SFI Barnagar College Unit

SFI Barnagar College Unit Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from SFI Barnagar College Unit, Youth Organization, Sorbhog.

28/09/2026
ভগৎ সিঙৰ ১১৯ তম্ জন্ম জয়ন্তী উপলক্ষে আজি ভাৰতৰ ছাত্ৰ ফেডাৰেচন বৰনগৰ মহাবিদ্যালয় শাখা কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা মাৰা...
27/09/2026

ভগৎ সিঙৰ ১১৯ তম্ জন্ম জয়ন্তী উপলক্ষে আজি ভাৰতৰ ছাত্ৰ ফেডাৰেচন বৰনগৰ মহাবিদ্যালয় শাখা কমিটিৰ উদ্যোগত অনুষ্ঠিত হোৱা মাৰাথান দৌৰ প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় স্থানপ্ৰাপ্তক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰাৰ লগতে অংশগ্ৰহণ কৰা সকলকে মানপত্ৰ আৰু মেডেল প্ৰদান কৰা হয়। আজিৰ এই প্ৰতিযোগিতাত ৪৭ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী সকলৰ ভিতৰত আটাইতকৈ কনিষ্ঠ হৈছে সপ্তম শ্ৰেণীৰ ছাত্ৰ সিদ্ধাৰ্থ দাস। সকলকে আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো।

ল'ৰা
প্ৰথম- ৰেকিব আলি (খৰিচালা)
দ্বিতীয়- ভাস্কৰ দাস (দুৰামাৰী)

ছোৱালী
প্ৰথম- দীপশিখা দাস (কমাৰগাওঁ)
দ্বিতীয়- ৰস্না দাস (কামাৰগাওঁ)

মহান বিপ্লবী ভগৎ সিঙৰ ১১৯ তম্ জন্ম জয়ন্তী উপলক্ষে ভাৰতৰ ছাত্ৰ ফেডাৰেচন বৰনগৰ মহাবিদ্যালয় শাখা কমিটিৰ উদ্যোগত মাৰাথান দ...
26/09/2026

মহান বিপ্লবী ভগৎ সিঙৰ ১১৯ তম্ জন্ম জয়ন্তী উপলক্ষে ভাৰতৰ ছাত্ৰ ফেডাৰেচন বৰনগৰ মহাবিদ্যালয় শাখা কমিটিৰ উদ্যোগত মাৰাথান দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ছাত্ৰ-যুৱক সকলোকে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালো।
পুৰষ্কাৰ হিচাপে ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হব।
২৭ ছেপ্টেম্বৰ ৰবিবাৰ, ৰাতিপুৱা ৫ বজাত।

আজি ২৩/০৯/২০২৬ তাৰিখে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) বৰনগৰ মহাবিদ্যালয় শাখা সন্মিলন অনুষ্ঠিত হয়। কমৰেড ধীৰাজ দাস আৰু পি আৰ...
23/09/2026

আজি ২৩/০৯/২০২৬ তাৰিখে ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) বৰনগৰ মহাবিদ্যালয় শাখা সন্মিলন অনুষ্ঠিত হয়। কমৰেড ধীৰাজ দাস আৰু পি আৰ চন্দ্ৰিমাৰ দ্বাৰা গঠিত সভাপতি মণ্ডলীয়ে সন্মিলন পৰিচালনা কৰে। সন্মিলনে আগন্তুক দিনত শাখাৰ কাম-কাজ পৰিচালনাৰ বাবে সভাপতি হিচাপে মিলন দাস আৰু সম্পাদক হিচাপে মৃন্ময় বণিক্য ক লৈ এখন ২৫ জনীয়া কমিটি গঠন কৰে। আজিৰ সন্মিলনতেই শাখাৰ পূৰ্বৰ সদস্যসকলক বিদায় সম্ভাষণ জনোৱা হয়। সন্মিলনত আদৰণি ভাষণ প্ৰদান কৰে বৰপেটা জিলাৰ সম্পাদক তথা ৰাজ্যিক সভাপতি কমৰেড দেৱান ইফতিকাৰ হুছেইন, ভাষণ ৰাখে ৰাজ্যিক যুটীয়া সম্পাদক কমৰেড উৎপলা দাস আৰু ৰাজ্যিক উপ-সভাপতি কমৰেড মইনুল হক তালুকদাৰে।

