Wariors Nalbari Branch

Wariors Nalbari Branch A District Unit of Nalbari for women,senior citizens & children’s safety under Wariors state committe

আমাৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ পেপাৰ কাটিং
24/07/2026

আমাৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ পেপাৰ কাটিং

 #প্ৰতিবেদন*✍️                                      মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জৌতিৰ্ময় সমাজ অসম          ন...
24/07/2026

#প্ৰতিবেদন*✍️


মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জৌতিৰ্ময় সমাজ অসম

নলবাৰী জিলা সমিতি

বিষয় :- *বিনামূলীয়া গ্ৰীস্মকালীন নৃত্যৰ কৰ্মশালা*

তাৰিখ :- ২২/৭/২০২৬

২২ জুলাই তাৰিখে নলবাৰীৰ জাপাৰকুছি নালন্দা পাব্লিক স্কুলত ৱাৰিৱৰ্চ নলবাৰী জিলা সমিতিৰ উদ্যোগত ৬ দিনীয়া সম্পূৰ্ন বিনামূলীয়া গ্ৰীস্মকালীন নৃত্যৰ কৰ্মশালা অনুস্থিত কৰা হয় ।কৰ্মশালাৰ আৰম্ভনিতে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজল্লন কৰি কৰ্মশালাৰ আৰম্ভ কৰে ।বন্তি প্ৰজ্বলন কৰে নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ অজয় কুমাৰ জৈন ছাৰে ।প্ৰশিক্ষিকৰ আসনত থাকে নৃত্য বিশাৰদ লক্ষ্ণৌ ভাটখাণ্ডে মধুস্মিতা কপিল । উপদেষ্টাৰ আসনত থাকে মৃদুস্মিতা বৰুৱা, নালন্দা স্কুলৰ সহকাৰী শিক্ষক ৰঞ্জিত শালৈ আৰু নালন্দা পাব্লিক স্কুলৰ অধ্যক্ষ অজয় কুমাৰ জৈন ছাৰ আয়নদ্বীপ কাশ্যপ ছাৰ । বিশিষ্ট অতিথি হিচাপে থাকে বিশিষ্ট সাংস্কৃতিক কৰ্মী ডঃ সুকন্যা গোস্বামী, আৰু নৃত্য শিল্পী মনিকংকনা মেধি । ডঃ সুকন্যা গোস্বামীয়ে গীত পৰিৱেশন কৰে আৰু মণিকংকনা মেধীয়ে নৃত্য পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
আজিৰ অনুস্থানত উপস্থিত থাকে WARIORS ৰ সম্পাদিকা মঞ্জু বৈশ্য, সহ সম্পাদিকা মুন্না বৰ্মন , নৱ গঠিত উপ সভানেত্ৰী চুনুমা
বৈশ্য,সাংস্কৃতিক সম্পাদিকা ইভা শালৈ , জনসংযোগ সম্পাদিকা জয়াৰানী চৌধুৰী /নিভাৰানী বৰুৱা /অনিতা হালৈ , মোৱাইল প্ৰচাৰ বিভাগৰ দায়িত্বত থকা সীমা সাহা ।কাৰ্য্যকৰী সদস্যা জুতিকা শৰ্মা আৰু সৰস্বতী দেৱী ।

ধন্যবাদ সহকাৰে
মঞ্জু বৈশ্য
সম্পাদিকা
নলবাৰী জিলা সমিতি

24/07/2026
 #প্ৰতিবেদন*✍️  মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোৰ্তিময় সমাজ অসম**নলবাৰী জিলা সমিতি*বিষয়:--‌ *চিকিৎসক দিৱস...
14/07/2026

