কামৰূপ মহাবিদ্যালয় আছু গোট

  • Home
  • India
  • Nalbari
  • কামৰূপ মহাবিদ্যালয় আছু গোট

কামৰূপ মহাবিদ্যালয় আছু গোট যাৰ তেজত তিৰবিৰাইছিল তৰালি,
গুণ গুণাইছিল মৌমাখি
সি নিজানে নিতালে শুই আছে
শিতানত তাৰ তেজেধোৱা মাটি ।

25/04/2026
হে সতীৰ্থ বিদায়......কামৰূপ মহাবিদ্যালয়ৰ দুগৰাকীকৈ প্ৰাক্তন ছাত্ৰী আজি একেলগে হেৰুৱাই আমি মৰ্মাহত হৈছো। কামৰূপ মহাবিদ্য...
12/11/2025

হে সতীৰ্থ বিদায়......

কামৰূপ মহাবিদ্যালয়ৰ দুগৰাকীকৈ প্ৰাক্তন ছাত্ৰী আজি একেলগে হেৰুৱাই আমি মৰ্মাহত হৈছো। কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন ছাত্ৰী (২০১৭-২০২০) তৃষ্ণা বৰ্মন আৰু সংস্কৃত বিভাগৰ প্ৰাক্তন ছাত্ৰী (২০১৭-২০২০) অপৰ্ণা শৰ্মাৰ আকস্মিক বিয়োগে আমাক দুঃখিত কৰিছে। মহাবিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানৰ লগতে কামৰূপ মহাবিদ্যালয় আছু গোটৰ শুভাকাংক্ষী হিচাপে আপোনালোকৰ অৱদান চিৰস্মৰণীয়।

কামৰূপ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা দুয়োগৰাকী প্ৰাক্তন ছাত্ৰীৰ আত্মাৰ সদগতি কামনা কৰিলোঁ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

ওঁম শান্তি ।

পশ্চিম নলবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত কামৰূপ মহাবিদ্যালয়, চামতাৰ ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধ...
31/10/2025

পশ্চিম নলবাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ঐতিহ্যমণ্ডিত কামৰূপ মহাবিদ্যালয়, চামতাৰ ২০২৫-২৬ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদক সহ ১৬ টা পদত সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থিত প্ৰাৰ্থীৰ বৃহৎ জয়লাভ। বিজয়ী প্ৰতিগৰাকী প্ৰাৰ্থীলৈ কামৰূপ মহাবিদ্যালয় আছু গোটৰ তৰফৰ পৰা অভিনন্দন জনালোঁ।

আপোনালোকৰ এই বিজয় ঐতিহ্যমণ্ডিত কামৰূপ মহাবিদ্যালয়ত অক্ষত ৰাখিলে জাতীয়তাবাদী ধাৰা। মহাবিদ্যালয়ৰ স্বাৰ্থত আপোনালোকৰ পৰৱৰ্তী খোজৰ সফলতা আমাৰ কাম্য। এই যাত্ৰাত আমাৰ সহযোগী প্ৰতিগৰাকী ছাত্ৰ সন্থাৰ কৰ্মীক আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

জয় আই অসম।
জয়তু কামৰূপ মহাবিদ্যালয়।
জয়তু কামৰূপ মহাবিদ্যালয় আছু গোট।।

শিক্ষক এদাল মমবাতিৰ দৰে।যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে।আজি ৫ ছেপ্তেম্বৰ, শিক্ষক দিৱস।আজিৰ এই পবিত্ৰ দিনত কামৰূপ মহাবিদ্...
05/09/2025

শিক্ষক এদাল মমবাতিৰ দৰে।যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে।

আজি ৫ ছেপ্তেম্বৰ, শিক্ষক দিৱস।আজিৰ এই পবিত্ৰ দিনত কামৰূপ মহাবিদ্যালয় আছুগোট ৰ উদ্যোগত আৰু কামৰূপ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত কামৰূপ মহাবিদ্যালয়ৰ আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলক আৰতি প্ৰদানেৰে মহাবিদ্যালয়লৈ আদৰনি জনোৱা হয়।

