01/08/2026
শ্ৰদ্ধাঞ্জলি by Secretary, Shri Pradip Sensharma on his death Anniversary:
আজি প্ৰয়াত জননেতা, বিশিষ্ট সমাজসেৱক,তথা অসমৰ ৰাজনৈতিক অঙ্কনৰ এজন সন্মানীয় ব্যাক্তিত্ব শৰৎ শইকীয়া দেৱৰ আজি ১আগষ্ট অষ্টম বাৰ্ষিক মৃত্যু দিৱস। এই উপলক্ষে শৰৎ শইকীয়া মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত তেখেতৰ সমাধিস্থলীত স্মৃতি তৰ্পণ দিৱস পালন কৰি এগছি বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণৰ জৰিয়তে গভীৰ শ্ৰদ্ধাৰে তেখতক সোঁৱৰিছো।
শৰৎ শইকীয়াদেৱ আছিল হাঁহিমুখীয়া অমায়িক সৰল আৰু বিশাল অন্তৰৰ মানৱীয় গুণসম্পন্ন উজ্জ্বল এক অসাধাৰণ ব্যক্তিত্ব। ৰাজনীতি সমাজনীতি আৰু জনকল্যাণমূলক প্ৰতিটো ক্ষেত্ৰতে তেখেত নিজৰ কৰ্মদক্ষতা,সততা আৰু নিষ্ঠাৰ জৰিয়তে এক অন্যান্য দৃষ্টান্ত স্থাপন কৰি গৈছে। অসমৰ সকলো স্তৰৰ মানুহৰ মাজত তেখেত সমানভাৱে জনপ্ৰিয় আৰু সুপৰিচিত আছিল।
তেখেতৰ আটাইতকৈ ডাঙৰ গুণ হ'ল অহংকাৰহীন সৰু, ডাঙৰ সকলোকে সুন্দৰ ব্যৱহাৰে মন মোহিত কৰিছিল। সকলো জাতি জনগোষ্ঠী ভাষা ভাষী লোকৰ সৈতে তেখেতৰ আন্তৰিক সম্পৰ্ক সমষ্টিবাসী হৃদয়ৰ স্পন্দনত পৰিণত কৰিছিল। তেখেতে মাহমৰা বিধানসভা সমষ্টিৰ পৰা একেৰাহে ২০০১_২০১৫ চনলৈকে নিৰ্বাচনত তিনিটা কাৰ্যকাল বিধায়ক হিচাপে জনগণক সেৱা আগবঢ়াইছিল। লগতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত সংসদীয় সচিব হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব অতিশয় নিষ্ঠা, দক্ষতা, আৰু সততাৰে পালন কৰিছিল। তেখেতৰ কৰ্মদক্ষতা সুদৃঢ় প্ৰসাৰী চিন্তাধাৰা আৰু জনমুখী দৃষ্টিভংগীৰ বাবে কেৱল অসমতে নহয় দিল্লীৰ ৰাজনৈতিক মহলতো তেখেতে এক বিশেষ সন্মান আৰু সুনাম অৰ্জন কৰিছিল।
মোৰ ব্যক্তিগত জীৱনতো শৰৎ শইকীয়া দেৱৰ সৈতে এক আন্তৰিক আৰু হৃদয়তাপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠিছিল,১৯৯১চনৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতে মোৰ সৈতে অটুট যোগাযোগ আৰু আত্মীয়তা বজাই বহূ ঠাইত ভ্ৰমণ কৰাৰ সুযোগ লাভ হৈছিল। সেই ভ্ৰমণ সমুহত তেখেতৰ সৰলতা, মানুহৰ প্ৰতি অকৃত্ৰিম মৰম দায়বদ্ধতা আৰু জনসেৱাৰ মানসিকতা ওচৰৰ পৰা চোৱাৰ সুযোগ লাভ কৰিছিলোঁ। তেখেতৰ আদৰ্শ, কৰ্মস্পৃহা আৰু মানৱীয় গুণসমূহ আজিও মোৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস।
আজি এই পবিত্ৰ স্মৃতি তৰ্পণৰ ক্ষণত আমি গভীৰ শ্ৰদ্ধাৰে তেখতক সোঁৱৰিছো। তেখেতৰ আদৰ্শ,সততা, কৰ্মনিষ্ঠা আৰু জনসেৱাৰ মানসিকতা নতুন প্ৰজন্মৰ বাবে সদায় পথ প্ৰদৰ্শক হৈ থাকিব। শেষত সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত মোৰ আন্তৰিক প্ৰাৰ্থনা প্ৰয়াত শৰৎ শইকীয়া দেৱৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ আশীৰ্বাদ সদায় আমাৰ সকলোৰে ওপৰত প্ৰদান কৰক।