Yuva Bikash Manch

Yuva Bikash Manch Khumtai Tiniali

যুৱ বিকাশ মঞ্চৰ উদ্যোগত আৰু যুৱ বিকাশ মঞ্চৰ "নাৰী সমাজ"ৰ সহযোগত আজিৰ পৰা ১৫ দিনীয়া সহঃ-বিদ্যায়তনিক কৰ্মশালাৰ আয়োজন কৰা...
15/03/2026

যুৱ বিকাশ মঞ্চৰ উদ্যোগত আৰু যুৱ বিকাশ মঞ্চৰ "নাৰী সমাজ"ৰ সহযোগত আজিৰ পৰা ১৫ দিনীয়া সহঃ-বিদ্যায়তনিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলৰ প্ৰতিভা বিকাশ আৰু বিভিন্ন দক্ষতা বৃদ্ধিৰ লক্ষ্য ধৰা হৈছে।

01/01/2026

যুৱ বিকাশ মঞ্চৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন বছৰে সকলোৰে জীৱনলৈ সুখ, শান্তি, সুস্বাস্থ্য আৰু সাফল্য কঢ়িয়াই আনক। সকলো ভালে থাকক, সকলোৰে ভাল হওঁক। 🌸✨

28/12/2025

যুৱ বিকাশ মঞ্চৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত
দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০ দিনীয়া বিনামূলীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা প্ৰস্তুতি শিবিৰ আয়োজন কৰা হৈছে।
📅 তাৰিখ: ২ জানুৱাৰী পৰা ২২ জানুৱাৰী, ২০২৬
⏰ সময়: দিনৰ ১:৩০ বজাৰ পৰা ৪:৩০ বজালৈ
এই প্ৰস্তুতি শিবিৰে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাত সফলতা অৰ্জন কৰাত সহায় কৰিব বুলি আমি আশাবাদী।
সকলো আগ্ৰহী ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ।
যোগাযোগ নম্বৰ : 9435690939,
7002864537,
7002910453,
7002281565

20/11/2025
আজি পুৱতি নিশা  খুমটাই যুৱ বিকাশ মঞ্চৰ সভাপতি তথা মৰাণ বৃহত্তৰ মৰাণ অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত পংকজ গগৈ ডাঙৰীয়া...
19/11/2025

আজি পুৱতি নিশা খুমটাই যুৱ বিকাশ মঞ্চৰ সভাপতি তথা মৰাণ বৃহত্তৰ মৰাণ অঞ্চলৰ বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত
পংকজ গগৈ ডাঙৰীয়াআমাৰ মাজৰ পৰা চিৰদিনলৈ গ'লগৈ।
তেখেতৰ আত্মাৰ প্ৰতি পৰমপিতাৰ দৃষ্টি হওঁক।
ওঁম শান্তি।।
ওঁম শান্তি।।
ওঁম শান্তি।।।

আমাৰ হিয়াৰ আমঠু জুবিন দাক বিদায় দিব নোৱাৰোঁ…অসমীয়া জাতিৰ গৌৰৱ, হাৰ্টথ্ৰৱ জুবিন দা কেৱল এজন গায়ক নহয়, তেওঁ আছিল আমাৰ...
22/09/2025

আমাৰ হিয়াৰ আমঠু জুবিন দাক বিদায় দিব নোৱাৰোঁ…
অসমীয়া জাতিৰ গৌৰৱ, হাৰ্টথ্ৰৱ জুবিন দা কেৱল এজন গায়ক নহয়, তেওঁ আছিল আমাৰ হৃদয়ৰ স্পন্দন, আমাৰ স্বপ্নৰ সুৰ।

তেওঁৰ গানত হাহি, অশ্ৰু, ভালপোৱা আৰু জীৱনৰ প্ৰতিটো ৰং জীয়াই থাকে।
আজি দেহেৰে আমাৰ মাজত নাথাকিলেও, জুবিন দা আমাৰ হিয়াত আজীৱন জীয়াই থাকিব।

🌸 তোমাক আমি কেতিয়াও পাহৰিম নোৱাৰোঁ, জুবিন দা।

৩৯ নং তৈলখাদৰ ৰাইজে কালি অনুষ্ঠিত কৰা জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ব্যৱহাৰ হোৱা জুবিন দাৰ আলোকচিত্ৰ খুমটাই তিনিআলি য...
22/09/2025

৩৯ নং তৈলখাদৰ ৰাইজে কালি অনুষ্ঠিত কৰা জুবিন দাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ব্যৱহাৰ হোৱা জুবিন দাৰ আলোকচিত্ৰ খুমটাই তিনিআলি যুৱ বিকাশ মঞ্চক সজতনে ৰখাৰ অনুৰোধত প্ৰদান কৰাৰ স্থিৰচিত্ৰ। তেওঁলোকৰ প্ৰশংসনীয় পদক্ষেপক যুৱ বিকাশ মঞ্চই উষ্ম আদৰণি জনাইছেঁ।
সভাপতি/সম্পাদক
যুৱ বিকাশ মঞ্চ

📚 শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা 📚আজি শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত মহান শিক্ষাবিদ, দাৰ্শনিক তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° ...
05/09/2025

📚 শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা 📚

আজি শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত মহান শিক্ষাবিদ, দাৰ্শনিক তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণ দেৱক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ।

👨‍🏫👩‍🏫 সমাজৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ
আন্তৰিক সন্মান আৰু গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। 🙏

Address

Khumtai Tiniali
Moranhat
785670

Website

Alerts

Be the first to know and let us send you an email when Yuva Bikash Manch posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share