AASU,Naharkatia Regional Students Union

AASU,Naharkatia Regional Students Union জয় আই অসম

16/09/2026

নাহৰকটীয়া মহাবিদ্যালয়ৰ স্পষ্ট বাৰ্তা - এখনেই পতাকা, এটাই পন্থা সদৌ অসম ছাত্ৰ সন্থা ।

২০২৬-২৭ বৰ্ষৰ নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভাপতি, সাধাৰণ সম্পাদককে ধৰি আটাইকেইটা পদতেই আছু সমৰ্থিত প্ৰাৰ্থীৰ বিজয় ধ্বজা সকলোলৈ শুভেচ্ছা I

সদৌ অসম ছাত্ৰ সন্থাৰ ৰক্তিম পতকাখন জিলিকি ৰওঁক।

জয়তু নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা।
জয়তু নাহৰকটীয়া মহাবিদ্যালয় ছাত্ৰ সমাজ।
জয় আই অসম

নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থী হিচাপে উপ-সভাপতি,সাংস্কৃতিক সম্পাদক, সমাজ স...
10/09/2026

নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত আছু সমৰ্থিত প্ৰাৰ্থী হিচাপে উপ-সভাপতি,সাংস্কৃতিক সম্পাদক, সমাজ সেৱা সম্পাদক, বহি: ক্ৰীড়া সম্পাদক, লঘু ক্ৰীড়া সম্পাদিকা , ছাত্ৰ জিৰণি কোঠা সম্পাদক আৰু ছাত্ৰী জিৰণি কোঠা সম্পাদিকা আটাইকেইটা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে।
আছু সমৰ্থিত আটাইকেইগৰাকী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আগন্তুক দিনত তেওঁলোকে নাহৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰ সমাজৰ স্বাৰ্থত নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰি যাব বুলি আশা কৰিলোঁ।

আজি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে নাহৰকটীয়া আঞ্চলিক ছাত্...
08/09/2026

আজি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ স্মৃতি ভৱনত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

আহ আহ ওলাই আহসজাগ জনতা,আহ আহ ওলাই আহপোহৰ আনোতা,ৰামৰে দেশতে থকাৰাবন বধোতেযায় যদি যায়জীৱনটো যাক;ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপ...
08/09/2026

আহ আহ ওলাই আহ
সজাগ জনতা,
আহ আহ ওলাই আহ
পোহৰ আনোতা,
ৰামৰে দেশতে থকা
ৰাবন বধোতে
যায় যদি যায়
জীৱনটো যাক;

ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ ১০০ তম জন্মোৎসৱৰ শুভক্ষণত তেখেতক গভীৰ শ্ৰদ্ধা যাচিছো। #নাহৰকটীয়া_আঞ্চলিক_ছাত্ৰ_সন্থাই

পৱিত্ৰ ভাদ মাহৰ উপলক্ষে বিগত বৰ্ষসমূহৰ দৰে এইবছৰো নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা নামঘৰত ভক্তিভাৱে এখন...
06/09/2026

পৱিত্ৰ ভাদ মাহৰ উপলক্ষে বিগত বৰ্ষসমূহৰ দৰে এইবছৰো নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ পৰিয়ালৰ তৰফৰ পৰা নামঘৰত ভক্তিভাৱে এখনি শৰাই আগবঢ়োৱা হয়। 🙏

ভগৱানৰ চৰণত সেৱা আগবঢ়াই সকলোৰে সুখ-শান্তি, সমৃদ্ধি আৰু মংগল কামনা কৰিলোঁ। 🪔🌸

হৰিনামৰ ধ্বনিৰে মুখৰিত হওক প্ৰতিটো প্ৰাণ, ভক্তিৰ পোহৰে আলোকিত হওক সমাজ। 🙏


জ্ঞানৰ পোহৰ বিলাই উঠি অহা নৱপ্ৰজন্মক সমাজত সু-নাগৰিক হিচাপে গঢ় দিয়া প্ৰতিজন শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত ব...
05/09/2026

জ্ঞানৰ পোহৰ বিলাই উঠি অহা নৱপ্ৰজন্মক সমাজত সু-নাগৰিক হিচাপে গঢ় দিয়া প্ৰতিজন শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনটোত বিগত বছৰৰ দৰে এই বছৰো নাহৰকটীয়া অঞ্চলৰ বিদ্যালয়/ মহাবিদ্যালয়ত উপস্থিত হৈ নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰো ।

আজি ৫ চেপ্তেম্বৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন অৰ্থাৎ শিক্ষক দিৱস।       আজি এই পবিত্ৰ দিনটোত আমি  নাহৰকটীয়া আঞ্চলিক ...
05/09/2026

আজি ৫ চেপ্তেম্বৰ ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন অৰ্থাৎ শিক্ষক দিৱস।
আজি এই পবিত্ৰ দিনটোত আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ শ্ৰদ্ধা, সেৱা জনাইছোঁ আৰু সকলোলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷
৷৷ জয় আই অসম ৷৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত খাদ্যবস্তুৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ...
03/09/2026

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত খাদ্যবস্তুৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্য হ্ৰাস কৰাৰ দাবীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ শৱযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। জনসাধাৰণৰ ওপৰত মূল্যবৃদ্ধিৰ বোজা জাপি দিয়া বন্ধ কৰক। অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস কৰি ৰাইজক সকাহ দিয়ক।


আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা সদৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় দামবৃ...
27/08/2026

আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত জিলা সদৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় দামবৃদ্ধিৰ প্ৰতিবাদত আৰু দাম হ্ৰাস কৰাৰ দাবীত বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
।। নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা।।

নাহৰকটীয়াবাসী ৰাইজৰ সুবিধাৰ্থে নাহৰকটীয়া অসামৰিক চিকিৎসালয়ৰ জৰাজীৰ্ণ আন্তঃগাঁথনি, ৰোগীৰ সুৰক্ষা আৰু চিকিৎসা সেৱাৰ মান উ...
25/08/2026

নাহৰকটীয়াবাসী ৰাইজৰ সুবিধাৰ্থে নাহৰকটীয়া অসামৰিক চিকিৎসালয়ৰ জৰাজীৰ্ণ আন্তঃগাঁথনি, ৰোগীৰ সুৰক্ষা আৰু চিকিৎসা সেৱাৰ মান উন্নত কৰাৰ দাবীত নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰা হয় ।

Address

Naharkatia
786610

Website

Alerts

Be the first to know and let us send you an email when AASU,Naharkatia Regional Students Union posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to AASU,Naharkatia Regional Students Union:

Shortcuts

Share