Natyam the Green Theatre . নাট্যম্ ড্যা গ্ৰীণ থিয়েটাৰ।

  • Home
  • India
  • Nagaon
  • Natyam the Green Theatre . নাট্যম্ ড্যা গ্ৰীণ থিয়েটাৰ।

Natyam the Green Theatre . নাট্যম্ ড্যা গ্ৰীণ থিয়েটাৰ। A cultural organization of Puranigudam. Established in 2003. অসমৰ মাটিৰ সংস্কৃতিৰ পলসে গা কৰি উঠা এটি অনুষ্ঠান।।

13/04/2026
অসমৰ বোলছবি জগতৰ পৰা বলিউডলৈ অসমৰ লোক সংগীতৰ পৰা শাস্ত্ৰীয় সংগীতলৈ সকলো ধৰণৰ বাদ্য যন্ত্ৰ সমানে বজাব পৰা গীতিকাৰ, সুৰকা...
19/09/2025

অসমৰ বোলছবি জগতৰ পৰা বলিউডলৈ অসমৰ লোক সংগীতৰ পৰা শাস্ত্ৰীয় সংগীতলৈ সকলো ধৰণৰ বাদ্য যন্ত্ৰ সমানে বজাব পৰা গীতিকাৰ, সুৰকাৰ, প্ৰযোজক, পৰিচালক, অভিনেতা, সুকন্ঠৰ অধিকাৰী ৪০ ভাষাত কন্ঠদান কৰা ৩৮ হাজাৰ গীত পৰিৱেশন কৰি অসমৰ সংগীত জগত খনক চহকী কৰা শ্ৰদ্ধাৰ জুবিন গাৰ্গ দেৱৰ অকাল মৃত্যুত নাট্যম ড্যা গ্ৰীণ থিয়েটাৰে গভীৰ শোক প্ৰকাশ কৰিছো। তেখেতৰ অনুপস্থিতিত আমি মৰ্মাহত হৈছোঁ। গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ভগৱন্ত ওচৰত আত্মাৰ চিৰ শান্তি কামনা কৰি প্ৰাৰ্থনা জনালোঁ।

https://youtu.be/V2Vu9-8haaA?si=kDfIZWDpiG_WNqXO
18/06/2025

https://youtu.be/V2Vu9-8haaA?si=kDfIZWDpiG_WNqXO

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এমুঠি মনৰ ভাৱ কবিতাৰ কথাৰে প্ৰকাশ কৰিছো।

Natyam the Green Theatre . নাট্যম্ ড্যা গ্ৰীণ থিয়েটাৰ। উদ্যোগত চেনিমাই ময়মত টাটিঙা আৰু আনন্দ দাসৰ স্মৃতিত হ'ব লগীয়া নগ...
07/06/2025

Natyam the Green Theatre . নাট্যম্ ড্যা গ্ৰীণ থিয়েটাৰ। উদ্যোগত চেনিমাই ময়মত টাটিঙা আৰু আনন্দ দাসৰ স্মৃতিত হ'ব লগীয়া নগাঁও জিলাৰ সৰ্ব বৃহৎ বিহু অনুষ্ঠানৰ আজি দ্বিতীয় খন বৈঠক অনুষ্ঠিত হয়। আজি এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৬০ গৰাকী সদস্যাক নিৰন্তৰ কাম কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰা হয়।

সময় বাগৰিল, চাওঁতে চাওঁতে ২০ বছৰত ভৰি দিলে নাট্যমৰ নাট কৰ্মশালাই। পুৰণিগুদাম তথা‌ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত শিশু নাট...
25/05/2025