#প্ৰতিবেদন*✍️

মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোৰ্তিময় সমাজ অসম*

*নলবাৰী জিলা সমিতি*

বিষয়:--‌ *চিকিৎসক দিৱস উপলক্ষে চিকিৎসক সম্বৰ্ধনা*

তাৰিখ:-১ জুলাই , ২০২৬

যোৱা ১ জুলাই ২০২৬ আজিৰ দিনটো চিকিৎসক দিৱস হিচাপে পালন কৰা হয়। চিকিৎসক সকলক দ্বিতীয় ভগৱান বুলি আখ্যা দিয়া হয়। আজি সেইসকল মানৱ দৰদী চিকিৎসকক যিসকলে আমাৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে তেওঁলোকক আমাৰ সংস্থা ৱাৰিৱৰ্চৰ ফালৰ পৰা কিছু সন্মান যাচিব পাই নিজকে ধন্য মানিছো। আজি চিকিৎসক দিৱস উপলক্ষে প্ৰথমতে তেখেত সকলক শুভেচ্ছা জনাই এখনি ফুলাম গামোচাৰে সন্মান যচা হয়। নলবাৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসালয়ৰ চিকিৎসক সন্মানীয় ডাঃ খনীন্দ্ৰ মোহন সাউদ দেৱ ,
নলবাৰীৰ জেষ্ঠ শিশু ৰোগ বিশেষজ্ঞ সন্মানীয় ডাঃ অনিল তালুকদাৰ দেৱ, নলবাৰী
প্ৰগতি নাৰ্চিং হোমৰ প্ৰসুতি ৰোগ বিশেষজ্ঞ সন্মানীয় ডাঃ স্বৰ্ণলতা তালুকদাৰ বাইদেউ, বৰনৰ্দ্দীৰ PHC ৰ সন্মানীয় ডাঃ বসন্ত কুমাৰ ডেকা আৰু ডাঃ ৰমেন ডেকাক সম্বৰ্ধনা জনোৱা হয়। ৱৰিৱৰ্চৰ এই পদক্ষেপক তেখেত সকলে শলাগ লয়।

আজিৰ কাৰ্য্যসূচীত সহযোগিতা আগবঢ়াই জিলাৰ সহ সম্পাদিকা মুন্না বৰ্মন, কাৰ্য্যকৰী সদস্যা ইভা বৰ্মন ,জয়াৰাণী চৌধুৰী, বিজুমণি মেধি, , সবিতা দেৱীয়ে।

ধন্যবাদ সহকাৰে
মঞ্জু বৈশ্য
সম্পাদিকা
নলবাৰী জিলা Wariors

 #প্ৰতিবেদন* ✍️*  মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোৰ্তিময় সমাজ অসম**নলবাৰী জিলা সমিতি*বিষয়:- *বাল্য বিবাহ ...
14/07/2026

#প্ৰতিবেদন* ✍️

* মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোৰ্তিময় সমাজ অসম*

*নলবাৰী জিলা সমিতি*

বিষয়:- *বাল্য বিবাহ ৰোধ*

তাৰিখ:- ১/৭/২৬

যোৱা ৩০/৬/২৬ তাৰিখ মঙ্গলবাৰে দুপৰীয়া ২ মান বজাত নলবাৰী সমাজ জীৱনৰ এগৰাকী বিশিষ্ট মহিলা ৰুমি ভট্টাচাৰ্যৰ পৰা এটা ফোন আহিছিল নলবাৰী জিলাৰ সম্পাদিকা মঞ্জু বৈশ্যলৈ। ৰুমী ভট্টাচাৰ্য বাইদেউ জনোৱা মতে নলবাৰী গণেশ মন্দিৰৰ পৰা কিছু নিলগত অৱস্থিত মৈৰাদাঙা গাৱৰ এজন যুৱকে নলবাৰী খাটকটৰা গাৱৰ ছোৱালী এজনীক পলুৱাই লৈ যায়। ৰাতি যেতিয়া ছোৱালী জনী ঘৰ আহি নোপোৱাত হুলস্থুল লাগিল ফোন কৰি চোৱাত দুয়োৰে ফোন অফ পাই ঘৰৰ লোক চিন্তাত পৰে। ছোৱালী জনীৰ দেউতাক ৰুমী ভট্টাচাৰ্য বাইদেউৰ চিনাকি হোৱা হেতুকে বাইদেউক কথা খিনি জনায়। তেতিয়া বাইদেউ তাৎক্ষণিক ভাৱে ৱাৰিৱৰ্চৰ সহায় বিচাৰে। আমি প্ৰায় ৪ মান বজাত ল'ৰাৰ ঘৰত উপস্হিত হও। কাৰণ তেতিয়ালৈ ল'ৰা ছোৱালী জনীক নিজৰ ঘৰত লৈ আহিছিল। আমি গৈ আধাৰ কাৰ্ড চাই গম পাও দুয়ো বৰ্তমান বিবাহৰ উপযুক্ত বয়স হোৱা নাই। পিছত আমি সকলোৱে ছোৱালী জনীক বুজাব ধৰিলো। প্ৰথমে ছোৱালী জনী আহিব মান্তি নহয়। তেতিয়া আমি আইনৰ ওচৰ চাপিম বুলি কলো। ছোৱালী জনী য়ে ল'ৰা জনক পুলিচক গতালে আত্মহত্যা কৰিব বুলি জনায়। পিছত আমি সকলোৱে দুয়োকে বহাই লৈ প্ৰায় চাৰি ঘণ্টা ধৰি বুজনিত আৰু সুন্দৰ ভাবে আইন কানুনৰ নিয়ম সমুহ বুজাই দিয়াত ছোৱালী জনী আহিব মান্তি হয়। গাওৰ ৰাইজ, গাও প্ৰধান ছোৱালী পক্ষ, ল'ৰা পক্ষ সকলোৰে উপস্থিতিত ল'ৰা ছোৱালীৰ উপযুক্ত বয়স নোহোৱালৈ বিয়া পাতি নিদিও বুলি লগতে যেতিয়া উপযুক্ত বয়স হব তেতিয়া বিবাহৰ কথা চিন্তা কৰিম বুলি উভয় পক্ষই চহী কৰে আৰু ছোৱালী জনীক ৰাতি ৯.৩০ বজাত নিজৰ ঘৰত পঠিয়াই দিব সক্ষম হও। বৰ্তমান ছোৱালী জনীক কলেজত এডমিচন দিবৰ বাবে ছোৱালীৰ মাক দেউতাকক অনুৰোধ জনাও আৰু ল'ৰাৰো কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰি উপযুক্ত বয়স নোহোৱালৈ অপেক্ষা কৰিব লাগিব বুলি জনাও। শেষত সকলোৱে সুস্থ মগজুৰে সন্মতি প্ৰকাশ কৰে আৰু বৰ্তমান ছোৱালী মাকৰ ঘৰত ভালদৰেই আছে বুলি জানিব পাৰিছো

