TMPK Lakhimpur District Committee

TMPK Lakhimpur District Committee This is the Official Page of TMPK (All Mising Students' Union), Lakhimpur District Committee ✊

আজি ২১ এপ্রিল জাতিটোৰ পবিত্ৰ শ্বহীদ দিৱসৰ ঐতিহাসিক আৰু মৰ্মস্পৰ্শী ক্ষণত, জাতীয় শ্বহীদ বগা মেদক, নৰেশ টাইদ আৰু অঞ্জনা পে...
21/04/2026

আজি ২১ এপ্রিল জাতিটোৰ পবিত্ৰ শ্বহীদ দিৱসৰ ঐতিহাসিক আৰু মৰ্মস্পৰ্শী ক্ষণত, জাতীয় শ্বহীদ বগা মেদক, নৰেশ টাইদ আৰু অঞ্জনা পেগুৰ লগতে মিচিং জাতিটোৰ প্ৰাপ্য অধিকাৰ, মৰ্যাদা আৰু স্বাভিমান ৰক্ষাৰ বাবে যিসকল জ্যেষ্ঠ সংগ্ৰামী নেতৃত্বই নিজৰ অমূল্য জীৱন উৎসৰ্গ কৰি ত্যাগ, সাধনা আৰু কঠোৰ সংগ্ৰামৰ জৰিয়তে জাতিটোক সঠিক পথত আগুৱাই লৈ গৈছিল , সেই সকলো মহান আত্মা আৰু সংগ্ৰামীসকলক আজি TMPK,MMK আৰু TMMK লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
আজি পবিত্র শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি জিলা ভিত্তিক কৰ্মী সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে TMPK ৰ প্ৰাক্তন কেন্দ্রীয় সভাপতি/সা: সম্পাদক সন্মানীয় শ্ৰীযুত পুৰুষোত্তম দলে ডাঙৰীয়া উপস্থিত থাকে লগতে TMPK/MMK/TMMK কেন্দ্রীয় নেতৃত্ব সকলো উপস্থিত থাকে।

আজি ইং ১৮-০১-২০২৬ তাৰিখে TMPK, MMK আৰু TMMK লখিমপুৰ জিলা সমিতিৰ উদ্যোগত “জিলা সম্প্ৰসাৰিত কাৰ্যনিৰ্বাহ সভা” খন ঘূণাসূঁতি...
18/01/2026

আজি ইং ১৮-০১-২০২৬ তাৰিখে TMPK, MMK আৰু TMMK লখিমপুৰ জিলা সমিতিৰ উদ্যোগত “জিলা সম্প্ৰসাৰিত কাৰ্যনিৰ্বাহ সভা” খন ঘূণাসূঁতি আঞ্চলিক ৰঙ্গ মঞ্চত সফলভাৱে অনুষ্ঠিত হয়। সভাত জিলাৰ সাংগঠনিক দিশৰ ওপৰত পৰ্যালোচনা কৰাৰ লগতে আগন্তুক ২৫ৰ পৰা ২৯ জানুৱাৰী, ২০২৬ তাৰিখলৈ বগীবিল কাৰেং চাপৰিত অনুষ্ঠিত হ’বলগীয়া ১০তম মিচিং যুৱ মহোৎসৱ সফলভাৱে ৰূপায়ণৰ বাবে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। বিশেষকৈ জিলা লখিমপুৰৰ পৰা ২০০০ হাজাৰ প্ৰতিনিধি আৰু প্ৰায় ১০০০০ ৰাইজক সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে ২৯ জানুৱাৰী তাৰিখে ভাৰতৰ মাননীয় গৃহ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ বৃহৎ পৰিসৰত মিচিং ৰাইজক একত্ৰিত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আলোচনা কৰা হয়। উক্ত সভাত জিলা স্হানীয় কেন্দ্ৰীয় নেতৃত্ববৃন্দ, জিলা বিষয়ববীয়া তথা আঞ্চলিক সমিতিৰ সভাপতি/ সম্পাদক সকলো উপস্থিত থাকে।
Tilak Doley
Shaan Do Nyi Panggíng

Mising Réngam Irroí✊Himanta Biswa Sarma
29/12/2025

Mising Réngam Irroí✊
Himanta Biswa Sarma

Irroí✊
29/12/2025

Irroí✊

Irroí✊
29/12/2025

Irroí✊

TMPK, লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত TMPK–MMK–TMMK ৰৃকদুম ঘূণাসূঁতি আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰ দিনটোত ছয় জনগোষ্ঠীৰ জনজাত...
21/11/2025

