ALL Tai Ahom Students union ATASU Nagaon District

ALL Tai Ahom Students union ATASU Nagaon District Ahom Students union

সকলো লৈ ভোগালী বিহু ওলগ জনালোঁ।
14/01/2026

সকলো লৈ ভোগালী বিহু ওলগ জনালোঁ।

সদৌ তাই আহোম ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ আহ্বান ক্ৰমে চাপানালা আঞ্চলিক সমিতিৰ ও ৰাইজৰ সহায় সহযোগ মে-ডাম-মে-ফি আয়োজন ...
20/12/2025

সদৌ তাই আহোম ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ আহ্বান ক্ৰমে চাপানালা আঞ্চলিক সমিতিৰ ও ৰাইজৰ সহায় সহযোগ মে-ডাম-মে-ফি আয়োজন কৰা হৈছে। সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিলো
স্থান:- চাপানালা জামুতল।

অসমীয়া জাতিৰ গুৰি ধৰোঁতা স্বৰ্গদেউ চাওলুং ছ্যুকাফাই বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি আজিৰ বৰ অসমৰ ভেঁটি গঢ়িছিল। স্বৰ্...
02/12/2025

অসমীয়া জাতিৰ গুৰি ধৰোঁতা স্বৰ্গদেউ চাওলুং ছ্যুকাফাই বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি আজিৰ বৰ অসমৰ ভেঁটি গঢ়িছিল। স্বৰ্গদেউগৰাকীৰ যি মহান অৱদান প্ৰতিগৰাকী অসমীয়াই আজিও শ্ৰদ্ধাৰে স্মৰণ কৰে।

আজি অসম দিৱস'ৰ এই পৱিত্ৰ ক্ষণত চাওলুং ছ্যু-কা-ফা‌ক সশ্রদ্ধ প্রণিপাত জনাইছোঁ ।

26/11/2025

"YES SiR"
প্ৰতি মাননীয় অসম বিধানসভাৰ বিধায়ক মহোদয় সকল ( বিশেষ কৈ ছয় জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা)। ৰাইজে বহুতো আশাৰে আপোনালোক বিধানসভালৈ নিৰ্বাচিত কৰি পঠায়ছে। জনগোষ্ঠীৰ অধিকাৰ প্ৰদান কৰা সময় আহি পৰিছে। এইখনি সময়ত আপোনালোকৰ সৰ্বোচ্চ ওজাৰি ছয় জনগোষ্ঠীক জনজাতি কৰন প্ৰদান কৰি ন্যায় প্ৰদান কৰা সময়। আপোনালোকে যদি Yes Sir,Yes Sir কৰে, সময় ও ছয় জনগোষ্ঠীয়ে ক্ষমা নকৰিব।

24/11/2025

সদৌ তাই আহোম ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ আহ্বান ক্ৰমে চাপানালা আঞ্চলিক সমিতিৰ সহয়োগত জোৰ সমদল।

ATASU Zindabad

লাচিতে এনে এখন অসমৰ স্বাধীনতা ৰক্ষাৰ বাবে শৰাইঘাটত যুঁজিছিল, যিখন অসম অৰ্থনৈতিকভাৱে আছিল সম্পূৰ্ণ স্বনিৰ্ভৰশীল। লাচিতে এ...
24/11/2025

লাচিতে এনে এখন অসমৰ স্বাধীনতা ৰক্ষাৰ বাবে শৰাইঘাটত যুঁজিছিল, যিখন অসম অৰ্থনৈতিকভাৱে আছিল সম্পূৰ্ণ স্বনিৰ্ভৰশীল। লাচিতে এনে এখন অসমৰ বাবে হাতত হেংদাং তুলি লৈছিল যিখন অসমৰ প্ৰতিজন অসমীয়াই বুকুত ধাৰণ কৰিছিল জাতীয় স্বাভিমান: অসমীয়া হোৱাৰ গৌৰৱ! লাচিতৰ সেনাবাহিনী আছিল কৰ্মপটু: একেজন সেনাই খেতিও কৰিছিল, আলি-পদুলিও বান্ধিছিল, নাওও চলাইছিল, হিলৈও মাৰিব পাৰিছিল, হেংদাঙো চলাব পাৰিছিল! এইসকল সেনাই একে ৰাতিতে গড় সাজি শক্তিশালী-সুসজ্জিত বিদেশী সেনা-বাহিনীক পৰাভূত কৰিছিল! লাচিত মানেই স্বাধীন-চেতনা। লাচিত মানেই স্বনিৰ্ভৰশীলতা। লাচিত মানেই সাহস আৰু বুদ্ধিমত্তা! লাচিত মানেই কৰ্ম-তৎপৰতা! লাচিত বৰফুকন অসমৰ অজৰ-অমৰ ৰাজনৈতিক স্বাধীনতা, অৰ্থনৈতিক স্বনিৰ্ভৰশীলতা আৰু অদমনীয় জাতীয় চেতনাৰ প্ৰতীক। মহান বীৰযোদ্ধা লাচিত বৰফুকনৰ অদম্য সাহস আৰু অতুলনীয় দেশপ্ৰেম প্ৰতিগৰাকী অসমীয়াৰ বাবে প্ৰেৰণাৰ প্ৰতীক। তেখেতৰ অসীম বীৰত্ব আৰু অপ্ৰতিৰোধ্য যুদ্ধ কৌশল দেশৰ ইতিহাসত সদায়েই সোণালী আখৰেৰে জিলিকি থাকিব। মহান বীৰযোদ্ধাগৰাকীলৈ পৱিত্ৰ জয়ন্তী উপলক্ষে সদৌ তাই আহোম ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ সশ্ৰদ্ধ প্ৰণিপাত যাচিলোঁ। অসমী আইক নিষ্ঠাৰে সেৱা আগবঢ়াই যাবলৈ তেখেতৰ বীৰগাথাই প্ৰতিটো প্ৰজন্মকে উৎসাহ আৰু সাহস যোগাই থাকিব।

23/11/2025

সদৌ তাই আহোম ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ আহ্বান ক্ৰমে চাপানালা আঞ্চলিক সমিতিৰ সহয়োগত ২৪ নবেম্বৰ ২০২৫ তাৰিখে আবেলি ৪ বজাত জোৰ সমদল আয়োজন কৰা হৈছে।
সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিলো।

22/11/2025
সদৌ তাই আহোম ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ আহ্বান ক্ৰমে ছয় জনগোষ্ঠীৰ জনজাতিকৰন দাবীত প্ৰতিবাদী সমদল।বিশাল গণ হু‌ংকাৰতাৰ...
03/11/2025

সদৌ তাই আহোম ছাত্ৰ সন্থা নগাঁও জিলা সমিতিৰ আহ্বান ক্ৰমে ছয় জনগোষ্ঠীৰ জনজাতিকৰন দাবীত প্ৰতিবাদী সমদল।

বিশাল গণ হু‌ংকাৰ
তাৰিখ ১৮ নবেম্বৰ ২০২৫
নগাঁও জিলা সদৰ
সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিলো।

কাতি বিহু ওলগ জনালোঁ
18/10/2025

কাতি বিহু ওলগ জনালোঁ

Address

Chakarigaon Nagaon
Nagaon
782003

Website

Alerts

Be the first to know and let us send you an email when ALL Tai Ahom Students union ATASU Nagaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share