Assam Satnami Yuva Parishad

Assam Satnami Yuva Parishad It's a Social Organisation. You can see here all activities of Assam Satnami Yuva Parishad.

02/08/2026
10/05/2026

*সূচনা*

ইয়াৰ দ্বাৰা অসমৰ সমূহ সৎনামী যুৱ বন্ধু সকলৰ জ্ঞাতাৰ্থে জনোৱা হয় যে অহা ইং ২৪ মে' ২০২৬ তাৰিখ ৰবিবাৰে নগাঁও জিলাৰ চিকনীপথাৰ স্থিত মিনীমাতা ভৱনত *অসম সৎনামী যুৱ পৰিষদ* ৰ এখনি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা হৈছে। উক্ত সভাত অসম সৎনামী যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সমিতিখন পূৰ্ণাংগ কৰা হ'ব আৰু লগতে শপত গ্ৰহণ অনুষ্ঠানো আছে, সেয়েহে অসমৰ প্ৰতিখন সৎনামী গাঁৱৰ যুৱক সকলক, যিসকল সমাজৰ প্ৰতি আগ্ৰহী আৰু সমাজদৰদী তেওঁলোকক স্ব-ইচ্ছাই আগুৱাই আহি সমাজখনৰ উত্তৰণৰ বাবে দায়িত্ব গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। লগতে জনোৱা হয় যে কেন্দ্ৰীয় সমিতিখন ভংগ হোৱাৰ লগে লগে জিলা সমিতি সমূহো স্বয়ংক্ৰিয় ভাৱে ভংগ হৈ যায়, সেয়ে জিলা সমিতি সমূহো নতুনকৈ গঠন কৰাৰ প্ৰয়োজন আহি পৰিছে। উক্ত সভাতে জিলাসমূহত নতুনকৈ কমিটি গঠন কৰিবৰ বাবে আহ্বায়কৰ দায়িত্ব অৰ্পণ কৰা হ'ব, গতিকে সমূহ যুৱ বন্ধুক উক্ত দিনা যথা সময়ত সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।

সভাৰ স্থান: মিনীমাতা ভৱন, চিকনীপথাৰ
সময়: পুৱা ১০ বজাত
দিনাংক: ২৪/০৫/২০২৬

ইতি
কৃষ্ণ কুৰ্ৰে
সাধাৰণ সম্পাদক
অসম সৎনামী যুৱ পৰিষদ কেন্দ্ৰীয় সমিতি

অসম সৎনামী যুৱ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ বাতৰি।
08/05/2026

অসম সৎনামী যুৱ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ বাতৰি।

৫ মে' ২০২৬ তাৰিখে শোণিতপুৰ জিলাৰ ডফলাবিল গাঁৱত অনুষ্ঠিত হোৱা অসম সৎনামী যুৱ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱ...
06/05/2026

৫ মে' ২০২৬ তাৰিখে শোণিতপুৰ জিলাৰ ডফলাবিল গাঁৱত অনুষ্ঠিত হোৱা অসম সৎনামী যুৱ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কিছু স্থিৰ চিত্ৰ। অনুষ্ঠানত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গুৰু ঘাসীদাস বাবাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, সাংস্কৃতিক শোভাযাত্ৰা আৰু মুকলি সভা অনুষ্ঠিত হয়। লগতে প্ৰতিনিধি সভা অনুষ্ঠিত হয়। প্ৰতিনিধি সভাত পুৰণা কমিটি ভংগ কৰি নতুন কমিটি গঠন কৰা হয়। নৱগঠিত কমিটিৰ পুনৰ সভাপতি হিচাপে পৱন সৎনামীক আৰু সম্পাদক হিচাপে এই অভাজনক সমাজে পুনৰবাৰ দায়িত্ব অৰ্পণ কৰে। অনুষ্ঠানত যুৱ পৰিষদৰ T-shirt মুকলি কৰা হয় আৰু সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী সকলক একোখনকৈ ফুলাম গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ অসম সৎনামী যুৱ পৰিষদ আৰু সদৌ অসম সৎনামী সমাজ কল্যাণ পৰিষদৰ বিষয়ববীয়া, ৰাইজ, আই-মাতৃ আৰু যুৱক যুৱতী সকলে উপস্থিত থাকি অনুষ্ঠান ভাগি সাফল্যমণ্ডিত কৰি তোলাত অৰিহণা যোগালে সেই সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

অসম সৎনামী যুৱ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসলৈ সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।
02/05/2026

অসম সৎনামী যুৱ পৰিষদৰ ষষ্ঠ বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসলৈ সকলোকে সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।

10/02/2026

হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীলৈ অসম সৎনামী যুৱ পৰিষদৰ তৰফৰ পৰা আন্তৰিক শুভ কামনা।

গুৰু জয়ন্তীৰ আন্তৰিক শুভেচ্ছা
18/12/2025

গুৰু জয়ন্তীৰ আন্তৰিক শুভেচ্ছা

সু-প্ৰভাত
16/11/2025

সু-প্ৰভাত

Address

Dalgaon(Bamunbheti), Kaliabor
Nagaon
782136

Telephone

+919365854963

Website

Alerts

Be the first to know and let us send you an email when Assam Satnami Yuva Parishad posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share