পশ্চিম তামুলপুৰ শাখা ছাত্র সন্থা ।

  • Home
  • India
  • Tamulpur
  • পশ্চিম তামুলপুৰ শাখা ছাত্র সন্থা ।

পশ্চিম তামুলপুৰ শাখা ছাত্র সন্থা । জাতিৰ সাহস সম্ভাৱনাৰ স্তম্ভ হৈ তিৰবিৰকৈ জ্বলি থকা অনন্য এক প্ৰাচীন আবেগ। জয় আই অসম ���

আজি ২৯ জুলাই,২০২৫ ইং তাৰিখে তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী আৰু মাইনাও পূজাক্ষেত্ৰত পশ্চিম তামুলপুৰ অঞ্চল...
29/07/2025

আজি ২৯ জুলাই,২০২৫ ইং তাৰিখে তেতেলীগুৰি কালাকুছি বাৰোৱাৰী শ্ৰী শ্ৰী লক্ষ্মী আৰু মাইনাও পূজাক্ষেত্ৰত পশ্চিম তামুলপুৰ অঞ্চলৰ বিভিন্ন সমস্যাৰাজিক লৈ অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক আমি পশ্চিম তামুলপুৰ অঞ্চলৰ কেইটিমান মুখ্য সমস্যা সমাধানৰ বাবে স্মাৰকপত্ৰ প্ৰদান কৰো। স্মাৰকপত্ৰত উল্লেখ থকা সমস্যা সমূহ পূৰণৰ প্ৰতিশ্ৰুতি দি তেখেতে আমাৰ অঞ্চলত এটি ৰাজহুৱা পুথিভঁৰাল(৫০ লাখ টকাৰ প্ৰকল্প),এটা ৰেচম আৰু হস্ততাঁত শিল্পৰ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে আচনি ঘোষণা কৰে। আমি আশাবাদী তেখেতে আমাৰ আটাইকেইটা দাবী পূৰণৰ বাবে অতিশীঘ্ৰেই ব্যৱস্থা হাতত ল'ব।

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে সদ...
23/06/2025

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবছৰে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি আহিছে।এয়া ছাত্ৰ সন্থাৰ শৈক্ষিক সংগ্ৰাম খনৰ অন্যতম এটা কাৰ্যসূচী। আমি পশ্চিম তামুলপুৰ শাখা ছাত্র সন্থাও তাৰ ব্যতিক্ৰম নহও। যোৱা ২২ জুন তাৰিখে পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ বাকৰিত অঞ্চলটোৰ কৃতিমান ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষাগুৰু সকলকো অভিনন্দন জনাবলৈ এক ক্ষুদ্ৰ আয়োজন কৰা হয়। অনুষ্ঠানটিত সহযোগিতা আগবঢ়োৱা প্ৰতিগৰাকী ব্যক্তিলৈ আমি আন্তৰিক শ্ৰদ্ধা তথা কৃতজ্ঞতা জনালো।

সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক নীতিৰ আধাৰত পশ্চিম তামুলপুৰ শাখা ছাত্র সন্থাই প্ৰতিবছৰৰ দৰে এইবেলিও বিশেষ অভিনন্দন অনুষ্ঠান...
13/06/2025

সদৌ অসম ছাত্ৰ সন্থাৰ শৈক্ষিক নীতিৰ আধাৰত পশ্চিম তামুলপুৰ শাখা ছাত্র সন্থাই প্ৰতিবছৰৰ দৰে এইবেলিও বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছো। আটাইৰে সহযোগিতা তথা পৰামৰ্শ কামনা কৰিলো।

অহা ২৪ জানুৱাৰী,শুক্ৰবাৰে পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ বাকৰিত অসমৰ অন্যতম সংবাদ মাধ্যম DY365 ৰ উদ্যোগত পশ্চিম তামুল...
21/01/2025

