All Tiwa Students' Union Morigaon District

All Tiwa Students' Union Morigaon District Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from All Tiwa Students' Union Morigaon District, Ganesh Chandra Senapati bhawan, Morigaon.

খ্ৰুমদং।সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ অন্তৰ্গত মাণিপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰ পৰা তিৱা ভাষা কৰ্মশালাৰ শু...
13/09/2026

খ্ৰুমদং।সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ অন্তৰ্গত মাণিপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আজিৰ পৰা তিৱা ভাষা কৰ্মশালাৰ শুভাৰম্ভণি কৰা হৈছে।উক্ত কৰ্মশালাখনিত মৰিগাওঁ জিলা সমিতিৰ সকলো বিষয়ববীয়াই উপস্থিত হৈ তেওঁলোকক অনুপ্ৰেৰণা যোগায়।

কোনো এটা জাতিৰ পৰিচয় জীৱন্ত হৈ থাকে সেই জাতিটোৰ ভাষাৰ জৰিয়তে। ভাষা কেৱল মনৰ ভাব প্ৰকাশ কৰাৰ মাধ্যমেই নহয়, ই আমাৰ পূৰ্বপুৰুষৰ জ্ঞান, ঐতিহ্য, লোক-সংস্কৃতি আৰু আমাৰ সমাজ ব্যৱস্থাক প্ৰজন্মৰ পিছত প্ৰজন্মলৈ কঢ়িয়াই নিয়াৰ এক শক্তিশালী বাহন। তিৱা ভাষা আমাৰ জাতীয় অস্তিত্বৰ মেৰুদণ্ড।

এই কৰ্মশালাই কেৱল ভাষা শিকাৱাই নহয়, বৰং নতুন প্ৰজন্মৰ মনত নিজৰ মাতৃভাষাৰ প্ৰতি থকা মৰম আৰু দায়িত্ববোধক পুনৰ জাগ্ৰত কৰিব।

দিনাংক-১৩-০৮-২০২৬।
স্থান-মাণিপুৰ।
ছেৱা-----------

খ্ৰুমদং।যিকোনো এটা জাতি বা সমাজৰ উত্তৰণ তথা প্ৰগতিৰ যাত্ৰাত সেই সমাজৰ জ্যেষ্ঠসকলৰ ভূমিকা অপৰিসীম। অসমৰ অন্যতম ভূমিপুত্ৰ ...
12/09/2026

খ্ৰুমদং।যিকোনো এটা জাতি বা সমাজৰ উত্তৰণ তথা প্ৰগতিৰ যাত্ৰাত সেই সমাজৰ জ্যেষ্ঠসকলৰ ভূমিকা অপৰিসীম। অসমৰ অন্যতম ভূমিপুত্ৰ আৰু চহকী সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ তিৱা জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহৰ জ্যেষ্ঠ নেতৃত্বৰ পৰামৰ্শ আৰু আশীৰ্বাদ গ্ৰহণ কৰাটো এক অত্যন্ত আদৰণীয় আৰু গুৰুত্বপূৰ্ণ পৰম্পৰা। ই কেৱল সৌজন্যমূলক সাক্ষাৎকাৰ নহয়, বৰঞ্চ জাতিটোৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণৰ এক শক্তিশালী মাধ্যম।

সদৌ তিৱা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা শ্ৰদ্ধাৰ ৰিমল আমচি ডাঙৰীয়াৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লোৱা আৰু গুৰুত্বপূৰ্ণ সামাজিক-ৰাজনৈতিক বিষয়ত তেওঁৰ পৰামৰ্শ গ্ৰহণ কৰাটোৱে জাতীয় স্বাৰ্থ ৰক্ষাৰ সংগ্ৰামখনক আৰু এক খোজ আগুৱাই লৈ যাব। জ্যেষ্ঠৰ আশীৰ্বাদে নতুন প্ৰজন্মক সমাজৰ বাবে অধিক নিষ্ঠাৰে কাম কৰি যাবলৈ প্ৰেৰণা যোগায়।

দিনাংক--১১-০৯-২০২৬।
ছেৱা-----------

11/09/2026
সদৌ তিৱা ছাত্ৰ সন্থা                           মৰিগাওঁ জিলা সমিতি---------------------------------------------খ্ৰুমদং।পো...
11/09/2026

সদৌ তিৱা ছাত্ৰ সন্থা
মৰিগাওঁ জিলা সমিতি
---------------------------------------------খ্ৰুমদং।পোনপ্ৰথমতে ,তিৱা জনগোষ্ঠীৰ হেৰাই যাব ধৰা ঐতিহ্যবাহী লোকনৃত্যসমূহ পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ বাবে আপোনালোকে গ্ৰহণ কৰা প্ৰশংসনীয় পদক্ষেপৰ বাবে সদৌ তিৱা ছাত্ৰ সন্থা মাণিপুৰ আঞ্চলিক সমিতিৰ সমগ্ৰ বিষয়ববীয়া বৃন্দলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

