01/07/2025
ধৰ্মীয় সংখ্যালঘুক বিদেশীৰ অপবাদ দি হাৰা-শাস্তি আৰু অমানবীয় উচ্ছেদৰ বিৰুদ্ধে ৰাজ্যপাললৈ আমছুৰ স্মাৰকপত্ৰ
সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু)ৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াৰ নেতৃত্বত মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদ ডাঙৰীয়া, কাৰ্যকৰী সভাপতি ইমতিয়াজ আহমেদ ডাঙৰীয়া, সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম ডাঙৰীয়া আৰু কুদ্দুছ আলি চৰকাৰ ডাঙৰীয়াৰ উপস্থিতিত এক প্ৰতিনিধি দলে আজি মহামান্য ৰাজ্যপাল মহোদয়ক ৰাজভৱনত সাক্ষাৎ কৰি স্মাৰকপত্ৰ প্ৰদান কৰে।
উক্ত স্মাৰকপত্ৰত উল্লেখ কৰা হৈছে যে, ৰাজ্যৰ বিভিন্ন অঞ্চলত ধৰ্মীয় সংখ্যালঘু সম্প্রদায়ৰ বহু ভাৰতীয় নাগৰিকক “বিদেশী” বুলি অপবাদ দি বেআইনীভাৱে আটক কৰা হৈছে। NRC-ত নাম থকা আৰু বৈধ নথিপত্ৰ থকা লোকসকলকো বেআইনীভাৱে আটক কৰি আৰু পুশবেকৰ অপচেষ্টা চলাই আছে। গুৱাহাটীৰ পৰা আৰম্ভ কৰি গোৱালপাৰা, ধুবুৰী, লক্ষীমপুৰ আদিত সংখ্যালঘু লোকসকলক কোনো নোটিচ নিদিয়াকৈ অমানবীয়ভাৱে উচ্ছেদ কৰা হৈছে। ফলস্বৰূপে অসংখ্য পৰিয়াল গৰম আৰু বৰষুণৰ মাজত আশ্ৰয়হীন হৈ পৰিছে। এই উচ্ছেদৰ ফলস্বৰূপে এগৰাকী বৃদ্ধা মহিলাৰ মৃত্যুও ঘটে, যিটো ঘটনা অতি দুঃখজনক আৰু নিন্দনীয়।
আমছুৰ মুখ্য দাবীসমূহ হ'ল—
১) বেআইনীভাৱে ভাৰতীয় নাগৰিকক আটক আৰু পুশবেক কৰাৰ চেষ্টা অবিলম্বে বন্ধ কৰিব লাগে ।
২) সকলো ক্ষেত্ৰত সংবিধান আৰু আইনী প্ৰক্ৰিয়াৰ পূৰ্ণ অনুসৰণ নিশ্চিত কৰিব লাগে ।
৩) উচ্ছেদপীড়িত লোকসকলক আশ্ৰয়, খাদ্য, পানী, চিকিৎসা আৰু আৰ্থিক সহায় আগবঢ়াব লাগে।
৪) ৰাজ্যৰ সকলো নাগৰিকৰ ধৰ্মীয়, ভাষিক আৰু সাংস্কৃতিক অধিকাৰ সংৰক্ষণ নিশ্চিত কৰিব লাগে ।
AAMSU Official
Rejaul Karim Sarkar , President of AAMSU
Imtiaz Hussain, Working President of AAMSU
Minnatul Islam, General Secretary AAMSU
Kuddus Ali Sarkar
Sukur Ali