HUMAN WELFARE SOCIETY - HWS

HUMAN WELFARE SOCIETY - HWS Rendering Service to Mentally Ailing Person & Rehabilitation

প্ৰতিবন্ধী সকলৰ সেৱা আগবঢ়াই অহা যোৰহাটৰ এক অন্যতম স্বেচ্ছাসেৱী সংগঠন "প্ৰেৰণা"ৰ বিষয়ববীয়া আৰু  কৰ্মকৰ্তা সকলৰ "জ্যোতি...
23/04/2026

প্ৰতিবন্ধী সকলৰ সেৱা আগবঢ়াই অহা যোৰহাটৰ এক অন্যতম স্বেচ্ছাসেৱী সংগঠন "প্ৰেৰণা"ৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা সকলৰ "জ্যোতিগৃহ" পৰিদৰ্শন। বহুতো ঘাট প্ৰতিঘাতৰ মাজত সেৱা আগবঢ়াই অহা অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক শ্ৰীমতী চায়েৰা ৰহমান ডাঙৰীয়ানী বাইদেউলৈ HWSৰ হৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো🙏




অসমৰ জটিল পৰিস্থিতিৰ মাজত অসমৰ দুবাৰকৈ মুখ্যমন্ত্ৰী তথা মিজোৰামৰ প্ৰথম গৰাকী ৰাজ্যপালৰ পদ অলংকৃত কৰা প্ৰয়াত কৰ্মশ্ৰী হি...
22/04/2026

অসমৰ জটিল পৰিস্থিতিৰ মাজত অসমৰ দুবাৰকৈ মুখ্যমন্ত্ৰী তথা মিজোৰামৰ প্ৰথম গৰাকী ৰাজ্যপালৰ পদ অলংকৃত কৰা প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ ত্ৰিশ সংখ্যক মৃত্যু তিথিত জিলা কংগ্ৰেছ আৰু নাজিৰা ব্লক কংগ্ৰেছৰ বিষয়ববীয়া আৰু সদস্যৰ দ্বাৰা জ্যোতিগৃহত আবাসী সকলৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কাৰ্য্যসূচী।

18/04/2026

জ্যোতিগৃহত কণ কণ মইনা সকলৰ জেং বিহু💐




HWSৰ লগতে জ্যোতিগৃহৰ সকলো আবাসীৰ হৈ সমগ্ৰ ৰাজ্যবাসীলৈ চেনেহৰ ৰঙালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ💐
15/04/2026

HWSৰ লগতে জ্যোতিগৃহৰ সকলো আবাসীৰ হৈ সমগ্ৰ ৰাজ্যবাসীলৈ চেনেহৰ ৰঙালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ💐

23/03/2026

জ্যোতিগৃহৰ আবাসী সকলক সংগীতৰ মাজেৰে মানসিক আনন্দ দিবলৈ চেষ্টা কৰা দেওবৰীয়া সংগীতানুষ্ঠান হৈছে "ঝংকাৰ"🎧🎤🎸🎼🎵🎶 পবিত্ৰ ৰমজান মাহৰ এমাহ বিৰতিৰ পাছত পুনৰ এটি কিশোৰ কুমাৰদেৱৰ হিন্দী গীতৰে অনুষ্ঠান আগবঢ়াইছো। আবাসী সকলৰ লগতে সকলোৱে উপভোগ কৰিব বুলি আশা কৰিলো 💐🙏





゚viralシviralシfypシ゚viralシalシ

নাজিৰা সমজিলা অন্তৰ্গত মেজেঙা মছজিদ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে ধৰি এটি সঁজাতি দল জ্যোতিগৃহত উপস্থিত হৈ আবাসী সকলক ঈ...
21/03/2026

নাজিৰা সমজিলা অন্তৰ্গত মেজেঙা মছজিদ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকে ধৰি এটি সঁজাতি দল জ্যোতিগৃহত উপস্থিত হৈ আবাসী সকলক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আবাসী সকলক লঘু আহাৰেৰে আপ্যায়ন কৰায়। তেখেত সকলে অনুষ্ঠানটোৰ কাৰ্য্যক প্ৰশংসা কৰাৰ লগতে অনাগত দিনত সহায়-সহযোগিতা আগবঢ়োৱাৰ কথা জানিবলৈ দিয়ে। HWS ৰ সকলো সদস্য তথা জ্যোতিগৃহৰ পৰিয়ালৰ হৈ সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো🙏
ধন্যবাদ🙏ঈদ মোবাৰক🤲