আধুনিকতাৰ ধামখুমিয়াত পৰি আমাৰ চহকী লোক-সংস্কৃতিৰ বহুত উপাদান বিলুপ্ত হোৱাৰ পথত আগবাঢ়িছিল। এনে এক সংকটপূৰ্ণ সময়ত আপোনালোকে দেখুওৱা দূৰদৰ্শিতা আৰু নিষ্ঠাই আমাৰ স্বকীয় পৰিচয়ক এক নতুন জীৱন দান কৰিলে। হেৰাই যাব ধৰা নাচসমূহ বিচাৰি উলিয়াই, সেইবোৰক পুনৰ জীয়াই তোলাৰ বাবে আপোনালোকে কৰা অহোপুৰুষাৰ্থ সঁচাকৈয়ে অতুলনীয়।

আঞ্চলিক সমিতিৰ এই পবিত্ৰ কৰ্মৰাজিক সশ্ৰদ্ধ প্ৰণাম জনোৱাৰ লগতে আগন্তুক দিনবোৰতো আপোনালোকৰ এই সাংস্কৃতিক যাত্ৰা অব্যাহত থাকক, তাৰে কামনা কৰিলোঁ।

দ্বিতীয়তে , মাণিপুৰ আঞ্চলিক সমিতিৰ তত্ত্বাৱধানত অহা ৰবিবাৰৰ পৰা ভাষা শিকণ কৰ্মশালাৰ শুভাৰম্ভণি কৰাৰ প্ৰচেষ্টা লৈছে। তেওঁলোকৰ অনুৰোধমৰ্মে মৰিগাওঁ জিলা সমিতিৰ পৰা এখন বোৰ্ড,কেইখনমান বহী,অলপমান কলম তেওঁলোকক আমাৰ ফালৰ পৰা প্ৰদান কৰি সমিতিৰ বিষয়ববীয়াসকলৰ সৎ আৰু নিঃস্বাৰ্থ কৰ্মত সফলতা পাবলৈ ফা-মহাদেউৰ ওচৰত প্ৰাৰ্থনা জনাওঁ।

দিনাংক-১১চেপ্তেম্বৰ ,২০২৬।
স্থান-মাণিপুৰ। ছেৱা------------




REGIONAL COMMITTEE

খ্ৰুমদং।সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ বিষয়ববীয়াসকলে ভূৰাগাওঁ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়াগৰাকীৰ লগত...
10/09/2026

খ্ৰুমদং।সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ বিষয়ববীয়াসকলে ভূৰাগাওঁ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়াগৰাকীৰ লগত সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হওঁ।

খ্ৰুমদং।অভিশপ্ত যোৱা ৩০আগষ্ট ,২০২৬ তাৰিখে ক্ষেত্ৰীৰ দুৰ্ঘটনাত নিহত হোৱা মৰিগাওঁ চহৰৰ সমীপৱৰ্তী জেৰেঙা গাৱৰ নিবাসী মুংছা ...
05/09/2026

খ্ৰুমদং।অভিশপ্ত যোৱা ৩০আগষ্ট ,২০২৬ তাৰিখে ক্ষেত্ৰীৰ দুৰ্ঘটনাত নিহত হোৱা মৰিগাওঁ চহৰৰ সমীপৱৰ্তী জেৰেঙা গাৱৰ নিবাসী মুংছা ভাস্কৰ বৰদলৈৰ পত্নী মৃত অনিমা ডেকা বৰদলৈয়ে কৰুণ মৃত্যুক সাৱটি লৈছিল। আজি সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা সমিতিৰ বিষয়ববীয়া সকলে মৃতকৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰোঁ।

ছেৱা-------

TROI TIWA SIGAISA CHOMOT                               সদৌ তিৱা ছাত্ৰ সন্থা                                    মৰিগাওঁ জ...
26/08/2026

TROI TIWA SIGAISA CHOMOT
সদৌ তিৱা ছাত্ৰ সন্থা
মৰিগাওঁ জিলা
---------------------------------------------

খ্ৰুমদং।সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলাৰ উদ্যোগত দুই সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিত এখনি "জিলা প্ৰতিনিধিত্বমূলক সভা" অনুষ্ঠিত কৰা হয়।সন্থাৰ সভাপতি মুংছা অনুপ পাটৰৰ সভাপতিত্বত সঞ্চালন হোৱা সভাখনত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দ্বয় মুংছা পঞ্চম ডেকাৰজা আৰু মুংছা মণ্টু হুকাই ডাঙৰীয়া।উক্ত সভাখনত সংগঠনৰ শক্তি,অধিকাৰ & উন্নয়ন ,শিক্ষাৰ গুৰুত্বতা আৰু সংস্কৃতিৰ সুৰক্ষাৰ ওপৰত সুক্ষ্ম-সুক্ষ্মভাৱে আলোচনা কৰা হয়।সভাৰ নিৰ্দিষ্ট বিষয় সমূহৰ ওপৰত উদাত্ত ভাষণ প্ৰদান কৰে সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলাৰ সাধাৰণ সম্পাদক মুংছা জ্যোতি কমল আমচি আৰু সহকাৰী সাধাৰণ সম্পাদক মুংছা সৌৰভ দেউৰজা ডাঙৰীয়াই।

