05/10/2024
অসমত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজমান হৈ থকা বুলি সততে দম্ভালি মৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবাদী কার্যসূচীলৈ দৃষ্টি নিক্ষেপ কৰক। প্ৰতিবাদ বন্ধ হোৱা নাই কিন্তু প্ৰতিবাদী সমদল উলিয়াব নোৱাৰা পৰিবেশ সৃষ্টি কৰিছে আপোনাৰ চৰকাৰে।গণতান্ত্ৰিক দেশত থাকি আজি লুকাই চোৰকৈ প্ৰতিবাদ কৰাৰ এক বাতাবৰণ।নিজৰ অধিকাৰৰ দাবীত আজি ৰাজপথত ছাত্ৰ ছাত্ৰী। আপোনাৰ পুলিচৰ বাধা অতিক্ৰমি আজি ৰাজপথত আগবাঢ়িল ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদী সমদল। আপোনালোকৰ চৰকাৰৰ বিৰুদ্ধে দাখিল কৰা অভিযোগৰ উত্তৰ নোপোৱা পৰ্যন্ত চলিব এই আন্দোলন।
➡️প্ৰথম চার্জ:-হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এছ এফ আইয়ে প্ৰথম চার্জ হিচাপে বিনামূলীয়া নামভৰ্তিৰ নামত ছাত্ৰ ছাত্ৰীক কৰা প্ৰতাৰণাৰ কথা উল্লেখ কৰে । যদিও হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়া নামভৰ্তিৰ আস্ফালন কৰিছে, কিন্তু বাস্তৱ ক্ষেত্ৰত বেক লগাৰ আৰু ৭৫ শতাংশ উপস্থিতিৰ হাৰ নথকাৰ অজুহাতত বিনামূলীয়া নামভৰ্তিৰ পৰা অধিকাংশ দৰিদ্ৰ শিক্ষাৰ্থীক বঞ্চিত কৰা হৈছে। যদিওবা ৭৫ শতাংশ উপস্থিতিৰ হাৰৰ কথা কোৱা হৈছে, কিন্তু একেটা সময়তেই মহাবিদ্যালয়- বিশ্ববিদ্যালয়সমূহত ইউ জি চি ৰ নিয়ম অনুযায়ী ৯০ দিনৰ ক্লাছ সম্পন্ন হোৱা নাই।আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক বেক লগৰ চৰ্ত জাপি দিয়াটো অযুক্তিকৰ যিহেতু চিমেষ্টাৰ ব্যৱস্থাত বেক দিয়াৰ প্ৰক্ৰিয়া ব্যৱস্থাটোৰে এটা অংশ। আৰ্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীক এনে চৰ্ত জাপি দি বিনামূলীয়া শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছে আৰু ই দ্ৰপ আউটৰ সংখ্যা বৃদ্ধিহে কৰিব।
➡️দ্বিতীয় চার্জ হিচাপে সংগঠনটোৱে উত্থাপন কৰে যে উপযুক্ত শিক্ষক আৰু আন্তঃগাঁথনি অবিহনে NEP কাৰ্যকৰীকৰণৰ নামত ছাত্ৰ ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলিছে হিমন্ত চৰকাৰে। NEP কাৰ্যকৰীকৰণ কৰি মহাবিদ্যালয়- বিশ্ববিদ্যালয়সমূহত নতুন বিষয় সমূহ যদিওবা সন্নিৱিষ্ট কৰা হৈছে। কিন্তু উপযুক্ত আন্তঃগাথঁনি তথা পৰ্যাপ্ত শিক্ষক নাটনিৰ বাবে শিক্ষাৰ্থীসকলে জীয়াতু ভুগিবলগীয়া হৈছে।
➡️তৃতীয়তে স্বতন্ত্ৰতা(autonomy)ৰ নামত শিক্ষাক ব্যয়বহুল কৰিছে আৰু সাধাৰণ শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰা শিক্ষাৰ অধিকাৰ কাঢ়ি নিছে হিমন্ত চৰকাৰে। চৰকাৰখনে মহাবিদ্যালয় সমূহক স্বতন্ত্ৰতা তথা স্বায়ত্বতা আগবঢ়াইছে। ইয়াৰ মূলতঃ কাৰণটোৱেই হৈছে মহাবিদ্যালয়সমূহৰ ব্যয়ৰ পৰা চৰকাৰখনে দায়িত্ব সামৰিব বিচাৰিছে। ফলশ্ৰুতিত দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ পৰা মহাবিদ্যালয়সমূহে ভিন্ন ধৰণৰ মাচুলৰ জৰিয়তে এই ব্যয় বহন কৰিবলগীয়া হৈছে। শৈক্ষিক অনুষ্ঠান সমূহ ব্যৱসায়িক কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে।
➡️চতু্ৰ্থতে ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰ চলনাৰে হাজাৰ হাজাৰ নিয়মীয়া শিক্ষক/অধ্যাপকৰ পদ এতিয়াও খালি কৰি ৰাখিছে হিমন্ত চৰকাৰে।
➡️পঞ্চম চাৰ্জ হিচাপে এছ এফ আইয়ে কলংকিত আৰ চি জৈনৰ জৰিয়তেই নতুন ৰাজ্যিক বোৰ্ড হিমন্ত চৰকাৰে চলাই ৰাখিছে বুলি অভিযোগ আনে।
➡️হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে ৬ নম্বৰ চাৰ্জ হিচাপে পৰ্যাপ্ত হোষ্টেল গঢ়া নাই বুলি অভিযোগ কৰে। দূৰদুৰণিৰ পৰা ভিন্ন মহাবিদ্যালয়- বিশ্ববিদ্যালয়ত পঢ়িবলৈ অহা শিক্ষাৰ্থীসকলৰ কাৰণে মহাবিদ্যালয়সমূহত পৰ্যাপ্ত হোষ্টেলৰ ব্যৱস্থা কৰা নাই।
➡️সপ্তমতে উচ্চ শিক্ষাত ছাত্ৰ ছাত্ৰীক স্কলাৰশ্বিপৰ পৰা বঞ্চিত কৰিছে হিমন্ত চৰকাৰে। আজি উচ্চ শিক্ষা অধিক ব্যয়বহুল হৈ পৰিছে। দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ কাৰণে উচ্চ শিক্ষা তথা গৱেষণা কৰাটো আজিৰ দিনত অত্যন্ত কঠিন। কিন্তু তেনে ক্ষেত্ৰত চৰকাৰখনে এই শিক্ষাৰ্থীসকলৰ কাৰণে কোনোধৰণৰ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰা নাই।
➡️হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনৰ বিৰুদ্ধে ৮ নম্বৰ চাৰ্জ হিচাপে স্কুল বন্ধ কৰি ৰেকৰ্ড কৰাৰ বিষয়টি এছ এফ আইয়ে উল্লেখ কৰে। ৰাজ্যত এই চৰকাৰখনে বিগত ৭ টা বছৰত ৮ হেজাৰ তকৈও অধিক চৰকাৰী বিদ্যালয় বন্ধ কৰিছে।