26/09/2026
আজি শ্ৰী ৰিণজয় বড়ো ডাঙৰীয়াই তেওঁৰ সহযোগীসকলৰ সৈতে ওদালগুৰি জিলা দলীয় কাৰ্যালয়ত উপস্থিত হৈ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া আগন্তুক যুৱ মহোৎসৱৰ প্ৰস্তুতি আৰু আদৰণি সমিতি গঠনৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।
উক্ত সভাত সন্মানীয় বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য শ্ৰী ৰিহন দৈমাৰী ডাঙৰীয়া, অসমৰ কেবিনেট মন্ত্ৰী শ্ৰী চৰণ বড়ো ডাঙৰীয়া, বিটিচিৰ কাৰ্যবাহী সদস্য (EM) শ্ৰী ফ্ৰেছ মুছাহাৰী ডাঙৰীয়া, ৩৯ নং পাচনৈ ছেৰফাং সমষ্টিৰ এমচিএলএ শ্ৰী শ্যাম চুণ্ডী ডাঙৰীয়াৰ লগতে দলৰ কেইবাগৰাকীও বিশিষ্ট নেতা-কৰ্মী উপস্থিত থাকে।
যুৱ প্ৰজন্মৰ প্ৰতিভা, সৃষ্টিশীলতা আৰু সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰাৰ লক্ষ্যৰে আয়োজিত এই যুৱ মহোৎসৱক সফল আৰু স্মৰণীয় কৰি তোলাৰ বাবে সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।
যুৱ শক্তিৰ ঐক্য, প্ৰতিভাৰ বিকাশ আৰু এক সফল যুৱ মহোৎসৱৰ দিশে আমাৰ এই যাত্ৰা।