27/08/2026
যোৱা ১৬/০৮/২০২৬ তাৰিখ দেঁওবাৰে আদিত্য জীৱন ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু আদিত্য স্বাস্থ্য সুৰক্ষা অভিযানৰ অধীনত নগাঁও জিলাৰ উপ-জিলা কামপুৰৰ পটীয়াপাম অঞ্চলত ১২৫ তম বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয়। অঞ্চলটোৰ জ্যেষ্ঠ ব্যক্তিসকলৰ দ্বাৰা উদ্বোধন কৰা এই শিৱিৰত বিনামূলীয়া স্বাস্থ্য সেৱা প্ৰদান কৰা হয়। এই শিৱিৰত বহু ব্যক্তিয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাই পৰামৰ্শ ও ঔষধ লাভ কৰে।