ঘটনাস্থলীত উপস্থিত থাকে নলবাৰী জিলাৰ উপদেষ্টা ঈচলামুদ্দিন আহমেদ, সম্পাদিকা মঞ্জু বৈশ্য, সহ সম্পাদিকা মুন্না বৰ্মন, বিত্তীয় সম্পাদক নাৰায়ণ নাথ, কাৰ্য্যকৰী সদস্যা সীমা সাহা, অনিতা দাস হালৈ আৰু শুভাকাংক্ষী ৰুমী ভট্টাচাৰ্য বাইদেউ।

ধন্যবাদ সহকাৰে
মঞ্জু বৈশ্য
সম্পাদিকা
নলবাৰী জিলা Wariors

 #প্ৰতিবেদন*✍️  মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোৰ্তিময় সমাজ অসম**নলবাৰী জিলা সমিতি*বিষয়:- *প্ৰধান শিক্ষকৰ...
14/07/2026

#প্ৰতিবেদন*✍️

মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোৰ্তিময় সমাজ অসম*

*নলবাৰী জিলা সমিতি*

বিষয়:- *প্ৰধান শিক্ষকৰ_দ্বাৰা_ছাত্ৰীক_যৌন নিৰ্য্যাতন*

তাৰিখ:- ২৯/৬/২০২৬

নলবাৰী জিলাৰ নামকোনা নামৰ ঠাই এখনৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকে পঞ্চম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী এগৰাকীক টিউচন কৰাৰ চলেৰে প্ৰায় ১ বছৰ ধৰি যৌন নিৰ্যাতন কৰা ঘটনা সমগ্ৰ নলবাৰী জোকাৰি গৈছে। আজি তেওঁলোকৰ ঘৰত গৈ,সমগ্ৰ ঘটনাৰ বুজ ললো।জানিব পৰা মতে শিক্ষক জনৰ বয়স প্ৰায় ৬০ বছৰ তেওঁ ছোৱালী জনীৰ দেউতাকৰ বন্ধু আছিল। দেউতাক ঢুকুৱাৰ পিছত তেখেতে প্ৰধান শিক্ষক হয় আৰু তেখেত সকলৰ ঘৰৰ লগত আগৰে পৰা এটা ভাল সম্পৰ্ক ৰাখি আহিছিল। সেইমৰ্মে ছাত্ৰী গৰাকীক ঘৰৰ মানুহে বিশ্বাস কৰি সম্পূৰ্ণ অকলে এটা ৰুমত টিউছন কৰা সুবিধা কৰি দিছিল। যাৰ ফলত শিক্ষক জনে সেই সুবিধাৰ সুযোগ লৈ ছাত্ৰী গৰাকীক মোৱাইলত অশ্লীল ভিডিঅ'দেখুৱাই গোপন অংগত স্পৰ্শ কৰিছিল বুলি অভিযোগ উত্থাপিত কৰিছে। ঘটনাৰ দিনা ছোৱালী জনীৰ মাহীয়েকে হাতে লোটে ধৰাত পেলোৱাত থানাত এজাহাৰ দাখিল কৰে। শিক্ষক গৰাকী পলাই আছিল যদিও আৰক্ষীয়ে বিচাৰি থকাত আজি নিজে গৈ থানাত হাজিৰ হয়। ইতিমধ্যে শিক্ষক গৰাকীক আইনৰ জিম্মাত ৰখা হৈছে। কৰ্টত ছোৱালী জনীৰ লগতে ঘৰৰ পৰিয়ালৰ লগতে শিক্ষকজনৰ ষ্টেটমেণ্ট লোৱা হৈছে। উচিত তদন্ত কৰি যদি আমিও তেখেত যদি সঁচাকৈ দোষী সাব্যস্ত হয় দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাও। আজি ৱাৰিৱৰ্চৰ ফালৰ পৰা তেখেত সকলৰ ঘৰত গৈ সহযোগ কৰে সম্পাদিকা মঞ্জু বৈশ্য, কাৰ্য্যকৰী সদস্যা ইভা বৰ্মন, পদুমী বৰ্মন, অনিতা দাস হালৈ, জোৎন্সা দেৱী, আৰু কল্পনা দেৱী ।

