DYFI Nalbari

DYFI Nalbari সকলো ৰে বাবে শিক্ষা, সকলো ৰে বাবে কাম।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আৰু ছোনম ৱাংচুকৰ সমৰ্থনত নলবাৰী টাউনত ডিৱাইএফআই , কৃষক সভা, গ...
20/07/2026

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আৰু ছোনম ৱাংচুকৰ সমৰ্থনত নলবাৰী টাউনত ডিৱাইএফআই , কৃষক সভা, গণতান্ত্ৰিক মহিলা সমিতি, এছ এফ আই, চিটুৰ যৌথ উদ্যোগত এক প‌্ৰতিবাদী কাৰ্যসূচী ও সংহতি সভা অনুষ্ঠিত কৰা হয়

20/07/2026

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত আৰু ছোনম ৱাংচুকৰ সমৰ্থনত নলবাৰী টাউনত ডিৱাইএফআই , কৃষক সভা, গণতান্ত্ৰিক মহিলা সমিতি, এছ এফ আই, চিটুৰ যৌথ উদ্যোগত এক প‌্ৰতিবাদী কাৰ্যসূচী ও সংহতি সভা অনুষ্ঠিত কৰা হয়।
এই আন্দোলনত অংশ গ্ৰহণ কৰা আটাইবোৰ গণ সংগঠনলৈ DYFI নলবাৰী জিলা কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো ।

17/07/2026
ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ পশ্চিম নলবাৰী আঞ্চলিক কমিটি আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বৰক্ষেত্ৰী আঞ্চলিক কমিটিৰ যৌথ উদ্য...
14/06/2026

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ পশ্চিম নলবাৰী আঞ্চলিক কমিটি আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেচনৰ বৰক্ষেত্ৰী আঞ্চলিক কমিটিৰ যৌথ উদ্যোগত কিউবা বিপ্লৱৰ নায়ক কমৰেড চে' গুৱেভাৰাৰ ৯৮ সংখ্যক জন্ম দিন তথা বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে মুকালমুৱা মুকলি মঞ্চত ৰাতিপুৱা ১১ বজাৰ পৰা এক ৰক্তদান শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত হয় । যুৱনেতা গাজিউৰ ৰহমান চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানত সভাপতিত্ব কৰে ডিৱাইএফআইৰ পশ্চিম নলবাৰী আঞ্চলিক কমিটি সভাপতি কমঃ অৱনী কুমাৰ বৰ্মনে। ৰক্ত দান শিবিৰ উদ্বোধনী কৰে বিশিষ্ট কৃতি শিক্ষক তথা ইলোৰা বিজ্ঞান মঞ্চৰ বৰক্ষেত্ৰী আঞ্চলিক কমিটিৰ সভাপতি মৰ্তুজ আলীয়ে । কংকন হালৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত কমৰেড চে' গুৱেভাৰাৰ তথা ৰক্ত দান শিবিৰ সজাগতা সম্পৰ্কে বক্তব্য আগবঢ়ায় ডাঃ ৰাজুমনি শৰ্মা আৰু ডাঃ প্ৰতুল ভাগৱতীয়ে । ৰক্তদান অনুষ্ঠানত প্ৰায় ২০ জন দাতাই ৰক্ত প্ৰদান কৰে । ৰক্তদাতাসকলক এখনক অভিনন্দন প্ৰত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। লগতে অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ লেখক নগেন দাস ,সমাজসেৱক ভূৱনেশ্বৰ বৰ্মন, হবিবৰ আলী , জয়নাল আলী আহমেদে, আব্দুছ সুভান, ৰসায়ন বিজ্ঞানৰ প্ৰদৰ্শক সোনালী আহমেদ সাংবাদিক জয়ন্ত ডেকা, সুভাষ কাকতি , ৰবেন পাটোৱাৰী, ৰানা চৌধুৰী, এছ এফ আই বৰক্ষেত্ৰী আঞ্চলিক কমিটিৰ সভাপতি ৰেকিবুল হক , ডিৱাইএফ আইৰ পশ্চিম নলবাৰী আঞ্চলিক কমিটিৰ সম্পাদক প্ৰমোদ তালুকদাৰ , সদস্য অনামিকা বৈশ্য, বিকাশ ভাগৱতী,এছ এফ বৰক্ষেত্ৰী আঞ্চলিক কমিটিৰ সদস্য আমিনুৰ আলী , মহিলা নেত্ৰী ৰীনা দেৱী, গ্লৱেল কেয়াৰ ইনিচিয়েটিভৰ সম্পাদক ৰাজু আহমেদসহ শতাধিক কৰ্মী উপস্থিত থাকে।

