07/10/2026
কণমানি নিবিড় নিয়ৰৰ প্ৰথম ওপজা দিনত প্ৰশান্তি ধামত এসাজ অন্ন আৰু আইতাহঁতৰ আশীৰ্বাদ! 🌸🎂🙏
আজি ০৭-১০-২০২৬ তাৰিখে গহপুৰৰ ককিলা, নাহৰণিৰ পৰা শ্ৰীহেমন্ত দুৱৰা (পিতৃ) আৰু শ্ৰীমীনাক্ষী গগৈ (মাতৃ) তেওঁলোকৰ একমাত্ৰ মৰমৰ পুত্ৰ শ্ৰীনিবিড় নিয়ৰ দুৱৰাৰ প্ৰথম বছৰীয়া জন্মদিন উপলক্ষে আমাৰ ‘প্ৰশান্তি ধাম’লৈ আহে।
এই পৱিত্ৰ ক্ষণত তেওঁলোকে আশ্ৰমৰ আইতাহঁতক দুপৰীয়াৰ এসাজ তৃপ্তিদায়ক আহাৰ খুৱাই সেৱা আগবঢ়ায়। আইতাহঁতৰ সৈতে বহু সময় অতিবাহিত কৰি তেওঁলোকে নিজৰ মনৰ এটা পুৰণি আশা পূৰণ হোৱা বুলি প্ৰকাশ কৰে। আশ্ৰমৰ আইতাহঁতৰ মৰম আৰু কৰ্মকৰ্তাসকলৰ আদৰ-সাদৰ ব্যৱহাৰত অভিভাৱকদ্বয় অত্যন্ত আপ্লুত হয়।
আইতাহঁতেও কনমানি নিবিড় নিয়ৰৰ মূৰত হাত থৈ তাৰ সু-স্বাস্থ্য, দীৰ্ঘায়ু আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰি হিয়াভৰা আশীৰ্বাদ প্ৰদান কৰে।
প্ৰশান্তি ধাম তথা DVERDS পৰিয়ালৰ তৰফৰ পৰা কণমানি নিবিড়লৈ ওপজা দিনৰ আন্তৰিক শুভকামনা জনোৱাৰ লগতে হেমন্ত দুৱৰা ডাঙৰীয়াৰ সমগ্ৰ পৰিয়ালটোলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ! 🙏❤️