ধন্যবাদ সহকাৰে
সম্পাদিকা
মঞ্জু বৈশ্য
নলবাৰী জিলা সমিতি

 #প্ৰতিবেদন*✍️ *(Women Awareness and Rural Invigorate Organisation CUM Radiant Society)*মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস...
27/06/2026

#প্ৰতিবেদন*✍️
*
(Women Awareness and Rural Invigorate Organisation CUM Radiant Society)

*মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোতিৰ্ময় সমাজ,(অসম)*

*নলবাৰী জিলা সমিতিৰ অন্তৰ্গত বৰজাৰ শাখা*

স্থান:- *বৰমা*


আজি ইং ২১-০৬_২০২৬ তাৰিখ দেওবাৰে WARIORS নলবাৰী জিলা সমিতিৰ অন্তৰ্গত
বৰজাৰ শাখাৰ সতীৰ্থসকলে *আন্তৰ্জাতিক যোগ দিৱস* পালন কৰে। যোগ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে ফুলকন কলিতা বাইদেউ।

এই কাৰ্য্যসূচীত উপস্থিত আছিল
বৰজাৰ আঞ্চলিকৰ সভানেত্ৰী ফুলকন বাইদেউৰ লগতে সতীৰ্থ সকল আৰু পতঞ্জলিৰ কৰ্মকৰ্তা সকল

শ্ৰদ্ধাৰে
সম্পাদিকা
মঞ্জু বৈশ্য
WARIORS নলবাৰী জিলা সমিতি

 #প্ৰতিবেদন*✍️  মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোৰ্তিময় সমাজ অসম**নলবাৰী জিলা সমিতি*বিষয়:- *শিক্ষকৰ_দ্বাৰা...
27/06/2026

#প্ৰতিবেদন*✍️

মহিলা সজাগতা আৰু গ্ৰামোন্নয়ন সংস্থা তথা জ্যোৰ্তিময় সমাজ অসম*

*নলবাৰী জিলা সমিতি*

বিষয়:- *শিক্ষকৰ_দ্বাৰা_ছাত্ৰীক_যৌন নিৰ্য্যাতন*

তাৰিখ:- ২১/৬/২০২৬

কেইদিনমান আগত বিহামপুৰ ছোৱালী হাইস্কুলত এগৰাকী শিক্ষকে অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰী এগৰাকীক যৌন নিৰ্যাতন কৰা ঘটনা সমগ্ৰ নলবাৰী জোকাৰি গৈছে। ভুক্তভোগী ছোৱালী জনীৰ মাতৃ আমাৰ বিহামপুৰ আঞ্চলিকৰ সতীৰ্থ। ঘটনাৰ দিনাৰ পৰাই আমি তেখেতৰ লগত যোগাযোগত আছোঁ যদিও আজি তেওঁলোকৰ ঘৰত গৈ,সমগ্ৰ ঘটনাৰ বুজ ললো। মাতৃ তথা ছাত্ৰীগৰাকীক সাহস দিলো। বেলশৰ থানাৰ OC ছাৰৰ লগত ফোন যোগে কথা পাতি উচিত তদন্ত কৰি যদি তেখেত সঁচাকৈ দোষী সাব্যস্ত হয় দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ আমি অনুৰোধ জনাও। শিক্ষক গৰাকী বৰ্তমান আৰক্ষীয়ে আটক কৰিছে।অনাগত দিনত আমি আমাৰ সতীৰ্থ গৰাকীৰ ছোৱালীৰ লগত সম্পুৰ্ণ সহযোগত থাকিম বুলি কথা দিলো। আজি ৱাৰিৱৰ্চৰ ফালৰ পৰা তেখেত সকলৰ ঘৰত গৈ সহযোগ কৰে সম্পাদিকা মঞ্জু বৈশ্য, প্ৰচাৰ সম্পাদিকা সবিতা দেৱী, কাৰ্য্যকৰী সদস্যা সীমা সাহা, ক্ষীৰোদা ডেকা আৰু বিহামপুৰ আঞ্চলিকৰ সতীৰ্থ সকল।

ধন্যবাদ সহকাৰে
সম্পাদিকা
মঞ্জু বৈশ্য
নলবাৰী জিলা সমিতি

27/06/2026

Address

Nalbari
781339

Website

Alerts

Be the first to know and let us send you an email when Wariors Nalbari Branch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share