TMPK, লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত TMPK–MMK–TMMK ৰৃকদুম ঘূণাসূঁতি আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰ দিনটোত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্র বিৰোধিতা জনাই “ ৰাজহুৱা সজাগতা ” সভা আয়োজন কৰা হয়। এই সজাগতা সভাৰ কাৰ্যসূচীৰ জৰিয়তে সমূহ নৱপ্ৰজন্মসকলক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰয়োগ হলে জনজাতি ৰাইজে কোন কোন মৌলিক স্বধিকাৰ, সাংবিধানিক অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ খৰ্গ হ'ব পাৰে সেই সকলো বিষয় স্পষ্টভাৱে ব্যাখ্যা কৰি ৰাইজক অৱগত কৰা হয়। লগতে জনজাতি ৰাইজৰ পৰিচয়, অস্তিত্ব আৰু সামগ্ৰিক জাতীয় স্বাৰ্থৰ ওপৰত এই সিদ্ধান্ত ভবিষ্যতে কি গভীৰ প্ৰভাৱ পেলাব পাৰে সেই দিশসমূহৰ ওপৰত জনসমাজৰ সন্মুখত তুলি ধৰাৰ লগতে ৰাইজক আৰু সজাগ হোৱাৰ আহ্বান জনোৱা হয়।

21/11/2025

TMPK, লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত TMPK–MMK–TMMK নামনি ভীমপৰা আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰ দিনটোত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্র বিৰোধিতা জনাই “জোৰ সমদল” কাৰ্যসূচী আয়োজন কৰা হয়। এই সমদল কাৰ্যসূচীৰ জৰিয়তে সমূহ ৰাইজক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰয়োগ হলে জনজাতি ৰাইজে কোন কোন মৌলিক স্বধিকাৰ, সাংবিধানিক অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰ খৰ্গ হ'ব পাৰে সেই সকলো বিষয় স্পষ্টভাৱে ব্যাখ্যা কৰি ৰাইজক অৱগত কৰা হয়।

সম্প্রতিক সময়ত  জনজাতি ৰাইজৰ স্বধিকাৰ, সাংবিধানিক অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰক যি ধ্বংস কৰাৰ লক্ষ্যৰে আগবঢ়াই থকা ছয় জন...
20/11/2025

সম্প্রতিক সময়ত জনজাতি ৰাইজৰ স্বধিকাৰ, সাংবিধানিক অধিকাৰ আৰু ৰাজনৈতিক অধিকাৰক যি ধ্বংস কৰাৰ লক্ষ্যৰে আগবঢ়াই থকা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু সেই দাবীৰ বিপদজনক প্ৰভাৱ সমূহৰ বিষয়ে ৰাইজৰ সন্মুখত স্পষ্টকৈ অৱগত কৰাৰ বাবে লখিমপুৰ জিলাৰ অন্তৰ্গত প্ৰত্যেক গাওঁসমূহত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে " সজাগতা সভা ” আয়োজন কৰা হৈছে।
Takam Mising Porin Kébang - TMPK All Mising Students' Union
Tilak Doley
Shaan Do Nyi Panggíng

অহা ইং ১১ আৰু ১২ অক্টোবৰ, ২০২৫ তাৰিখে TMPK লখিমপুৰ জিলা সমিতিৰ উদ্যোগত “মিচিং স্পৰ্টচ কাৰ্ণিভেল–২০২৫” ৰ তৃতীয় সংস্কৰণৰ অ...
10/10/2025

অহা ইং ১১ আৰু ১২ অক্টোবৰ, ২০২৫ তাৰিখে TMPK লখিমপুৰ জিলা সমিতিৰ উদ্যোগত “মিচিং স্পৰ্টচ কাৰ্ণিভেল–২০২৫” ৰ তৃতীয় সংস্কৰণৰ অংশ হিচাপে জিলা ভিত্তিক বাচনি শিবিৰ–২০২৫ চাউলধোৱাস্থিত শ্বহীদ গৌতম মিলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা হৈছে। সেয়ে সকলো ৰাইজৰ সহযোগিতা আৰু পৰামৰ্শ কামনা কৰিলোঁ ।

অহা ১১ আৰু ১২ অক্টোবৰ, ২০২৫ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় সংস্কৰণ মিচিং স্পৰ্টচ কাৰ্ণিভেল – ২০২৫ ৰ জিলা ভিত্তিক খে...
09/10/2025

