03/04/2025
Bonsai Assam ৰ উদ্যোগত সৰভোগৰ বাৰেগাঁও,নাথপাৰাত অনুষ্ঠিত হোৱা ১৮ দিনীয়া অভিনয় কৰ্মশালাৰ যোৱা ২ এপ্ৰিল ২০২৫ খ্ৰীষ্টাব্দ তাৰিখ বুধবাৰে সফল সামৰণি পৰে। উক্ত সামৰণি অনুষ্ঠানত দুখন নাটক মঞ্চস্থ কৰা হয়। প্ৰথমখন হ'ল সুনাগ, কৈঠালকুছিৰ নিবেদন দীপা মিশ্ৰৰ ৰচনা/পৰিচালনা আৰু অভিনয়েৰে "অপৰাহ্ন" আৰু আনখন কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা বনছাই অসমৰ নিবেদন লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ আধাৰত অসমৰ এগৰাকী বিশিষ্ট নাট্যকাৰ/পৰিচালক মুকুল ইদিপাছ ৰচিত আৰু পৰিচালিত নাট "আকৌ তেজীমলা"। উক্ত সামৰণি অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া মাননীয় শ্ৰীযুত বিদ্যুৎ বিকাশ দাস, ভাৰতীয় ষ্টেট বেংক দক্ষিণ গণকগাড়ী শাখাৰ বিষয়া দিব্যজ্যোতি দাসকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। আবেলি ৩.৩০ বজাত অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে বিশিষ্ট কবি তথা অৱসৰপ্ৰাপ্ত শিক্ষক শ্ৰীযুত ধৰ্মেশ্বৰ নাথ দেৱে। অনুষ্ঠানটোত প্ৰায় দুই শতাধিক দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰা পৰিলক্ষিত হয়।
এই চেগতে আমি বনছাই অসমৰ তৰফৰ পৰা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে তেওঁলোকৰ অভিভাৱক/অভিভাৱিকা সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।
বিশিষ্ট নাট্যকাৰ/পৰিচালক মুকুল ইদিপাছ, অসম ৰাজ্যিক পশুপালন নিগমৰ মাননীয় অধ্যক্ষ শ্ৰীযুত মনোজ কুমাৰ শইকীয়া,অভিনেত্ৰী দীপা মিশ্ৰ, অনুপ বৰ্মন,গোবিন কুমাৰ নাথ, চামিম আহমেদ,
বৰপেটা জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া বিদ্যুৎ বিকাশ দাস,বেংক বিষয়া দীব্যজ্যোতি দাস,অলকেশ দাস,সঞ্জীৱ বৈশ্য,প্ৰেমহৰি শৰ্মা,হিমাংকু নাথ,ধনজিৎ নাথ,গৌতম ঘোষ,অশ্বিনী ৰয়,প্ৰবীন কুমাৰ নাথ,নিৰোদ পাঠক,সনৎ পাঠক, শেৱালী তালুকদাৰ পাঠক,সন্ধ্যা ৰয়কে আদি কৰি সন্মানীয় দৰ্শক, বিভিন্ন সংবাদগোষ্ঠীৰ সংবাদকৰ্মী সকল তথা যিসকল ব্যক্তিয়ে বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়াই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাত বিশেষ ভাৱে সহযোগিতা কৰিলে সেই সকলোলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
ধন্যবাদেৰে-
ধ্ৰুৱৰাজ পাঠক
বনছাই অসম