21/09/2025
জুবিন গাৰ্গ!!!!!
জুবিন গাৰ্গ এটা নাম নহয় এটা সত্বা ,এটা যুগ যাৰ শেষ কেতিয়াও হ'ব নোৱাৰে।। ভাবি চাওঁক , যিজন মানুহ এদিন মাত্ৰ মৌন হোৱাৰ লগে-লগে সমগ্ৰ অসমতে কেৱল কান্দোনৰ সুৰ হে ভাহি আহিছে প্ৰতিজন অসমীয়াৰ বুকুৰ পৰা বিষ হৈ , নিথৰ হৈ ৰোৱা জুবিন সত্বাৰ সৈতে কেনেকৈ নিৰৱ হৈ পৰিছে অসম খন ।
এটা সত্বা কিমান বেছি মহান হ'লে এনেকুৱা পৰিবেশ এটা সম্ভৱ!!!!!
এই সত্বা কেতিয়াও শেষ হৱ নোৱাৰে, তেওঁ সংগীতৰ মাজেৰে অজেয় হৈ ৰৱ লাগিব জুবিন গাৰ্গ সত্বা ও যুগৰ ।
আপোনাক শব্দৰে সীমাবদ্ধ কৰিব নোৱাৰো , আপোনাক হেৰুৱাৰ বাতৰি অসহনীয় । অসহনীয় আপুনি আৰু আমাৰ মাজত নাই কথাষাৰ । বিদায় বুলি কাহিনীও কব পৰা আমাৰ সাহস নাই , সদায় বাবে প্ৰতিজন অসমীয়াৰ হৃদয়ত অমৰ হৈ ৰব আপুনি । কিন্তু সত্য মানি লৱ যে লাগিবই সেয়ে, ইউকেলিপটাছ গছৰ দৰে ওখ হব খোজা মানুহজন আজি য'তেই আছে ভালে থাকিব।।।
ভাল পায় থাকিম আপোনাক আজীৱন ❤️🥹
(বিঃদ্ৰঃ- এই যি অসহনীয় ক্ষতি,সেয় সম্পূৰ্ণ ঘটনাৰ সন্দৰ্ভত সঠিক আৰু ক্ষিপ্ৰ তদন্ত আমি বিচাৰিছো। অসমীয়াৰ হিয়াৰ আমঠু, কলিজাৰ টুকুৰা জুবিন দাৰ লগত চিংগাপুৰত হোৱা প্ৰতিতো ঘটনা সম্পূৰ্ণকৈ প্ৰতিজন অসমীয়াই জানিব লাগিব)