*নবগঠিত কমিটিৰ সদস্যসকল:*

১) *সভাপতিঃ* মিলন দাস।
২) *উপ-সভাপতিঃ* মৃণাল দাস, জিংটু বৰ্মণ,অসাদুল আলী, দীপালী দাস।
৩) *সম্পাদকঃ* মৃন্ময় বণিক্য।
৪) *সহ-সম্পাদকঃ* শ্বাহিদ আহমেদ, দিয়া সাহা, মুক্তাৰ আলী, পি. আৰ. চন্দ্ৰিমা।

অধিকাৰ, সংগ্ৰাম আৰু প্ৰগতিৰ সপক্ষে ছাত্ৰ সমাজৰ কণ্ঠ।​আহক, আমাৰ সংগ্ৰামী ঐক্য অধিক শক্তিশালী কৰিবলৈ SFI বৰনগৰ মহাবিদ্যালয...
22/09/2026

অধিকাৰ, সংগ্ৰাম আৰু প্ৰগতিৰ সপক্ষে ছাত্ৰ সমাজৰ কণ্ঠ।
​আহক, আমাৰ সংগ্ৰামী ঐক্য অধিক শক্তিশালী কৰিবলৈ SFI বৰনগৰ মহাবিদ্যালয় শাখা সন্মিলনত সকলোৱে একলগে অংশগ্ৰহণ কৰোঁ। এই গুৰুত্বপূৰ্ণ সন্মিলনখনত মহাবিদ্যালয়খনৰ আটাইবোৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আৰু সক্ৰিয় অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰিলোঁ।

আজি জামাদাৰবড়ী গাৱঁত বৰনগৰ মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক লৈ SFI জামাদাৰবড়ী শাখা কমিটি গঠন কৰা হয়৷ নতুন কমিটিলৈ ব...
07/09/2026

আজি জামাদাৰবড়ী গাৱঁত বৰনগৰ মহাবিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীক লৈ SFI জামাদাৰবড়ী শাখা কমিটি গঠন কৰা হয়৷ নতুন কমিটিলৈ বৈপ্লৱিক অভিনন্দন থাকিল৷

৫০% নামভৰ্তি মাচুল ৰেহাই আৰু ৭০% উপস্থিতি বাধ্যবাধকতা বাতিলৰ দাবীত আজি বৰনগৰ মহাবিদ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ ...
25/08/2026

৫০% নামভৰ্তি মাচুল ৰেহাই আৰু ৭০% উপস্থিতি বাধ্যবাধকতা বাতিলৰ দাবীত আজি বৰনগৰ মহাবিদ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।
আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত বৰনগৰ মহাবিদ্যালয়ৰ সাধাৰণ ছাত্ৰ-ছাত্ৰীসকলে আগবঢ়োৱা সক্ৰিয় সমৰ্থন আৰু সহায়-সহযোগিতাৰ বাবে বৰনগৰ মহাবিদ্যালয় SFI গোটৰ তৰফৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
ছাত্ৰ সমাজৰ ন্যায়সংগত দাবীসমূহ যদি চৰকাৰ তথা কৰ্তৃপক্ষই অতি সোনকালে মানি নলয়, তেন্তে আগন্তুক দিনত ইয়াতকৈয়ো ভয়াবহ আৰু বিশাল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম।
আশা ৰাখিছোঁ, ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ সুৰক্ষিত কৰাৰ এই সংগ্ৰামত আগন্তুক দিনতো আপোনালোকৰ এনে সমৰ্থন আৰু সহযোগিতা অব্যাহত থাকিব।
পুনৰবাৰ আজিৰ প্ৰতিবাদত অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰি তোলা প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীকে SFI বৰনগৰ মহাবিদ্যালয় গোটৰ ফালৰ পৰা অশেষ ধন্যবাদ জনালোঁ।
ইনকিলাব জিন্দাবাদ! ✊
ছাত্ৰ ঐক্য জিন্দাবাদ! ✊

Address

Sorbhog

Website

Alerts

Be the first to know and let us send you an email when SFI Barnagar College Unit posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share