03/05/2026
আজি ইং ৩ মে'২০২৬ (দেওবাৰ) তাৰিখে #সব্যসাচী_কলাকেন্দ্ৰ শিৱসাগৰ শাখাত_ "বৰগীতৰ" নিয়মীয়া পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰা হয় । উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক মহেন্দ্ৰ কটকীদেৱে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মেজেষ্টিক একাডেমী, শিৱসাগৰৰ পৰিচালন সঞ্চালক তথা শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ সভাপতি শ্ৰীযুত সৌৰভ মহন্ত, বিশিষ্ট নৃত্যশিল্পী প্লাৱিতা বৰঠাকুৰ, বিশিষ্ট শিক্ষাবিদ অসীম বুঢ়াগোহাঁই, বিশিষ্ট সাহিত্যিক দীপালি ভট্টাচাৰ্য বৰুৱা, শিক্ষাবিদ স্বপ্না গগৈ, কেৰিয়াৰ কাউন্সেলৰ তথা সমাজকৰ্মী মানস জ্যোতি গগৈ আৰু গণ্য মান্য ব্যক্তিসকল । ইয়াৰ পাছতে ছাত্ৰ কৌশিক কমল দাসৰ কন্ঠত, বাস্তৱ কোচৰ খোলসঙ্গত আৰু অমৃতেশ কাশ্যপৰ তালসঙ্গতত গুৰুকৃত বৰগীত পৰিৱেশন হয় ।
উক্ত অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ CCRT ৰাষ্ট্ৰীয় জলপানি প্ৰাপক ছাত্ৰ অংশুনাভ মহন্তৰ লগতে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কলাকেন্দ্ৰৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। ইয়াৰ লগতে খোল বাদ্যৰ নিৰ্মাণত ৩৫ বছৰে সাধনা কৰি অহা চাৰুকাৰু শিল্পী পূৰ্ণ দাসদেৱকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় । বৰগীতৰ প্ৰশিক্ষক হিচাপে সত্ৰীয়া সংগীতশিল্পী দেৱশ্ৰী বৰুৱাই ছাত্ৰ ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশৰ লগতে আধ্যাত্মিক শিক্ষাৰ চৰ্চা বৰগীতৰ মাধ্যমেৰে যুৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ মানসেৰে এই শাখাটিত শিক্ষাপ্ৰদানৰ বাবে নিজৰ আজীৱন কৃচ্ছ সাধনা কৰি যাব বুলি মন্তব্য প্ৰকাশ কৰে । বৰগীতৰ লগতে লোকগীত তথা জ্যোতি বিষ্ণু ৰাভা জুবিন সংগীতো এই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ পুথিগত শিক্ষাৰ আলমত সহজেই আয়ত্ব কৰিব পাৰিব বুলি সচিব জ্যোতিষ্মান মহন্তই জানিবলৈ দিয়ে । কেওগৰাকী বিশিষ্ট অতিথিয়ে আধ্যাত্মিক চেতনা জাগ্ৰত কৰিবলৈ , জীৱনটো সুস্থিৰ উদযাপনত বৰ্তমানৰ প্ৰেক্ষাপটত এই গীতসমূহৰ শিক্ষা অতি জৰুৰী হোৱাৰ লগতে পেছাগত দিশতো এই শিক্ষাই বিশ্বৰ সাংস্কৃতিক ক্ষেত্ৰত মান ৰাখিবলৈ সক্ষম হ'ব বুলি মতপোষণ কৰি অনুষ্ঠানটিৰ দীৰ্ঘায়ু কামনা কৰে ।
সকলো শিৱসাগৰবাসী ৰাইজৰ অকুণ্ঠ সহযোগিতাৰে সব্যসাচী কলাকেন্দ্ৰই এই স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে কৃতজ্ঞতাৰে জ্যোতিষ্মান মহন্তই শলাগৰ শৰাই আগবঢ়ায় আৰু শেষত ছাত্ৰ -ছাত্ৰীসকলৰ দ্বাৰা মাধৱদেৱৰ এটি ঘোষা পৰিৱেশনেৰে অনুষ্ঠানটি সামৰণি পৰে ।