14/03/2026

শিৱসাগৰ ভটীয়াপাৰ ৰূপহীমূখৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিৰ পৰা HWSৰ সদস্য আৰু সেৱা কৰ্মীৰ সহায়ত গেলেকী হাতীপটিস্থিত জ্যোতিগৃহত মানসিক ভাবে অসুস্থ বহিঃৰাজ্যৰ যুৱকজনক জ্যোতিগৃহত মলিয়ন চুলি কাটি গৰম পানীৰে স্নান কৰোৱাই পৰিষ্কাৰ কাপোৰ পিন্ধাই দিয়া হয়। যুৱকজনৰ সুস্থ হৈ উঠাৰ বাবে সকলোয়ে আশীৰ্বাদ কৰিব🙏





゚viralシviralシfypシ゚viralシalシ

13/03/2026

শিৱসাগৰ ভটীয়াপাৰ ৰূপহীমুখৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত ৰদে-বৰষুণে প্ৰায় ছয়মাহ দিন ধৰি অঘৰী জীৱন নিৰ্বাহ কৰা মানসিক ভাবে অসুস্থ যুৱকক স্থানীয় ৰাইজৰ অনুৰোধ ৰক্ষা কৰি আজি গেলেকী হাতীপটিস্থিত "জ্যোতিগৃহ"লৈ HWSৰ সেৱকৰ্মীৰ সহায়ত লৈ অনা হয়। ৰ'দৰ তাপ আৰু বৰষুণৰ বোকা পানীৰে এখন ভিজা কম্বলৰে দিন পাৰ কৰা যুৱকজন আৰু কিছুদিন এনে অৱস্থাত থকা হলে নিশ্চিত ভাৱে মানসিকৰ লগতে শাৰীৰিক ভাবেও বেয়া দিশে গতি কৰিলে হয়। স্থানীয় সচেতন মহিলা শ্ৰীমতী জীনামণি দাস আৰু কিছু সচেতন ৰাইজৰ অনুৰোধ ৰক্ষা কৰি আজি এই পদক্ষেপ গ্ৰহণ কৰা হয়। জ্যোতিগৃহত HWSৰ সেৱাকৰ্মীৰ সহায়ত যুৱকজনক পুনৰ গৰম পানীৰে স্নান কৰাই পৰিষ্কাৰ কৰা হয়। মানসিক ভাবে অসুস্থ যুৱকজন বিহাৰৰ হয় বুলি অনুমান কৰা হৈছে। যুৱকজন যাতে সুস্থ হৈ উঠি পৰিয়ালক গতাই দিব পাৰো তাৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিব। এই চেগতে ভটীয়াপাৰ ৰ স্থানীয় ৰাইজ আৰু HWSৰ সেৱাকৰ্মীলৈ অশেষ ধন্যবাদ আৰু কৃজ্ঞতা জ্ঞাপন কৰিলো🙏ধন্যবাদ




゚viralシviralシfypシ゚viralシalシ

Glimpse of International Women's Day organised by entrepreneurial women's of Sivasagar & Nazira at JYOTIGRIHA. HWS expre...
09/03/2026

Glimpse of International Women's Day organised by entrepreneurial women's of Sivasagar & Nazira at JYOTIGRIHA. HWS express his sincerely thanks and gratitude to everyone 💐🙏


゚viralシviralシfypシ゚viralシalシ

27/01/2026

গণতন্ত্ৰ দিৱসৰ কাৰ্য্যসূচীত জ্যোতিগৃহৰ দেৱশিশু ঈশান কবিৰৰ ভৱিষ্যতক লৈ HWS সভাপতি তথা অৱসপ্ৰাপ্ত চৰকাৰী অধিবক্তা শ্ৰীযুত মহেন্দ্ৰ ভূঞাদেৱৰ বক্তব্য🙏 সকলোৱে আশীৰ্বাদ কৰিব🙏 🌟🎉👏💫







Address

Head Office: Bapuji Path
Nazira
785685

Alerts

Be the first to know and let us send you an email when HUMAN WELFARE SOCIETY - HWS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to HUMAN WELFARE SOCIETY - HWS:

Share