24/07/2026
উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাত সংঘটিত হোৱা সাম্প্ৰতিক বান পৰিস্থিতিয়ে এক নজিৰবিহীন মানৱীয় আৰু আৰ্থ-সামাজিক সংকটৰ সৃষ্টি কৰিছে। জনসাধাৰণৰ জীৱন-জীৱিকা সম্পূৰ্ণৰূপে বিপৰ্যস্ত হৈ পৰাৰ লগতে বহু লোকে নিজৰ বাসস্থান, কৃষি, পশুধন আৰু জীৱিকাৰ মূল সম্বল হেৰুৱাই অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে। বানৰ প্ৰকোপ হ্ৰাস পালেও ক্ষতিগ্ৰস্ত অঞ্চলসমূহত এতিয়াও খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা আৰু অন্যান্য নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ তীব্ৰ অভাৱ পৰিলক্ষিত হৈছে।
আমি স্পষ্টভাৱে অনুভৱ কৰোঁ যে, বৰ্তমানলৈ আগবঢ়োৱা সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা এই দুৰ্যোগৰ ব্যাপকতাৰ তুলনাত পৰ্যাপ্ত নহয়। সেয়ে অসম চৰকাৰক অতি শীঘ্ৰে বানপীড়িত লোকসকলৰ বাবে পৰ্যাপ্ত খাদ্য, বিশুদ্ধ খোৱাপানী, চিকিৎসা, ক্ষতিপূৰণ, পুনৰ্বাসন আৰু জীৱিকাৰ পুনৰ নিৰ্মাণৰ বাবে বিশেষ পেকেজ ঘোষণা কৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছোঁ। লগতে, কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এই ভয়ংকৰ বান পৰিস্থিতিক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈও দাবী জনাইছোঁ। আনহাতে, অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়েও ইতিমধ্যে উল্লেখ কৰিছে যে কেৱল ডাৱৰ বিস্ফোৰণ এই ভয়ংকৰ বানৰ একমাত্ৰ কাৰণ নহয়। সেয়েহে, এই দুৰ্যোগৰ প্ৰকৃত কাৰণসমূহ উদ্ঘাটন কৰাৰ স্বাৰ্থত জলসম্পদ, ভূতত্ত্ব, জলবায়ু বিজ্ঞান আৰু দুৰ্যোগ ব্যৱস্থাপনা বিশেষজ্ঞক লৈ এখন উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰি সমগ্ৰ ঘটনাৰ বৈজ্ঞানিক, নিৰপেক্ষ আৰু বিস্তৃত তদন্ত অতি শীঘ্ৰে সম্পন্ন কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। তদন্তৰ প্ৰতিবেদন ৰাজহুৱাভাৱে প্ৰকাশ কৰাৰ লগতে, যদি কোনো মানৱসৃষ্ট কাৰণ, পৰিকল্পনাগত ত্ৰুটি তথা প্ৰশাসনিক গাফিলতিয়ে এই দুৰ্যোগক অধিক ভয়াৱহ কৰি তুলিছে, তেন্তে ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
আমি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, মৰাণ আঞ্চলিক সমিতিয়ে যোৱা ২৩ জুলাই তাৰিখে এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিত সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ অনুভূতিৰে সংগঠনৰ শুভাকাংক্ষী ৰাইজৰ সহযোগত চৰাইদেউ জিলাৰ লাকুৱা, লাখমণিঘাট, চলাপথাৰ, দিচাংপানী আৰু বৰচহকী অঞ্চলৰ বানপীড়িত লোকসকলৰ মাজত সাধ্যানুসৰি কিছু অত্যাৱশ্যকীয় সামগ্ৰী আৰু এসাঁজ আহাৰ বিতৰণ কৰোঁ তথা অনাগত দিনকেইটাত সাধ্যানুসৰি এলানি সাহায্য প্ৰদানৰ কাৰ্যসূচী হাতত লোৱাৰ সিদ্ধান্ত লোৱা হয়।
অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমাৰ এয়াই দাবী যে, এই দুৰ্যোগক কেন্দ্ৰ কৰি উত্থাপিত বিষয়সমূহক চৰকাৰে সৰ্বাধিক গুৰুত্বসহকাৰে বিবেচনা কৰি তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, কেৱল তাৎক্ষণিক সাহায্যৰ পৰিসীমাত সীমাবদ্ধ কৰি চোৱাৰ পৰিৱৰ্তে ইয়াৰ সামগ্ৰিক কাৰণ, প্ৰশাসনিক দায়বদ্ধতা আৰু দীৰ্ঘম্যাদী সমাধানৰ দিশসমূহক সমানে গুৰুত্ব দিব লাগিব। সেয়ে, বানপীড়িত লোকসকলৰ ন্যায্য অধিকাৰ নিশ্চিত কৰাৰ লগতে আমি উত্থাপন কৰা দাবীসমূহ বাস্তৱায়নৰ ক্ষেত্ৰত অসম চৰকাৰে অতি শীঘ্ৰে সুস্পষ্ট পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। প্ৰয়োজন হ'লে জনস্বাৰ্থত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, মৰাণ আঞ্চলিক সমিতিয়ে এই সমগ্ৰ পৰিস্থিতিটোক লৈ আগন্তুক দিনত গণতান্ত্ৰিকভাৱে অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিম। একে সময়তে, সমাজৰ প্ৰতিজন সচেতন নাগৰিকক মানৱীয় দায়বদ্ধতাৰ পৰিচয় দি এই সংকটৰ সময়ত বানপীড়িত লোকসকলৰ কাষত থিয় দিবলৈ আহ্বান জনালোঁ ।