সময় বাগৰিল, চাওঁতে চাওঁতে ২০ বছৰত ভৰি দিলে নাট্যমৰ নাট কৰ্মশালাই। পুৰণিগুদাম তথা‌ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত শিশু নাটকৰ উত্থানত নাট্যমে লৈছিল অগ্ৰনী ভূমিকা। এইবাৰ আমি ২০ সংখ্যক শিশু চেমনীয়া নাট কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো। সকলোৰে সহযোগিতা কামনা কৰিলো। প্ৰ-পত্ৰ আগতিয়াকৈ সংগ্ৰহ কৰি জমা দিবলৈ‌ অনুৰোধ জনালোঁ। সীমিত সংখ্যক প্ৰশিক্ষাৰ্থীক হে গ্ৰহন কৰা হ'ব। প্ৰথম দিনৰ পৰায়েই প্ৰশিক্ষণ আৰম্ভ হ'ব। বিগত বৰ্ষৰ দৰে উদ্বোধনী বা আৰম্ভণি অনুষ্ঠান বুলি কোনো কাৰ্যসূচী নাথাকে। অঞ্জন ভূঞা আৰু ৰিতুমণি শইকীয়া মুখ্য প্ৰশিক্ষক হিচাপে থাকিব ইয়াৰ লগতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা প্ৰশিক্ষণ লোৱা কেইবাগৰাকীও আমন্ত্ৰিত প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব। North Zone Cultural Centre National School of Drama Ministry of Culture, Government of India

১ এপ্ৰিলৰ ২০২৫ তাৰিখৰ পৰা ১৫ এপ্ৰিল ২০২৫ তাৰিখলৈ বিয়লি ৩ বজাৰ পৰা । everyonefollowme   Highlight's
31/03/2025

১ এপ্ৰিলৰ ২০২৫ তাৰিখৰ পৰা ১৫ এপ্ৰিল ২০২৫ তাৰিখলৈ বিয়লি ৩ বজাৰ পৰা । everyonefollowme Highlight's

নাট্যম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত ১৯ সংখ্যক শিশু চেমনীয়া নাট কৰ্মশালা আৰু ৩য় বাৰ্ষিক অংকীয়া ভাওনা কৰ্মশালাৰ স...
08/08/2024

নাট্যম সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আয়োজিত ১৯ সংখ্যক শিশু চেমনীয়া নাট কৰ্মশালা আৰু ৩য় বাৰ্ষিক অংকীয়া ভাওনা কৰ্মশালাৰ সামৰণি অনুষ্ঠান যোৱা ৪আগষ্ট ৰবিবাৰে পুৰণিগুদাম ভবেন্দ্ৰনাথ শইকীয়া প্ৰেক্ষাগৃত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানটো সামগ্ৰীক ভাবে উদ্ধোধন কৰে বিশিষ্ট লেখক সাহিত্যিক প্ৰশাসনিক বিষয়া নন্দ সিং বৰকলা দেৱে লগতে উপস্থিত থাকে পুলিন হাজৰিকা কৃষ্ণ গোস্বামী চিত্তৰঞ্জন বৰা প্ৰমুখ্যে আন সদাশয় ব্যক্তি সকল। উক্ত অনুষ্ঠানত ৰিতুমনি শইকীয়াৰ পৰিচালনাৰে "চম্পাৱতী" নাটক আৰু অনিত্য ভূঞাৰ পৰিচালনাৰে ৰুক্মিণী হৰণ নাটখনৰ কিছু দৃশ্যাংশ আৰু "জংঘল‌ মে মঙ্গল", "লুকা ভাকু ভাল নালাগে" শিশু নাট দুখন মঞ্চস্থ কৰা হয় । দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি আৰু সহযোগীতাই অনুষ্ঠান সফল কৰি তুলিলে। শেষত নাট্যমৰ ফালৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো।

Address

ATRoad
Nagaon
PURANIGUDAM

Opening Hours

Monday 9am - 5pm
6pm - 7pm
Tuesday 9am - 5pm
6pm - 7pm
Wednesday 9am - 5pm
6pm - 7pm
Thursday 9am - 5pm
6pm - 7pm
Friday 9am - 5pm
6pm - 7pm
Saturday 9am - 5pm
6pm - 7pm
Sunday 9am - 5pm
6pm - 7pm

Alerts

Be the first to know and let us send you an email when Natyam the Green Theatre . নাট্যম্ ড্যা গ্ৰীণ থিয়েটাৰ। posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share