শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেশ্যন

  • Home
  • India
  • Nagaon
  • শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেশ্যন

শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেশ্যন Professional Academic Art Institute

অসম শিল্পী পেঞ্চন , অনলাইন আৱেদন দাখিল কৰাৰ অন্তিম দিন ১০ অক্টোবৰ ২০২৫ নিশা ১২ বজা লৈকে।
10/09/2025

অসম শিল্পী পেঞ্চন , অনলাইন আৱেদন দাখিল কৰাৰ অন্তিম দিন ১০ অক্টোবৰ ২০২৫ নিশা ১২ বজা লৈকে।

🌿 EARTHEN ECHOES - মাটিৰ প্ৰতিধ্বনি 🌿মাটিয়ে ক'ব কথা, গাব গান।শিল্পকলাৰ যাদু আৰু কথকতাত জীপাল হ'ব আমাৰ গাওঁ।এই পত্ৰৰ যোগে...
08/06/2025

🌿 EARTHEN ECHOES - মাটিৰ প্ৰতিধ্বনি 🌿

মাটিয়ে ক'ব কথা, গাব গান।
শিল্পকলাৰ যাদু আৰু কথকতাত জীপাল হ'ব আমাৰ গাওঁ।

এই পত্ৰৰ যোগেদি আপোনাকো জনাইছোঁ নিমন্ত্ৰণ।

🔸 স্থানঃ টিঙিৰীমৰা কুমাৰ গাঁও আৰু ধলি কুমাৰ গাঁও, পানীচকুৱা, যোৰহাট
🔸 তাৰিখঃ ৮ জুনৰ পৰা ১৪ জুন ২০২৫

আহক আৰু আমাৰ সৈতে এই সাংস্কৃতিক যাত্ৰাৰ অংশ হওঁক।

শ্রীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেচন

04/06/2025

Stay tune

অসমতেই নহয় ভাৰতবৰ্ষৰ সমসাময়িক কলাৰ জগতত পোন প্ৰথমবাৰৰ বাবে গাঁৱত চলিব কলাৰ যাদু, মাটিৰ গান আৰু কলাৰ কথকতা। আহিব ভাৰতবৰ...
04/06/2025

অসমতেই নহয় ভাৰতবৰ্ষৰ সমসাময়িক কলাৰ জগতত পোন প্ৰথমবাৰৰ বাবে গাঁৱত চলিব কলাৰ যাদু, মাটিৰ গান আৰু কলাৰ কথকতা। আহিব ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ ১০ জন যুৱ শিল্পী। এইসকলৰ হাতৰ পৰশত মাটিয়ে কব সাধু, গঢ়ি উঠিব মাটি মানুহৰ শৈল্পিক সম্বন্ধ। আহিবলৈ নাপাহৰিব পানীচকুৱাৰ টিঙিৰিমৰা কুমাৰ গাঁৱলৈ। অহা ৮-১৪ জুন ২০২৫ তাৰিখলৈ।

শ্ৰীমন্ত শংকৰদেৱ হ’ল এগৰাকী শ্ৰেষ্ঠ সমাজবিজ্ঞানী৷ এগৰাকী বিশ্বমানৰ সাহিত্যিক, কলাকাৰ আৰু আধুনিক সময়ৰ স্বপ্নদ্ৰষ্টা৷ এই স...
16/09/2023

শ্ৰীমন্ত শংকৰদেৱ হ’ল এগৰাকী শ্ৰেষ্ঠ সমাজবিজ্ঞানী৷ এগৰাকী বিশ্বমানৰ সাহিত্যিক, কলাকাৰ আৰু আধুনিক সময়ৰ স্বপ্নদ্ৰষ্টা৷ এই সময় শ্ৰীমন্ত শংকৰদেৱ চৰ্চাৰ মাধ্যমেৰে বাস্তৱিকভাৱে অসমৰ নতুন প্ৰজন্মক চিনাকি কৰাই দিয়াৰ সময়৷ লগতে, বৰ্তমানৰ ভগ্নপ্ৰায় সমাজ ব্যৱস্থাক শংকৰদেৱৰ আদৰ্শৰে আগবঢ়াই নিয়াৰ সময়৷ তাৰ বাবে শংকৰদেৱ চৰ্চাৰ অতীব প্ৰয়োজন৷ সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, জীৱন দৰ্শন আৰু যুগজয়ী সৃষ্টিৰ পোহৰে অসমৰ জাতীয় জীৱনক যুগে যুগে প্ৰীতিৰ বান্ধোনেৰে একত্ৰিত কৰি ৰাখিছে।

গুৰুজনাই মধ্যযুগীয় দিনতে আধুনিক আৰু বিজ্ঞানসন্মত এখন সমাজৰ আধাৰ নিৰ্মাণ কৰিছিল৷ কিন্তু, মনত ভাব হয়- আমি যেন ক'ৰবাত গুৰুজনাৰ আদৰ্শক প্ৰকৃতাৰ্থত অনুধাৱন কৰিব নোৱাৰিলোঁ! তেখেত কেৱল নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকেই নাছিল, তেখেত আছিল এগৰাকী সমাজবিজ্ঞানী আৰু বিশ্বমানৰ সাহিত্যিক৷

শ্ৰীমন্ত শংকৰদেৱৰ দৰে বিৰল প্ৰতিভা অসমৰ ভূমিতে উপজিছিল, সেয়াই আমাৰ পৰম সৌভাগ্য! গুৰুজনালৈ আজি পৱিত্ৰ তিৰোভাৱ তিথিত আমাৰ ভক্তিভৰা প্ৰণিপাত যাচিছোঁ৷ আমি আটায়ে আজিৰ দিনটোত শংকৰদেৱৰ আদৰ্শৰে অসমৰ সমাজ জীৱনক আগুৱাই নিয়াৰ পণ লওঁ আহক! গুৰুজনাৰ আধ্যাত্মিক দৰ্শন, জাতীয় চেতনাই জীৱনৰ প্ৰতিটো খোজতে আমাক পথ প্ৰদৰ্শন কৰি যাব৷

13/09/2023

Address

NH37
Nagaon
782136

Telephone

+918486495169

Website

Alerts

Be the first to know and let us send you an email when শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেশ্যন posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেশ্যন:

Share