ABCD,Any Body Can Dream

ABCD,Any Body Can Dream To help poor and weak one to Fulfill Their Dreams.

08/07/2024

Pls join

অগ্ৰনী স্বেচ্ছাসেৱী সংস্থা  #এনি_বডি_কেন_ড্ৰিম"ৰ উদ্যোগত তথা ইউৰ’কিডচ নলবাৰী  শাখা;  #গুৰুকুল_পি_কে_কম;  #নিৰ্মালী_ডেঞ্চ...
24/06/2024

অগ্ৰনী স্বেচ্ছাসেৱী সংস্থা #এনি_বডি_কেন_ড্ৰিম"ৰ উদ্যোগত তথা ইউৰ’কিডচ নলবাৰী শাখা; #গুৰুকুল_পি_কে_কম; #নিৰ্মালী_ডেঞ্চ_একাডেমীৰ সহযোগত অহা সোতৰ জুলাইৰ পৰা একৈশ জুলাইলৈ #সত্ৰীয়া_নৃত্যৰ এখন কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালা খনি পৰিচালনা কৰিব ওস্তাদ বিছমিল্লাহ খান যুৱ বঁটাৰে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজলাবলৈ সক্ষম হোৱা প্ৰসিদ্ধ নৃত্য গুৰু " #জলী_মনি_শইকীয়াই"। উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব সত্ৰীয়া কৃষ্টিৰ অন্যতম সাধক #প্ৰমথৰঞ্জন_দাসে (কন্তি)।
প্ৰতিদিনে আবেলি তিনি বজাৰ পৰা হব লগা কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা সকলক বেনাৰত থকা নম্বৰ বা নিম্নোক্ত স্থানত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল।
১) ৱাণ্ডাৰলেণ্ড ফিন চাৰ্ভিচ- ৱাৰ্ড নং সাত, কলেজ পথ, নলবাৰী নেত্ৰালয়ৰ সন্মুখত ( প্ৰথম মহলাত)
২) ইউৰ' কিডচ, নলবাৰী শাখা- ৱাৰ্ড নং পোন্ধৰ, জোনাকী পথ, বালিকৰিয়া-খাৰজাৰা
৩) গুৰুকুল পি কে.কম- চক বজাৰ
৪) নিৰ্মালী ডেঞ্চ একাডেমী- বালিকৰিয়া

On 7th Foundation Day of our organisation we want to thank everyone who support us, guide us n work with us for betterme...
14/02/2023

On 7th Foundation Day of our organisation we want to thank everyone who support us, guide us n work with us for betterment of our society.
Thank you
14/02/2023