12/06/2026
যোৱা 31 মে' 2026 ত নলবাৰী জিলাৰ চামতা ৰূপিয়াবাথান গাঁৱৰ  ভকতপাৰা চুবুৰীৰ বাসিন্দা হৰিচৰণ বৰ্মনৰ একমাত্ৰ পুত্ৰ মাধুৰ্য্য...
02/06/2026

যোৱা 31 মে' 2026 ত নলবাৰী জিলাৰ চামতা ৰূপিয়াবাথান গাঁৱৰ ভকতপাৰা চুবুৰীৰ বাসিন্দা হৰিচৰণ বৰ্মনৰ একমাত্ৰ পুত্ৰ মাধুৰ্য্য বৰ্মনক দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে। এই হত্যাকাণ্ড অত্যন্ত মৰ্মান্তিক বেদনাদায়ক আৰু নিন্দনীয়। অতি অমায়িক, বিনয়ী, সমাজমুখী আৰু সাহসী যুৱক মাধুৰ্য্যই নিজৰ সম্পৰ্কীয় ভনীয়েকক বিপদৰ পৰা ৰক্ষা কৰাৰ প্ৰচেষ্টাত জীৱন উৎসৰ্গা কৰি এক অনন্য সাহস, মানবীয়তা আৰু আত্মত্যাগৰ নিদৰ্শন দাঙি ধৰিছে। মাত্ৰ 18 বছৰ বয়সততে কৰা তেওঁৰ এই মহান ত্যাগ সমাজৰ বাবে চিৰস্মৰণীয় হৈ থাকিব।
আজি DYFI ৰ নলবাৰী জিলা কমিটিৰ তৰফৰ পৰা মাধুৰ্য্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে আৰু এই হত্যাকাণ্ডক তীব্ৰ নিন্দা কৰে। দোষীক দৃষ্টান্তমূলক শাস্তিদি মাধুৰ্য্যক উচিত ন্যায় প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনায়। DYFI ৰ জিলা কমিটিৰ হৈ উপস্থিত আছিল জিলা কমিটিৰ সভাপতি কুলজিৎ কলিতা, সম্পাদক কংকন হালৈ, আঞ্চলিক সভাপতি অৱনি বৰ্মন, সম্পাদক প্ৰমোদ তালুকদাৰৰ উপৰিও জিলা সদস্য মধুসূদন কলিতা, আঞ্চলিক সদস্যা বিজয় হুজুৰী আৰু মন্টু বৰ্মন।

আজি সৰভোগ ভৱানীপুৰত হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গৰ ন্যায় বিচাৰি অহা যুৱককেইজনমানৰ হাতৰ পষ্টাৰ বিজেপি...
24/03/2026

আজি সৰভোগ ভৱানীপুৰত হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গৰ ন্যায় বিচাৰি অহা যুৱককেইজনমানৰ হাতৰ পষ্টাৰ বিজেপিৰ কিছু কৰ্মীয়ে ফালি পেলোৱাৰ দৰে ঘৃণনীয় কাৰ্যক DYFI ৰ নলবাৰী জিলা কমিটিয়ে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে।
জুবিন গাৰ্গৰ ন্যায়ৰ দাবী সন্নিবিষ্ট পষ্টাৰ ফালি পেলোৱাটো অসমৰ - আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি কৰা চূড়ান্ত অপমান।
এই অপমান কাৰ্য্যক আমি ধিক্কাৰ জনাইছোঁ।

APSC পৰীক্ষাত 41 নং স্থান দখল কৰি নিজকে কৰ পৰিদৰ্শক হিচাপে প্ৰতিষ্ঠা কৰা জাগাৰা গাঁৱৰ ধীৰাজ বেজবৰুৱাক আজি DYFI ৰ তৰফৰ পৰ...
19/02/2026

APSC পৰীক্ষাত 41 নং স্থান দখল কৰি নিজকে কৰ পৰিদৰ্শক হিচাপে প্ৰতিষ্ঠা কৰা জাগাৰা গাঁৱৰ ধীৰাজ বেজবৰুৱাক আজি DYFI ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানত কৃষক সভাৰ কেইবাজনো সদস্য উপস্থিত থাকে।

Address

Nalbari

Website

Alerts

Be the first to know and let us send you an email when DYFI Nalbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share