07/10/2025
জুবিন দা মানুহটো দেখাত উৎপতীয়া আৰু হাঁহিমুখীয়া আছিল যদিও কিন্তু মানুহজন সুখী নাছিল। মনৰ মাজত লুকুৱাই ৰাখিছিল অসংখ্য চিন্তা আৰু ৰীতা চৌধুৰীৰ পডকাষ্টত এই কথা স্পষ্ট। সেই কথা আমি বুজিব নোৱাৰি তেওঁক হেৰুৱালো।
আমাৰ সংস্থাটোত কেইবাগৰাকী সদস্য মনোবিজ্ঞান বিভাগৰ হোৱাৰ বাবে আমি আগৰে পৰা সুস্থ মানসিক স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ বাবে কিবা এটা কৰাৰ কথা আছিল। আৰু শেষত জুবিন দাৰ সোৱঁৰণত আৰম্ভ কৰা হ’ল “প্ৰজেক্ট মনৰ আলাপ”। এই প্ৰকল্পটোৰ সম্পূৰ্ণ অবৈতনিক ভাৱে নেতৃত্ব দিব ৰশ্মি সোনোৱাল, নাৰ্ছিং অধ্যাপিকা, মনোৰোগ নাৰ্ছিং বিভাগ, ৰহমান ইনষ্টিটিউট অ'ফ নাৰ্ছিং এন্দ পেৰামেডিকেল চাইন্সেচ্, গুৱাহাটী আৰু শ্যামলিনা হাজৰিকা, জিলা সমন্বয়ক, ছাইল্ড লাইন, লখিমপুৰ জিলা।
যোৱা ৫ তাৰিখে হৈ যোৱা অনুষ্ঠানটি লখিমপুৰৰ কদম কছাৰী আৰু কাকৈ হাজং গাঁৱত অনুষ্ঠিত হয়। শতাধিক লোকে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত মানসিক স্বাস্থ্য, মানসিক ৰোগ তথা ইয়াৰ প্ৰতিকাৰৰ ওপৰত আলোচনা হয়।
Though Zubeen Da always looked cheerful and full of life, deep inside he carried countless unspoken thoughts. This became clear in Rita Chowdhury’s podcast , something we realized only after losing him.
In our organization, several members are from the Psychology background , and we had long felt the need to do something for mental well being. Finally, in memory of Zubeen Da, we launched “Project Monor Alap”.
The project is being led voluntarily by Rashmi Sonowal, Nursing Faculty, Department of Psychiatric Nursing, Rahman Institute of Nursing & Paramedical Sciences, Guwahati, and Shyamalina Hazarika, District Coordinator, Childline, Lakhimpur.
The first program was held on the 5th at Kadam Kachari and Kakoi Hajong villages in Lakhimpur, where over a hundred participants joined discussions on mental health, mental illness, and healing.
SuprOv PhuKan Shyamalina Hazarika Rashmi Sonowal Bedanta Gogoi