উক্ত সভাখনত সন্থাৰ লগত নতুনকৈ স্ব-ইচ্ছাৰে জড়িত হ'ব বিচৰা শিক্ষিত যুৱক-যুৱতীসকল ক্ৰমে মুংছা হিমাংশু পাটৰ ,মুকুল দেউৰী ,মাৰ্ধুয্য পাটৰ ,নৱস্মিতা পাটৰ আৰু জিণ্টি দলৈ ক সকলোৰে সন্মুখত সদস্য-সদস্যা ৰূপে স্বীকৃতি প্ৰদান কৰা হয়।সদৌ শেষত কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মুংছা পঞ্চম ডেকাৰজা আৰু সভাপতি ডাঙৰীয়াৰ সাৰুৱা ভাষণেৰে সভাৰ সফল সামৰণি ঘোষণা কৰা হয়।

প্ৰতিনিধিত্বমূলক সভাখনত অংশগ্ৰহণ কৰা আঞ্চলিক আৰু মহাবিদ্যালয় সমূহ তলত উল্লেখ কৰা হৈছে---------

📌মৰিগাওঁ মহাবিদ্যালয় গোট।
📌ঘনকান্ত বৰুৱা মহাবিদ্যালয় গোট ।
📌শ'লমাৰী আঞ্চলিক সমিতি।
📌চাবুকধৰা আঞ্চলিক সমিতি।
📌দমাল আঞ্চলিক সমিতি।
📌জামাদাৰী আঞ্চলিক সমিতি।
📌উত্তৰ ধৰমতুল আঞ্চলিক সমিতি।
📌ঘগুৱা-ঘুলিগাওঁ আঞ্চলিক সমিতি।
📌মাণিপুৰ আঞ্চলিক সমিতি।
📌কাণফলা-ঢেকীঁফলা আঞ্চলিক সমিতি।
📌চৰাইবাহী আঞ্চলিক সমিতি।
📌গৰাপাৰ শাখা সমিতি।
📌তিতাতলা-মাহডলা শাখা সমিতি।
📌কমাবৰী শাখা সমিতি।

স্থান-সমন্বিত জনজাতীয় উন্নয়ন প্ৰকল্প প্ৰেক্ষাগৃহ ,মৰিগাওঁ।
🗓️২৫আগষ্ট ,২০২৬।
🕒দিনৰ ১২:০০ বজাত।

MDC LONG LIVE
MORIGAON DISTRICT
REGIONAL COMMITTEES
BRANCH COMMITTEES
COLLEGE UNITES
SIX SCHEDULE,NO REST.

23/08/2026

সদৌ তিৱা ছাত্ৰ সন্থা
মৰিগাওঁ জিলা
-------------------------------------------
খ্ৰুমদং।জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ৰ আমন্ত্ৰণমৰ্মে বিদ্যালয়ৰ এখন বিশেষ সজাগতা মূলক সভাত সদৌ তিৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে শিক্ষানুষ্ঠানটোত উপস্থিত হয়।
সভাখনৰ মূল বিষয় হৈছে-"উশৃংখলতা আৰু আমাৰ কৰ্তব্য।"
বৰ্তমান সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নিজৰ ভাৱ বিনিময় কৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

📍জৱাহৰ নৱোদয় বিদ্যালয় ভৱন l
🕒১:০০ বজাত।
🗓️২২আগষ্ট,২০২৬।

MDC LONG LIVE
LONG LIVE






ধন্যবাদ 🙏বিদ্যাজোতি কণিষ্ঠ মহাবিদ্যালয়।মহাবিদ্যালয়খনৰ আমন্ত্ৰণমৰ্মে নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত অতিথি হিচাপে ...
22/08/2026

ধন্যবাদ 🙏বিদ্যাজোতি কণিষ্ঠ মহাবিদ্যালয়।
মহাবিদ্যালয়খনৰ আমন্ত্ৰণমৰ্মে নৱাগত আদৰণি সভাৰ সাংস্কৃতিক অনুষ্ঠানত অতিথি হিচাপে সদৌ তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলাক অকৃত্ৰিম অজস্ৰ মৰম যচাঁৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

#জয়তু বিদ্যাজ্যোতি কণিষ্ঠ মহাবিদ্যালয়।
#জয়তু তিৱা ছাত্ৰ সন্থা মৰিগাওঁ জিলা।
MDC
LONG LIVE

Address

Ganesh Chandra Senapati Bhawan
Morigaon
782105

Website

Alerts

Be the first to know and let us send you an email when All Tiwa Students' Union Morigaon District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share