাঙৰীয়া আৰু অন্যান্য নিষ্ঠাবান কাৰ্যকৰ্তাসকল।

বৈঠকত উজনি অসমত BTSMৰ সাংগঠনিক শক্তি সুদৃঢ় কৰা, আগন্তুক কাৰ্যসূচী আৰু যুৱ বিভাগৰ বিভিন্ন কাৰ্যকলাপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। ✊🚩🇮🇳

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা!ভগৱান শ্ৰীকৃষ্ণই আপোনালোক সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।শুভেচ...
04/09/2026

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা!

ভগৱান শ্ৰীকৃষ্ণই আপোনালোক সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক।

শুভেচ্ছাকাংক্ষী:

ভাৰত-তিব্বত সহযোগ মঞ্চ (BTSM)
যুৱ বিভাগ, ডিব্ৰুগড় জিলা

যোৱা কালি BTSM-RSS (যুৱ বিভাগ), ডিব্ৰুগড় জিলাৰ অধীনত  দুলীয়াজান আঞ্চলিকৰ  কাৰ্যকৰ্তাসকলে ৰাজ্যিক সভাপতি  , BTSM-RSS (য...
02/09/2026

যোৱা কালি BTSM-RSS (যুৱ বিভাগ), ডিব্ৰুগড় জিলাৰ অধীনত দুলীয়াজান আঞ্চলিকৰ কাৰ্যকৰ্তাসকলে ৰাজ্যিক সভাপতি , BTSM-RSS (যুৱ বিভাগ) শ্ৰী ইশানু প্ৰসেনজিৎ ডাঙৰীয়াক উষ্ম আদৰণি জনোৱাৰ লগতে ফুলাম গামোচা আৰু কুসুমস্তৱকেৰে সম্বৰ্ধনা জনায়।

ৰাজ্যিক সভাপতি ডাঙৰীয়াই দুলীয়াজান আঞ্চলিকৰ কাৰ্যকৰ্তাসকলক দায়িত্ব অৰ্পণ কৰে। 🚩

পবিত্ৰ ৰাখী বন্ধন উপলক্ষে বিশেষ কাৰ্যসূচী 🪢🙏আজি বি.টি.এছ.এম. দুলীয়াজান আঞ্চলিক যুৱ বিভাগে এজনে-সিজনৰ প্ৰতি মৰম, স্নেহ, ...
28/08/2026

পবিত্ৰ ৰাখী বন্ধন উপলক্ষে বিশেষ কাৰ্যসূচী 🪢🙏

আজি বি.টি.এছ.এম. দুলীয়াজান আঞ্চলিক যুৱ বিভাগে এজনে-সিজনৰ প্ৰতি মৰম, স্নেহ, দায়িত্ব আৰু সন্মানৰ প্ৰতীক হিচাপে ৰাখী বন্ধন উদযাপন কৰে। এই উপলক্ষে বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক ৰাখী পিন্ধাই আৰু মৰমৰ টোপোলা হিচাপে মিঠাই আগবঢ়োৱা হয়।

প্ৰথমে দুলীয়াজান নামঘৰৰ নামঘৰীয়া শ্ৰী ৰিদিপ দত্ত ডাঙৰীয়া, তাৰ পিছত বাল্যভৱন প্ৰাথমিক বিদ্যালয়, দুলীয়াজানৰ প্ৰধান শিক্ষক শ্ৰী দ্বীপেন শইকীয়া দেৱ, ষ্টেট বেংক অৱ ইণ্ডিয়া, দুলীয়াজানৰ প্ৰধান কেৰাণী শ্ৰী অনন্ত নাথ ডাঙৰীয়া আৰু দুলীয়াজান গেছ কোম্পানীৰ অগ্নি বিভাগৰ কৰ্মচাৰী শ্ৰী অভিনৱ চেতিয়া ডাঙৰীয়াক ৰাখী পিন্ধাই মিঠাইৰ টোপোলা আগবঢ়োৱা হয়।

লগতে বি.টি.এছ.এম. নাহৰকটীয়া আঞ্চলিক কাৰ্যকৰ্তাসকলে নাহৰকটীয়া দীঘলাপথাৰ হাস্পতালৰ Deputy Superintendent ডাঃ মঞ্জিত গোহাঁই ডাঙৰীয়াক ৰাখী পিন্ধাই মিঠাইৰ টোপোলা আগবঢ়ায়।

এইদৰে মৰম, ভাতৃত্ববোধ আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আজিৰ ৰাখী বন্ধন কাৰ্যসূচী সফলভাৱে সম্পন্ন কৰা হয়। 🙏🪢

আজি BTSM ডিব্ৰুগড় জিলা কাৰ্যকৰ্তাসকলে জিলা উন্নয়ন আয়ুক্ত (DDC – District Development Commissioner) বাইদেউ, জ্যেষ্ঠ আৰ...
28/08/2026

আজি BTSM ডিব্ৰুগড় জিলা কাৰ্যকৰ্তাসকলে জিলা উন্নয়ন আয়ুক্ত (DDC – District Development Commissioner) বাইদেউ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক (SSP – Senior Superintendent of Police) ছাৰ আৰু ৰাজগড় কমিউনিটি হেল্থ চেণ্টাৰৰ চিকিৎসকগৰাকীক সাক্ষাৎ কৰি পবিত্ৰ ৰক্ষাবন্ধন উপলক্ষে ৰাখী পিন্ধাই শুভেচ্ছা জ্ঞাপন কৰে। লগতে মৰম আৰু আন্তৰিকতাৰ প্ৰতীক হিচাপে মিঠাইৰ টোপোলা আগবঢ়ায়।

Address

Tengakhat

Website

Alerts

Be the first to know and let us send you an email when BTSM - Dibrugarh posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share