Salute this man for his service to mankind
22/01/2023

Salute this man for his service to mankind

#বিশেষ_ব্যক্তি
#এক
আমাৰ সমাজত অলপ কাম কৰি জহাই ফুৰা লোক অনেক আৰু তেওঁলোককে আমি ষ্টাৰ বুলি ভাবো। পিচে একেখন সমাজতে এনে লোকও আছে যি নিৰৱে মানৱ সেৱাৰ কাম কৰে গৈছে সচা অৰ্থত।
আজিৰ বিশেষ ব্যক্তিজন তিলক চন্দ্ৰ বৰ্মন । নলবাৰী চহৰৰ অতি চিনাকী তিলক চন্দ্ৰ বৰ্মন সুদীৰ্ঘ ৪৭ বছৰ ধৰি নিৰৱে মানৱ সেৱাৰ লগত জৰিত হৈ আছে। প্ৰায় ৭৪ বছৰীয়া এই ব্যক্তিজনে ১৯৭২ চনৰ পৰাই চিকিৎসা সেৱাৰ লগত জৰিত। প্ৰথম অৱস্থাত ডাঃ হৰেশ্বৰ বৰ্মন, পৰেশ শৰ্মাৰ লগত কাম কৰি হোমিওপেথিক চিকিৎসাৰ বিষয়ে জ্ঞান লাভ কৰে । ১৯৭৬ চন মানত মাতৃ আদেৰি প্ৰিয়া বৰ্মনৰ নামেৰে "আদেৰি হোমিও" স্থাপন কৰি অতি কম মাননিৰে ৰাইজৰ চিকিৎসাত মনোনিবেশ কৰে। বিগত ৪৭ বছৰত কিমান জনৰ চিকিৎসা কৰিলে তাৰ নিৰ্দিষ্ট তথ্য নাথাকিলেও প্ৰতি দিনে নলবাৰী কমাৰকুছি পথত থকা "আদেৰি হোমিও" ত পোন্ধৰৰ পৰা ত্ৰিশ জন ৰোগীয়ে চিকিৎসা লাভ কৰে । বানেকুছিৰ ওচৰৰ কাকতিপাৰা নিবাসী বৰ্মন ডাঙৰীয়াৰ পিতৃ শনিয়া ৰাম বৰ্মন। নলবাৰী মহাবিদ্যালয়ৰ পৰা পি ইউ পাছ কৰা অমায়িক তিলক চন্দ্ৰ বৰ্মন ডাঙৰীয়াই নিৰৱে কৰি যোৱা মানৱ সেৱাৰ বাবে তেখেতক অলেখ কৃতজ্ঞতা জনাইছো আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছো।
যদি আপুনিও কেতিয়াবা তেখেতৰ চিকিৎসা লাভ কৰিছে মন্তব্যত অভিজ্ঞতা চেয়াৰ কৰিবলৈ নাপাহৰিব।
#আদেৰি_হোমিও

06/11/2022

Public Press লৈ ধন্যবাদ

 #মোৰগীতৰহেজাৰশ্ৰোতা  অনুস্থানৰ লগত সংগতি ৰাখি   ঘগ্ৰাপাৰ শ্ৰী শ্ৰী হৰিমন্দিৰত আয়োজিত "সুধাকণ্ঠৰ গীত আৰু জীৱন" শীৰ্ষক ব...
05/11/2022

#মোৰগীতৰহেজাৰশ্ৰোতা অনুস্থানৰ লগত সংগতি ৰাখি ঘগ্ৰাপাৰ শ্ৰী শ্ৰী হৰিমন্দিৰত আয়োজিত "সুধাকণ্ঠৰ গীত আৰু জীৱন" শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা ৰূপে অংশগ্ৰহন কৰি ড৹ ভূপেন হাজৰিকাৰ জীৱনৰ ওপৰত আলোকপাত কৰে শিশু সাহিত্য ন্যাস অসমৰ সচিব হৃষিকেশ গোস্বামীয়ে। এ বি চি ডিৰ সভাপতি দিগন্ত মিশ্ৰৰ সভাপতিত্বত অনুস্থিত উক্ত অনুষ্ঠানতে বিশিষ্ট সমাজকৰ্মী জ্যোতিৰ্ময় শৰ্মা আৰু বনভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ যোগেন্দ্ৰ কলিতাইও বক্তব্য ৰাখে।

হিয়াৰ আমঠু,ভাৰতৰত্ন,সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ দেহৱসান দিন উপলক্ষে  এ.বি.চি.ডি নলবাৰীৰ উদ্যোগত ঘগ্ৰাপাৰৰ শ্ৰী শ্ৰী হৰিম...
05/11/2022

হিয়াৰ আমঠু,ভাৰতৰত্ন,সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ দেহৱসান দিন উপলক্ষে এ.বি.চি.ডি নলবাৰীৰ উদ্যোগত ঘগ্ৰাপাৰৰ শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগনত অনুষ্ঠিত "সুধাকন্ঠৰ গীত আৰু জীৱন ৰথ" শীৰ্ষক ছাত্ৰ ছাত্ৰীৰ সকলৰ মাজৰ বক্তৃতা প্ৰতিযোগিতাৰ কিছু ছবি।
#মোৰগীতৰহেজাৰশ্ৰোতা

Address

Jonaki Path
Nalbari
781353

Website

Alerts

Be the first to know and let us send you an email when ABCD,Any Body Can Dream posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share