ধন্যবাদৰে
কামৰূপ মহাবিদ্যালয় আছুগোট
কামৰূপ মহাবিদ্যালয় ছাত্ৰ একতা সভা
জয় আই অসম

আজি ২৯-০৮-২০২৫ তাৰিখে কামৰূপ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত ছাত্ৰ একতা সভাৰ সহযোগত কামৰূপ মহাবিদ্যালয়ত চাফাই কাম কৰা হয় ।এ...
29/08/2025

আজি ২৯-০৮-২০২৫ তাৰিখে কামৰূপ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত ছাত্ৰ একতা সভাৰ সহযোগত কামৰূপ মহাবিদ্যালয়ত চাফাই কাম কৰা হয় ।এই চেগতে এই চাফাই কাৰ্য্যসূচীত অংশগ্ৰহন কৰা কামৰূপ মহাবিদ্যালয় আছু গোটৰ বিষয় ববীয়া আৰু ছাত্ৰ একতা সভাৰ বিষয় ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছো।

আজি ২০-০৮-২০২৫ তাৰিখে কামৰূপ মহাবিদ্যালয় আছূ গোটৰ উদ্যোগত ছাত্ৰ একতা সভাৰ সহযোগত কামৰূপ মহাবিদ্যালয়ৰ ৰুচা বিল্ডিঙৰ সন্মু...
20/08/2025

আজি ২০-০৮-২০২৫ তাৰিখে কামৰূপ মহাবিদ্যালয় আছূ গোটৰ উদ্যোগত ছাত্ৰ একতা সভাৰ সহযোগত কামৰূপ মহাবিদ্যালয়ৰ ৰুচা বিল্ডিঙৰ সন্মুখৰ বাগিচাখন চাফা কৰো।এই চেগতে এই চাফাই কাৰ্য্যসূচীত অংশগ্ৰহন কৰা কামৰূপ মহাবিদ্যালয় আছু গোটৰ বিষয় ববীয়া আৰু ছাত্ৰ একতা সভাৰ বিষয় ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছো।
ইতি
সভাপতি সাধাৰণ সম্পাদক
চিন্ময় পাঠক সুপ্ৰতিম চক্ৰবৰ্তী
কামৰূপ মহাবিদ্যালয় আছু গোট।

*আজি কামৰূপ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আৰু কামৰূপ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষ(কলা ...
03/05/2025

*আজি কামৰূপ মহাবিদ্যালয় আছু গোটৰ উদ্যোগত আৰু কামৰূপ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষ(কলা শাখা) ৰ নামভৰ্তি সহায়ক কেন্দ্ৰৰ দ্বাৰা নতুনকৈ নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰী সকলক কিছু সহায় কৰা হয়।*

*ধন্যবাদ*

*।।জয়তু কামৰূপ মহাবিদ্যালয় আছু গোট।।*
*।।জয়তু কামৰূপ মহাবিদ্যালয় ছাত্ৰ একতা সভা ২৪-২৫ বৰ্ষ।।*

উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাত কামৰূপ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্রত কামৰূপ মহাবিদ্যালয় ছাত্র একতা সভাৰ উদ্যোগ...
15/02/2025

উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ পৰীক্ষাত কামৰূপ মহাবিদ্যালয়ৰ পৰীক্ষা কেন্দ্রত কামৰূপ মহাবিদ্যালয় ছাত্র একতা সভাৰ উদ্যোগত আৰু কামৰূপ মহাবিদ্যালয় আছু গোটৰ সহযোগত সমুহ পৰীক্ষাৰ্থীলৈ একোটি কলমেৰে শুভেচ্ছা জ্ঞাপন কৰা হয় ।

Address

Nalbari
781303

Telephone

+918011575805

Website

Alerts

Be the first to know and let us send you an email when কামৰূপ মহাবিদ্যালয় আছু গোট posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share