অহা ১১ আৰু ১২ অক্টোবৰ, ২০২৫ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে তৃতীয় সংস্কৰণ মিচিং স্পৰ্টচ কাৰ্ণিভেল – ২০২৫ ৰ জিলা ভিত্তিক খেলুৱৈ বাচনি শিবিৰ অনুষ্ঠিত হ’ব। এই বাচনি শিবিৰখন TMPK লখিমপুৰ জিলা সমিতিৰ উদ্যোগত শ্বহীদ গৌতম মিলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, চাউলধোৱাত আয়োজিত হ’ব। এই দুদিনীয়া বাচনি শিবিৰ অনুষ্ঠানত লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আগতীয়াকৈ নিৰ্বাচিত প্ৰতিভাসম্পন্ন খেলুৱৈসকলে অংশ ল’ব। খেলুৱৈ বাচনিৰ উদ্দেশ্য হ’ল আগন্তুক মিচিং স্পৰ্টচ কাৰ্ণিভেল ২০২৫ৰ মূল কাৰ্যসূচীত জিলাখনৰ সৰ্বোত্তম প্ৰতিনিধিত্ব নিশ্চিত কৰা হব ।
ইয়াৰ প্ৰস্তুতিৰ অংশ হিচাপে আজিৰ দিনটোত TMPK আৰু MMK লখিমপুৰ জিলা সমিতিৰ সন্মানীয় সভাপতি, সম্পাদক, লগতে জিলা নেতৃত্ববৰ্গ আৰু স্থানীয় আঞ্চলিক সমিতিসমূহৰ বিষয়-ববীয়াসকলেও খেলপথাৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত তেওঁলোকে সমগ্ৰ স্থান পৰ্যালোচনা কৰি পৰিবেশ, খেলপথাৰৰ প্ৰস্তুতি, আবাস ব্যৱস্থা, খেল সামগ্ৰী, স্বেচ্ছাসেৱক দল আৰু অনুষ্ঠান সঞ্চালন সম্বন্ধীয় সকলো দিশৰ বিষয়ে বিস্তৃত আলোচনা কৰে।

আজি ইং- ২৮/০৯/২০২৫ তাৰিখে TMPK Lakhimpur District Committee    অন্তৰ্গত আঞ্চলিক সমিতি ক্রমে — ৰামপুৰ বগীবিল আঞ্চলিক সমিত...
28/09/2025

আজি ইং- ২৮/০৯/২০২৫ তাৰিখে TMPK Lakhimpur District Committee অন্তৰ্গত আঞ্চলিক সমিতি ক্রমে — ৰামপুৰ বগীবিল আঞ্চলিক সমিতি, কুলামন মিৰি আঞ্চলিক সমিতি আৰু পহুমৰা মধ্য ৰঙানদী আঞ্চলিক সমিতিত আজি আঞ্চলিক ভিত্তিক খেলুৱৈ বাচনি শিবিৰ সফলভাবে আয়োজন কৰা হয়।
এই বাচনি শিবিৰৰ মূল উদ্দেশ্য হ’ল আগন্তুক “মিচিং স্পৰ্টচ কাৰ্ণিবেল ৩.০” ত অংশগ্ৰহণ কৰিবলৈ আঞ্চলিক পৰ্যায়ৰ পৰা প্ৰতিভাবান খেলুৱৈ বাছনি কৰা। যোৱা দুই সংস্কৰণত যেনেদৰে ক্রীড়াপ্ৰেমি আৰু প্ৰতিভাবান খেলুৱৈয়ে নিজৰ যোগ্যতা প্ৰতিষ্ঠা কৰিছিল, এইবাৰো এই প্ৰতিভাবান খেলুৱৈৰ নতুন নতুন মুখৰ যোগদানৰ আশা কৰা হৈছে।
উল্লেখযোগ্যভাৱে, এইবাৰৰ মিচিং স্পৰ্টচ কাৰ্ণিবেল ৩.০ ত Under-14, Under-16, Under-17 আৰু Under-18 বিভাগৰ অন্তৰ্গত বিভিন্ন ক্রীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ইয়াৰ ফলস্বৰূপে খেলুৱৈসকলৰ মাজত এক নতুন উৎসাহ, প্ৰতিযোগিতা মনোবৃত্তি আৰু ভ্রাতৃত্বৰ সেতু দৃঢ় হ’ব বুলি আশা কৰা হৈছে।
এই খেল বাচনি শিবিৰৰ জৰিয়তে কেৱল মিচিং সমাজৰ নতুন প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভাই আগবঢ়ি অহা নহয়, লগতে সমাজত স্বাস্থ্যকৰ জীৱনশৈলী, ঐক্য আৰু সঁহাৰি বৃদ্ধিতো বিশেষ ভূমিকা পালন কৰিব। TMPK, লখিমপুৰ জিলা সমিতিয় খেল আৰু সংস্কৃতিক সমন্বয় কৰি যি অভিনৱ পদক্ষেপ লৈ আহিছে, আমি সকলোৱে শুভকামনা আৰু সহযোগিতা কামনা কৰিছোঁ ।

Address

Lakhimpur
North Lakhimpur
787001

Telephone

+916002427463

Website

Alerts

Be the first to know and let us send you an email when TMPK Lakhimpur District Committee posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to TMPK Lakhimpur District Committee:

Share