Kacharibori Anchalik AAMSU

Kacharibori Anchalik AAMSU কছাৰিবড়ী আঞ্চলিক সমিতি, আমছু।।
অস্থায়ী কাৰ্য্যলয় : স্মাৰ্ট টিউচন চেন্টাৰ, কছাৰিবড়ী ।

07/08/2025

📌

07/08/2025

📌

18/02/2025
18/02/2025

১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে বিদেশী খেদা আন্দোলনৰ নামত অসমৰ কিছু উগ্ৰ হিন্দুত্ববাদী আৰু জাতীয়তাবাদী ঘাতকে তেতিয়াৰ নগাঁও জিলাৰ (বৰ্তমানৰ মৰিগাঁও জিলাৰ) নেলী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ প্ৰায় ৩ হাজাৰ (চৰকাৰী হিচাপত, বেচৰকাৰী হিচাপত প্ৰায় ১০ হাজাৰ) নিৰীহ সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ, মহিলা, শিশু, বৃদ্ধক নিৰ্বিচাৰে দিনৰ পোহৰত হত্যা কৰি অসমৰ ইতিহাস কলংকিত কৰিছিল। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু ) আৰু অসমৰ সংখ্যালঘু ৰাইজৰ দাবীত তদানীন্তন ৰাজ্য চৰকাৰে সমগ্ৰ ঘটনা তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ তিৱাৰী আয়োগ গঠন কৰিছিল আৰু আয়োগে প্ৰতিবেদন দাখিলো কৰিছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় চৰকাৰে আজিলৈকে উক্ত প্ৰতিবেদন ৰাজহুৱা নকৰিলে, দোষীক চিনাক্ত ও শাস্তি প্ৰদান নকৰিলে, দুৰ্ভগীয়া পৰিয়ালক ক্ষতিপূৰণ প্ৰদান নকৰিলে।

উক্ত নাৰকীয় নেলী হত্যাকাণ্ডৰ প্ৰতিবাদত তথা দোষীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰা, তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰা, দুৰ্ভগীয়া পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰা আদিৰ দাবীত আমছুৱে ধাৰাবাহিক ভাৱে আন্দোলন কৰি আহিছে আৰু প্ৰত্যেক বছৰে ১৮ ফেব্ৰুৱাৰী তাৰিখে ক’লা দিৱস হিচাপে পালন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। আজি ১৮ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমতে আমছুৰ প্ৰত্যেকজন বিষয়ববীয়া, সদস্যই ক’লা বেজ পৰিধান কৰি প্ৰত্যেক জিলাৰ ৰাজহুৱা স্থানত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ লগতে গুৱাহাটী মহানগৰ জিলাৰ সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

কছাৰিবড়ী আঞ্চলিক সমিতিৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত কৰা হয়।।৩১/০১ /২০২৫
31/01/2025

কছাৰিবড়ী আঞ্চলিক সমিতিৰ উদ্যোগত সজাগতা সভা অনুষ্ঠিত কৰা হয়।।
৩১/০১ /২০২৫

31/01/2025

প্ৰতি,
মাননীয়
সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব।
ইয়াৰ দ্বাৰা আপোনাক সন্মান সহকাৰে জনাওঁ যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন (আমছু) ৰ মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত কছাৰিবড়ী আঞ্চলিক সমিতিৰ উদ্যোগত অহা ইংৰাজী ৩১/০১/২০২৫
শুক্ৰবাৰ বিয়লি ৩ বজাত মদ, ভাং, জুৱা, তীৰ, বাল্য বিবাহ আৰু কু-সংস্কাৰ প্ৰতিৰোধৰ এক সজাগতা সভা আহ্বান কৰা হৈছে।
গতিকে উক্ত সজাগতা সভাত আপোনাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ।
স্থান : কছাৰিবড়ী চাৰিআলি।
ইতি
কছাৰিবড়ী আঞ্চলিক সমিতি।

৩১/০১/২০২৫শুক্ৰবাৰ বিয়লি ৩ বজাত ।কছাৰিবড়ী আঞ্চলিক সমিতিৰ উদ্যোগত ।সজাগতা সভা ।।
30/01/2025

৩১/০১/২০২৫
শুক্ৰবাৰ বিয়লি ৩ বজাত ।

কছাৰিবড়ী আঞ্চলিক সমিতিৰ উদ্যোগত ।

সজাগতা সভা ।।

Address

Kacharibori
Morigaon

Website

Alerts

Be the first to know and let us send you an email when Kacharibori Anchalik AAMSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share