অহা ২৪ জানুৱাৰী,শুক্ৰবাৰে পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ বাকৰিত অসমৰ অন্যতম সংবাদ মাধ্যম DY365 ৰ উদ্যোগত পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত 'ৰং বিচাৰি' শীৰ্ষক এটি ৰসাল আড্ডাৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানটিত উপস্থিত থাকিব অসমৰ অতি জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী আৰু জনপ্ৰিয় কণ্ঠশিল্পী নেকিব। ইচ্ছুক ছাত্ৰ-ছাত্ৰী তথা ৰসাল আড্ডা ভাল পোৱা লোকসকলে এই অনুষ্ঠানত নিজৰ প্ৰতিভা ডাঙি ধৰাৰ সুযোগ লাভ কৰিব। অঞ্চলটিৰ একক আৰু অনন্য সমন্বয়ৰ বাৰ্তাৰ লগতে অঞ্চলটোৰ সুখ-দুখ,হা-হুমুনিয়াহবোৰো এই অনুষ্ঠানৰ মাজেৰে ৰজাঘৰক দৃষ্টিগোচৰ কৰাৰ সুবিধাকণো লাভ কৰিব। আমি তামুলপুৰ অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তিৰে উপস্থিতি তথা সহযোগিতা বিচাৰিছোঁ।

05/11/2024

সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ চতুৰ্দশ সংখ্যক মৃত্যুতিথি উপলক্ষে পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাই আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কিছু মুহুৰ্ত । অনুষ্ঠানটিত উপস্থিত থাকি জীপাল কৰি তোলা প্ৰতিগৰাকী শুভাকাংক্ষীলৈ আমি কৃতজ্ঞতা জনালো।

পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত প্ৰতি বছৰে অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চ...
15/07/2024

পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত প্ৰতি বছৰে অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ কৃতিমান ছাত্ৰ-ছাত্ৰী সকলক উৎসাহ যোগোৱাৰ উদ্দেশ্যে বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এইবেলি অনুষ্ঠান খন অলপ সুকীয়া,অভিনন্দন অনুষ্ঠানৰ লগতে শাখা ছাত্ৰ সন্থাৰ ২৭ সংখ্যক বাৰ্ষিক অধিবেশনখনো দিনযোৰা কাৰ্যসূচীৰে উদযাপিত কৰা হয়। অঞ্চলটোৰ ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধিত কৰা এই অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নয়নজ্যোতি গগৈ,ডুলজিত দাস,কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কংকনজ্যোতি শৰ্মা,সদৌ তামুলপুৰ জিলা ছাত্ৰ সন্থাৰ ভাঃ সভাপতি সন্তোষ পাটোৱাৰী,সাঃসম্পাদক সৰঞ্জণ ৰাভা,জিলা ছাত্ৰ সন্থাৰ নেতৃত্ব আৰু তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থা সভাপতি,সাঃসম্পাদক সমন্বিতে নেতৃবৰ্গ,সদৌ অসম উন্নতি সভাৰ কেন্দ্ৰীয় সম্পাদক সোনেশ্বৰ কলিতা,পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা সহকাৰী অধ্যাপক ড° হৰিনাৰায়ণ কলিতা আদিয়ে শোভাবৰ্ধন কৰা অনুষ্ঠানটিয়ে শাখা ছাত্ৰ সন্থাক আগন্তুক দিনত অধিক গতিশীল কৰিবলৈ প্ৰেৰণা দিলে। আহি থকা দিনসমূহত ৰাইজৰ গঠণমুলক দিহা পৰামৰ্শই ছাত্ৰ সন্থাক আগবঢ়াই নিব বুলি আমি আশাবাদী।

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক  পৰীক্ষা ( APSC)-২০২২ত সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ পশ্চিম তামুলপুৰ অঞ্চললৈ গৌৰৱ ...
21/01/2024

