14/06/2026
আজিকালি আমাৰ চহৰত কেইটামান অদ্ভুত প্ৰজাতিৰ জীৱ দেখিবলৈ পোৱা গৈছে। চিনি পোৱাটো টান, কাৰণ ইহঁত আমাৰ চহৰৰ মৰমীয়াল ‘ল'ৰা বা ‘ছোৱালী’হঁত নহয়। আমাৰ কাষৰ বিভিন্ন জিলা আৰু পাহাৰীয়া ৰাজ্যৰ পৰা পঢ়াৰ নামত আহি থকা বিভিন্ন মেছ, পেয়িং গেষ্ট ইত্যাদিৰ বাসিন্দা। তাৰোপৰি শুনিছোঁ ইহঁতক হেনো ‘Gen-Z’ (জেন-জি) বুলি কয়। বয়স বাৰু ২০-২২ বছৰ মান হ’ব, কিন্তু ইহঁতৰ কাণ্ড-কাৰখানা দেখিলে ভাল ভাব নাহে , মনলৈ ভাৱ আহে ; ইহঁত বোধহয় এইমাত্ৰ মংগল গ্ৰহৰ কোনোবা আধুনিক মদ্যশালাৰ পৰা পোনপটিয়াকৈ নামি আহিছে!
জেষ্ঠ্যজনক সন্মান কৰাটো দূৰৈৰ কথা! তেওঁলোকৰ ডিকচনেৰীত 'ভদ্ৰতা' ' শিষ্টাচাৰ' এইবোৰ শব্দ ‘আউটডেটেড’ হৈ গৈছে। প্ৰায়ে দেখো আজিকালি সেইসকলে মুকলিকৈ নিচাযুক্ত দ্ৰব্য সেৱন কৰা, অনাঅসমীয়া যদিও, অসমীয়াত সচৰাচৰ শুনা অবাইচ মাত-কথা বোৰো তেওলোকৰ মুখত আখৈফুটাদি ফুটে, আৰু স্থান-কাল-পাত্ৰ জ্ঞান হেৰুৱাই ৰাজপথতে ইজনে সিজনক আলিংগন-মুক্ত চুম্বন কৰাটো তেওঁলোকৰ বাবে ‘নতুন ফেচন’। ডাঙৰক অসন্মান নকৰিলে আজিকালি হেনো ‘ষ্টেটাছ’ মেইনটেইন নহয়! ভগৱানক ধন্যবাদ, মোৰ দৃষ্টিত আমাৰ থলুৱা ল’ৰা-ছোৱালীবোৰ এতিয়াও তেনে নহৈ মানুহ হৈ আছে। সিহঁতে আমাক দেখিলে এতিয়াও মূৰ দোঁৱায়, মুখত চিগাৰেট আৰু হাতত বিয়ৰৰ বটল তুলি নলয়, শ্ৰদ্ধাৰে এষাৰ মাত দিয়ে।
কিন্তু আজি যিহে এক ঘটনা ঘটিল, মোৰ ৰক্তচাপ একেবাৰে মুধছ পাৰহৈ টিনপাত চুলেগৈ!
ৰাস্তাৰ কাষত বাইকৰ ওপৰত বহি বিশেষ কাম এটিৰ বাবে ৰৈ আছিলোঁ, হঠাত্ তেনেতে অচিনাকি 'আধুনিক' কেইটামান উফন্দি অহা মেঘৰ দৰে মোৰ সমুখত হাজিৰ। হাতত শীতল বিয়েৰৰ বটল, আৰু ওঁঠৰ কোণত ওলমি আছে এটি নজলোৱা চিগাৰেট। মোৰ ফালে চাই অদ্ভূত, ‘অশুদ্ধ সানমিহলি অসমীয়া’ ভাষাৰে এক অদ্ভুত সুৰত সুধিলে,
"ঐ আংকল! কে.... , চিগাৰেট জ্বলাওঁ... আপকা পাছ মেছ আছে নেকি কে..?" প্ৰথমতেই , 'ঐ আংকল কে..' শুনিয়েই মোৰ কাণৰ তলেদি গৰম ধোঁৱা ওলাই গ’ল! ক’বলৈ মন গৈছিল— "ঐ বিশ্বব্ৰহ্মাণ্ডৰ জাবৰহঁত! তহঁতৰ বাপেৰৰ বয়সীয়া মানুহ এজনক কথা কোৱাৰ এইয়াই নেকি তহঁতৰ কায়দা?"
হঠাত্ এনে খং উঠিল যে হাতখন স্বয়ংক্ৰিয়ভাবে ওপৰলৈ ডাং খাইছিল— 'কাণৰ তলত এনেকুৱা এচৰ বহুৱাম যে 'মেছ' নালাগে, চকুৰ সমুখতে তৰা জিলিকি উঠিব!' কিন্তু কি কৰিব, মোৰ সংস্কাৰ'‘, ব্যক্তিত্ব’ আৰু ‘ভদ্ৰতা’ নামৰ পুৰণি চকীদাৰজনে পিছফালৰ পৰা মোৰ চোলাটোত থাপ মাৰি ধৰিলে। ভাবিলোঁ, মই যদি এতিয়া ৰাজপথত এই উদণ্ড কেইটাক চৰাবলৈ যাওঁ, কাইলৈ ফেচবুকত ‘লাইভ’ চলি যাব— "জেষ্ঠ্য ব্যক্তিৰ জেন-জি যুৱকক আক্ৰমণ!"
উত্তৰ মই একো বিচাৰি নাপালোঁ। সিহঁতৰ সেই ‘উচ্চস্তৰীয়’ অসভ্যালি আৰু সংস্কাৰৰ আগত মই মৌন হৈ ৰ’ব লগা হ’ল। মনতে ভাবিলোঁ, আৰে ভাই, তোমালোকৰ চিগাৰেট খাবলৈ বুকুত সাহস আছে, অথচ জেপত ' চলাই মেছ’ এটা কিনিবলৈ এটকা পইচা এটাও নাই! এনেকুৱা অভদ্ৰ, ভঙুৱা টাইপৰ নবাব দেখোন মই জীৱনত প্ৰথমবাৰ দেখিলোঁ!
চিন্তনীয় বিষয় হ'ল, আমাৰ দেশত আজি আমাৰ এই ‘ভৱিষ্যত প্ৰজন্ম’ কোন দিশে গতি কৰিছে ভাবিলে খংটোও উঠে, দুখোঁ লাগে। এওঁলোক হেনো আমাৰ দেশৰ ভৱিষ্যতৰ মেৰুদণ্ড! ভগৱানেই জানে, এই মেৰুদণ্ডক কাইলৈ বিয়ৰৰ বটল লাগিব নে অশুদ্ধ সংস্কাৰৰ ৰাসায়নিক ক্ৰিয়া হ’ব! চিন্তনীয়!