16/06/2026
নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ, টংলা আঞ্চলিক সমিতিৰ উদ্যোগত পতাকা উত্তোলন, শৈক্ষিক জাগৰণ, অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান সফলভাৱে সম্পন্ন।
টংলা, ইং ১৪ জুন ২০২৬ঃ নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদ, টংলা আঞ্চলিক সমিতিৰ উদ্যোগত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত পতাকা উত্তোলন, শৈক্ষিক জাগৰণ, অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান সফলতাৰে অনুষ্ঠিত হয়।
কাৰ্যসূচী অনুসৰি পুৱা ৯:০০ বজাত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ পতাকা উত্তোলন কৰা হয়। নিখিল ৰাভা ছাত্ৰ সন্থাৰ টংলা আঞ্চলিক সমিতিৰ সভাপতি শ্ৰীমিণ্টু ৰাভা আৰু নিখিল ৰাভা মহিলা পৰিষদৰ টংলা আঞ্চলিক সমিতিৰ সভানেত্ৰী শ্ৰীমতী ৰাধেশ্বৰী ৰাভাই পতাকা উত্তোলন কৰে।
ইয়াৰ পিছত পুৱা ১০:০০ বজাত স্মৃতিত তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত টংলা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত পৱন ৰাভাই তৰ্পণ কাৰ্য সম্পন্ন কৰে।
পুৱা ১১:০০ বজাত শৈক্ষিক জাগৰণ, অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ উদ্বোধন কৰে নিখিল ৰাভা মহিলা পৰিষদৰ উপ-সভানেত্ৰী শেৱালি ৰাভাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° উপেন ৰাভা হাকাচাম। তেওঁ নিজৰ ভাষণত শিক্ষাৰ প্ৰয়োজনীয়তা, জাতি-সমাজৰ উন্নয়ন আৰু নতুন প্ৰজন্মক উচ্চ শিক্ষাৰ দিশে আগুৱাই যোৱাৰ আহ্বান জনায়।
নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে শ্ৰীযুত উত্তম ৰাভা, প্ৰতিষ্ঠাপক, ব্ৰিলিয়েণ্ট চিনিয়ৰ চেকেণ্ডাৰী স্কুল, খৈবাবাৰী। তেওঁ শিক্ষাৰ মান উন্নয়ন আৰু ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ড° হেমন্ত ৰাভা, শ্ৰীযুত মণ্টু ৰাভা, শ্ৰীমতী জয়শ্ৰী ৰাভা, শ্ৰীযুত বিক্ৰম চন্দ্ৰ ডেকা (বিধায়ক), শ্ৰীযুত অৰ্জুন দৈমাৰী (পাৰিষদ) আৰু শ্ৰীযুত সমৰেন্দ্ৰ ৰাভা উপস্থিত থাকি অনুষ্ঠানৰ সফলতা কামনা কৰি মূল্যৱান বক্তব্য আগবঢ়ায়।
অনুষ্ঠানত ২০২৫-২৬ শিক্ষাবৰ্ষত বিভিন্ন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰা ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয়। উপস্থিত অতিথিসকলে কৃতি ছাত্ৰ-ছাত্ৰীসকলক পাজাৰ, মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰে।
অনুষ্ঠানত বিভিন্ন আঞ্চলিক আৰু জিলা পৰ্যায়ৰ সামাজিক, সাহিত্যিক আৰু ছাত্ৰ সংগঠনৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে। সাংস্কৃতিক অনুষ্ঠানৰ অংশ হিচাপে শ্ৰীগৰিমা ৰাভা আৰু শ্ৰীজিতেন ৰাভাই মনোমোহা সংগীত পৰিৱেশন কৰে। লগতে বগপুৰী, মুৰাখাট,মোৱামাৰী আৰু হাবিৰগাঁওৰ বহুৰঙী ৰাভা কৃষ্টি দলে তেওঁলোকৰ নৃত্য পৰিৱেশন কৰি অনুষ্ঠানৰ সৌন্দৰ্য বৃদ্ধি কৰে।
সমগ্ৰ অনুষ্ঠানটো সুশৃংখল আৰু আনন্দমুখৰ পৰিৱেশত অনুষ্ঠিত হয়। শেষত আয়োজক সমিতিৰ পক্ষৰ পৰা উপস্থিত সকলো অতিথি, কৃতি ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষীসকলক ধন্যবাদ জ্ঞাপন কৰা হয়। অনুষ্ঠানটিয়ে ৰাভা সমাজত শিক্ষাৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লগতে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হয়।