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ( APSC)-২০২২ত সফলতাৰে উত্তীৰ্ণ হৈ সমগ্ৰ পশ্চিম তামুলপুৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা পশ্চিম তামুলপুৰ অঞ্চলৰ তেতেলীগুৰি গাঁৱৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক, শ্ৰীযুত কেশৱ চন্দ্ৰ বড়ো ছাৰৰ পুত্ৰ
শ্ৰী সজীৱ কুমাৰ বড়ো ডাঙৰীয়াক পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ এটি সজাতি দলে তেখেতৰ বাসগৃহত উপস্থিত হৈ, শাখা ছাত্ৰ সন্থাৰ তৰফৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনাওঁ।

পোনপ্ৰথমে আটাইলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ও অভিনন্দন জনালোঁ ।অইন বেলিৰ দৰে এইবেলিও আমি পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাই ...
01/01/2024

পোনপ্ৰথমে আটাইলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা ও অভিনন্দন জনালোঁ ।
অইন বেলিৰ দৰে এইবেলিও আমি পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাই ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত প্ৰাক্তন নেতা-কৰ্মী, শিক্ষাগুৰু আৰু জ্যেষ্ঠ সকলৰ সৈতে ।

চৰকাৰৰ দমননীতিত জাতিধ্বংসী "কা" অসমৰ খিলঞ্জীয়া সকলৰ ওপৰত জাপি দি খিলঞ্জীয়াৰ প্ৰভুত্ব নিশেষ কৰাৰ যি  ষড়যন্ত্ৰৰ তাৰ বিৰোধী...
12/12/2023

চৰকাৰৰ দমননীতিত জাতিধ্বংসী "কা" অসমৰ খিলঞ্জীয়া সকলৰ ওপৰত জাপি দি খিলঞ্জীয়াৰ প্ৰভুত্ব নিশেষ কৰাৰ যি ষড়যন্ত্ৰৰ তাৰ বিৰোধীতা কৰিবলৈ আহি শ্বহীদবৰণ কৰা পাঁচগৰাকীকৈ অসমীয়া ডেকা চেম ষ্টেফ'ৰ্ড,দীপাঞ্জল দাস,ঈশ্বৰ নায়ক,আব্দুল আলিম আৰু দীজেন্দ্র পাংগিংক এই পবিত্র দিনটোত শ্ৰদ্ধাৰে সোঁৱৰিছো,
পঞ্চশ্বহীদৰ এই মহান বলিদান আৰু ত্যাগ অসমৰ অসমীয়াৰ মনত চিৰস্মৰণীয় হৈ ৰব ।
জয় আই অসম ।

গণশিল্পী ড°ভূপেন হাজৰিকা দেৱলৈ একাঁজলি গভীৰ শ্ৰদ্ধাঞ্জলি ।
05/11/2023

গণশিল্পী ড°ভূপেন হাজৰিকা দেৱলৈ একাঁজলি
গভীৰ শ্ৰদ্ধাঞ্জলি ।

🙏
29/06/2023

🙏

প্ৰায় ডেৰ শতাধিক ৰাইজে আজিৰ চিকিৎসা শিবিৰত চিকিৎসাসেৱা গ্ৰহণ কৰে। ৰাইজ উপকৃত হ'লে আমি সাৰ্থক হ'ম। ধন্যবাদ  , SBI SANJEEV...
28/06/2023

প্ৰায় ডেৰ শতাধিক ৰাইজে আজিৰ চিকিৎসা শিবিৰত চিকিৎসাসেৱা গ্ৰহণ কৰে। ৰাইজ উপকৃত হ'লে আমি সাৰ্থক হ'ম।
ধন্যবাদ , SBI SANJEEVANI
https://www.facebook.com/profile.php?id=100064566167271&mibextid=ZbWKwL

Address

Tamulpur

Website

Alerts

Be the first to know and let us send you an email when পশ্চিম তামুলপুৰ শাখা ছাত্র সন্থা । posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share