08/09/2026
সমন্বয়ৰ পূজাৰী, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা দেৱৰ জন্ম শতবার্ষিকীত শত-কোটি প্ৰণাম! "মই এটি যাযাবৰ..." বুলি সমগ্ৰ বিশ্ব ভ্ৰমি ফুৰিলেও যাৰ হৃদয়ত সদায় স্পন্দিত হৈ আছিল আই অসমীৰ সুবাস, সেইজনেই আমাৰ মৰমৰ ভূপেন দা। গীত, কবিতা আৰু চলচ্চিত্ৰৰ মাধ্যমেৰে তেখেতে সমাজৰ সংস্কাৰ আৰু মানৱতাৰ জয়গান গাইছিল। আজি ৮ ছেপ্টেম্বৰ, তেখেতৰ ১০০ সংখ্যক জন্ম জয়ন্তীৰ এই পবিত্ৰ ক্ষণত তেখেতৰ অমৰ সৃষ্টিৰাজিক স্মৰণ কৰিলোঁ তেখেত কেৱল এজন শিল্পীয়েই নাছিল, তেখেত আছিল সমগ্ৰ অসমীয়া জাতিৰ এক আৱেগ।
হে মহান শিল্পী, আপোনাৰ কালজয়ী গীতসমূহ আমাৰ প্ৰতিটো প্ৰজন্মৰ বাবে পথপ্ৰদৰ্শক হৈ ৰব।"সাগৰ সংগমত কতনা দেখিলো, ধৰাৰ অলকানন্দা..."