16/08/2026
ভুৱা অভিযোগ সন্দৰ্ভত শিক্ষক গিয়াচুদ্দিনৰ স্পষ্টীকৰণ।
শেহতীয়াকৈ সামাজিক মাধ্যমত মোৰ বিৰুদ্ধে প্ৰচাৰিত এটা ভিডিঅ’ক কেন্দ্ৰ কৰি মোৰ বিৰুদ্ধে কিছুমান ভুৱা, ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ অভিযোগ উত্থাপন কৰা হৈছে। এই সন্দৰ্ভত মই স্পষ্ট কৰি দিব বিচাৰিছোঁ যে, মোৰ বিৰুদ্ধে প্ৰচাৰিত অভিযোগসমূহ সত্য নহয়।
মোৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে মিছা তথ্য প্ৰচাৰ কৰি সামাজিকভাৱে হেয় প্ৰতিপন্ন কৰাৰ যিকোনো প্ৰচেষ্টাৰ ক্ষেত্ৰত মই প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিম।