02/10/2023
পথিকৃতৰ মানসিক স্বাস্থ্য সম্বন্ধীয় কাৰ্যকলাপৰ অন্তৰ্গত যোৱা ৩০/০৯/২৩ তাৰিখে Yumetta Foundation আৰু আমাৰ যৌথ সহযোগিতাৰে Rajabari Senior Secondary School ত এখনি ভ্ৰাম্যমান মানসিক স্বাস্থ্য সম্বন্ধীয় চলচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। YumettaFoundation ৰ Proshik Das এ সঞ্চালন কৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে অনলাইনযোগে উপস্থিত থাকে বিশিষ্ট মনোচিকিৎসক ডা৹ নিলেশ মোহিতে ডাঙৰীয়া।
বিভিন্ন সময়ত পঢ়াৰ বোজা, কেৰিয়াৰৰ চিন্তা, ঘৰুৱা অশান্তি, বন্ধুত্ব, উদ্বিগ্নতা বৃদ্ধি সম্পৰ্কীয় কথাই আমাক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তোলে। কিন্তু এই সকলো বাধা-বিঘিনি নেওচি আমি আমাৰ মানসিক স্বাস্থ্যৰ যতন লোৱাটো খুবেই প্ৰয়োজনীয়।
মানসিকভাৱে অসুস্থ হৈ থকাতকৈ জীৱনটো সুন্দৰভাৱে উদযাপন কৰো আহক। বিভিন্ন কামৰ মাজেৰে মানসিকভাৱে সুস্থ হৈ থকাৰ লগতে আনৰ লগতো এই সুখ বিলাই লোৱাটোও আমাৰ সামাজিক দায়বদ্ধতা।
এনেধৰণৰ সজাগতামূলক চলচিত্ৰৰ প্ৰদৰ্শনী শিক্ষানুষ্ঠান অথবা আপোনাৰ অঞ্চলত অনুষ্ঠিত কৰিবৰ বাবে যোগাযোগ কৰক,
Proshik Das (96784 94812)
A travelling mental health film fest was held at Rajabari Senior Secondary School on 30/09/23 in collaboration with Yumetta Foundation and us. The event was conducted by Proshik Das of Yumetta Foundation and Dr. Nilesh Mohite, a prominent psychiatrist, was present online as a resource person.
At many times, we are mentally suppressed by the burden of study, career worries, domestic unrest, friendships, increased anxiety. However, despite all these obstacles, it is very important that we take care of our mental health.
Let's celebrate life beautifully instead of being mentally ill. It is also our social responsibility to stay mentally healthy through various activities and share this happiness with others.
For organize such awareness film fest in educational institutions or in your local area, please contact,
Proshik Das (9678494812)